ETV Bharat / state

বৰপেটাবাসীক বাংলাদেশী বোলা অভিনেত্ৰীৰ পুনৰ আগমন

author img

By

Published : Feb 20, 2021, 9:16 AM IST

অহা ফেব্ৰুৱাৰীৰ ২১ত হ’বলগীয়া অপু বিশ্বাসৰ অনুষ্ঠানক লৈ আমছুৰ নৱ নিৰ্বাচিত সহকাৰী সম্পাদক লুতফৰ ৰহমানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

বৰপেটাবাসীক বাংলাদেশী কোৱা অভিনেত্ৰীৰ পুনৰ আগমন
বৰপেটাবাসীক বাংলাদেশী কোৱা অভিনেত্ৰীৰ পুনৰ আগমন

জনীয়া,20 ফেব্ৰুৱাৰী: বাংলাদেশৰ ছবি জগতৰ আগশাৰীৰ অভিনেত্ৰী অপু বিশ্বাসে ২০১৯ বৰ্ষৰ ২০ অক্টোবৰত বৰপেটাৰ হালবাৰীৰ চাউলিয়াবাৰীত আয়োজিত এক অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিবলৈ আহি আপোনালোক সকলো বাংলাদেশৰ বাঙালী বুলি এক বিস্ফোৰক মন্তব্য কৰিছিল ৷ তাৰ পিছতেই বৰপেটাবাসীক বাংলাদেশী বুলি কোৱাত জাঙুৰ খাই উঠিছিল বৰপেটা জিলাৰ বিভিন্ন দল-সংগঠনৰ লগতে আমছু । ভৱিষ্যতে বৰপেটা জিলাত বাংলাদেশী শিল্পী আনি অনুষ্ঠান নকৰিবলৈ সকীয়নীও দিছিল আমছুৱে।

ইয়াৰ মাজতে পুনৰ একাংশ লোকে অহা ২১ ফেব্ৰুৱাৰীত বৰপেটা জিলাৰ সৰভোগৰ জামাদাৰবৰীলৈ নিমন্ত্ৰণ জনাইছে অভিনেত্ৰী গৰাকীক ৷ ইফালে অহা ২১ ফেব্ৰুৱাৰীত হ’বলগীয়া অপু বিশ্বাসৰ অনুষ্ঠানক লৈ আমছুৰ নৱ নিৰ্বাচিত সহকাৰী সম্পাদক লুতফৰ ৰহমানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

লগতে পঢ়কঃ আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.