ETV Bharat / state

এদিনৰ পিচতেই চপৰা চপৰকৈ উঠি আহিল পকী পথ, ৰাইজৰ তীব্ৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:25 AM IST

Updated : Dec 19, 2023, 1:43 PM IST

ঠিকাদাৰ শ্বেহনাজ আমিনৰ পথ মেৰামতিৰ কামত দুৰ্নীতিৰ অভিযোগ ৷ পথটো মেৰামতি কৰাৰ এদিনৰ পিচতেই এতিয়া চপৰা চপৰে উঠি গৈছে পথ (Corruption in Road Construction) ।

Anomalies in Road Construction
এদিনৰ পিচতেই চপৰা চপৰকৈ উঠি আহিল পকী পথ

এদিনৰ পিচতেই চপৰা চপৰকৈ উঠি আহিল পকী পথ

জনীয়া, 19 ডিচেম্বৰ : বৰপেটা জিলাৰ জমেৰকুৰ গাঁৱত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ পথ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতিৰ ঘটনা পোহৰলৈ আহিছে । চপৰা চপৰে উঠি গৈছে পকী পথ। অতি নিম্নমাণৰ কামৰ বাবে কাম চোৱাচিতা কৰা বিভাগীয় লোকক জবাব দিহি কৰে ৰাইজে। ফলত পুনৰ পথটো নিৰ্মাণৰ দাবী উত্থাপন কৰে ৰাইজে ।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ এম আৰ এল 17 চাকলাৰ পৰা ধৰ্মপুৰ হৈ ৰহা লৈ যোৱা 6.14 কিঃমিঃ পথটো মেৰামতি কৰা হৈছিল । পথটো মেৰামতি কৰাৰ এদিনৰ পিচতেই এতিয়া এনেদৰে চপৰা চপৰে উঠি গৈছে পথটো । পথটো মেৰামতিৰ বাবে চৰকাৰে 1 কোটি 50 লাখ 60 হাজাৰ টকা আৱণ্টন দিছিল শ্বেহনাজ আমিন নামৰ ঠিকাদাৰজনক ।

কিন্তু ঠিকাদাৰগৰাকীয়ে ধন আত্মসাৎ কৰি পকী পথটো নিৰ্মাণ কৰাত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । পথছোৱা বিভাগীয় নিয়ম অনুসৰি নিৰ্মাণ কৰিবলৈ ৰাইজে বহুবাৰ আবেদন নিবেদন কৰাৰ পিচতো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে ৷

উল্লেখ্য যে, যোৱা 24 জানুৱাৰীত এম আৰ এল আঁচনিৰ অধীনত পেকেজ নম্বৰ এ এছ 01-476 পথটোৰ কামৰ আধাৰশিলা স্থাপন কৰিছিল বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে । তাৰ পিচতে নিয়ম বহিৰ্ভূতভাৱে পথটো মেৰামতিৰ কাম কৰি টকা আত্মসাৎ কৰাৰ ফন্দী কৰাত ঠিকাদাৰ আৰু কামৰ চোৱাচিতা কৰা কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ৰাইজে। কিয়নো বালি আৰু মাটিৰ ওপৰেদি নামমাত্ৰ প্ৰলেপ দি পথছোৱা নিৰ্মাণৰ কামত কাম পাল মাৰিছে বুলি ৰাইজে জবাবদিহি কৰে ঠিকাদাৰ আৰু কৰ্মচাৰীক ।

সেয়ে বিভাগীয় উৰ্ধতম কতৃপক্ষক এনে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক বদলিকৰণৰ কৰাৰ লগতে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: বিজেপিৰ দুৱাৰত টোকৰ অসমৰ দুগৰাকী বিশেষ নেতাৰ

Last Updated :Dec 19, 2023, 1:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.