ETV Bharat / state

পঞ্চায়তে সলাই দিলে স্বামীৰ নাম; আজুফা বেগমৰ স্বামী হ’লগৈ নাম নুশুনা মোহিত গগৈ

author img

By

Published : Nov 28, 2022, 2:14 PM IST

এটা আজৱ পঞ্চায়ত ৷ পঞ্চায়তটোৰ অধীনস্থ 100 শতাংশ হিতাধিকাৰীয়েই মুছলমান ৷ কিন্তু সেইসকল হিতাধিকাৰীৰ কাৰোবাৰ পিতৃ আৰু কাৰোবাৰ স্বামীৰ উপাধি আকৌ গগৈ ৷ PMAY ঘৰৰ তালিকাত ধৰা পৰিল এই কথা (allegation of scam in PMAY scheme) ৷ সভাপতিৰ মতে, দাবী কৰা ধন নিদিয়াৰ বাবে একাংশই তেওঁক ফচাব খুজিছে ৷

allegation of scam in PMAY scheme
allegation of scam in PMAY scheme

বৰপেটা, 28 নৱেম্বৰ: বৰপেটা উন্নয়ন খণ্ডৰ বাগোদী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ (PMAY scheme) হিতাধিকাৰীৰ নামত খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে (allegation of scam in PMAY scheme) ৷ 100 শতাংশই মুছলমান অধ্যুষিত পঞ্চায়তখনৰ একাংশ হিতাধিকাৰীৰ স্বামী অথবা পিতৃৰ প্ৰকৃত নামৰ বিপৰীতে অন্তৰ্ভুক্ত হৈছে হিন্দু লোকৰ নাম ৷ পঞ্চায়তখনৰ আছিয়া বেগম নামৰ হিতাধিকাৰী গৰাকীৰ পিতৃৰ নাম হৈছেগৈ ৰাজমিত্ৰ গগৈ ৷

একেদৰে জাহুৰা শিকদাৰ, ময়নাল হক, মাজেদা বেগমম, আজুফা বেগম আদি কেইবাগৰাকীও হিতাধিকাৰীৰ পিতৃ আৰু স্বামীৰ নাম হিচাপে উল্লেখ হৈছে মোহিত গগৈৰ নাম ৷ ইপিনে ছালেহা বেগম, জমিৰণ নেছা, হনুফা বেগম, লিয়াকত দেৱানৰো পিতৃৰ নামৰ বিপৰীতে আহিছে ৰাজমিত্ৰ গগৈৰ নাম ৷

হিতাধিকাৰীৰ নামত খেলিমেলিৰ অভিযোগ

গাঁও পঞ্চায়তে ইতিমধ্যে এইসকল হিতাধিকাৰীক ঘৰ প্ৰদানৰ পিচতে একাংশই বৰপেটা সদৰ থানাত ৰুজু কৰিছে গোচৰ (scam in PMAY scheme) ৷ তেওঁলোকৰ অভিযোগ মতে, গগৈ নামৰ কোনো লোকেই নাই পঞ্চায়তখনত ৷

ইপিনে বাগোদী গাঁও পঞ্চায়তৰ সভাপতিগৰাকীয়ে পিয়লৰ সময়ত কেইবাজনো হিতাধিকাৰীৰ পিতৃ বা স্বামীৰ নাম ভুলকৈ উল্লেখ হোৱাৰ কথা স্বীকাৰ কৰে (False name in beneficiary list) ৷ অৱশ্যে PMAY ৰ ঘৰ প্ৰদানক লৈ কোনো অনিয়ম হোৱা নাই বুলি প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ৷ আনকি একাংশ লোকে দাবী কৰা ধন আদায় নিদিয়াৰ বাবেই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলিহে ওলোটাই অভিযোগ তুলিছে পঞ্চায়ত সভাপতিগৰাকীয়ে ৷

গাঁও পঞ্চায়তখনত PMAY আঁচনিৰ হিতাধিকাৰীৰ নামৰ ক্ষেত্ৰত হোৱা খেলিমেলিক লৈ বৰপেটা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ তদন্তত সকলো স্পষ্ট হ’ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: Dilapidated Bamboo Bridge: স্বাধীনতাৰ ৭৫ বছৰ পাছতো পোকালাগী নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.