ETV Bharat / state

বৰপেটাৰোডত সংঘটিত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু

author img

By

Published : Jun 6, 2020, 4:50 AM IST

বেটেৰি ৰিক্সাৰ লগত হোৱা সংঘৰ্ষৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ মূৰত প্ৰচণ্ড আঘাত প্ৰাপ্ত যুৱকজনক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷

বৰপেটাৰোডত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু
বৰপেটাৰোডত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু

বৰপেটাৰোড 6 জুনঃ বৰপেটাৰোডৰ গোৱৰ্ধনাৰ জাখলিবিল পাথাৰত শুকুৰবাৰে নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাত মৃত্যু হয় এজন যুৱকৰ ৷ যুৱকজনৰ নাম মাইন উদ্দিন(19) বুলি জানিব পৰা গৈছে ৷

বৰপেটাৰোডত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু

উত্তৰ আঠিয়াবাৰীৰ আজাদ নগৰৰ যুৱকজনে নিজৰ স্কুটি খনেৰে জাখলিবিল পাথাৰলৈ গৈ থাকোতে শুক্ৰবাৰে সন্ধিয়া জাখলিবিল পাথাৰত বেটেৰি ৰিক্সাত খুন্দা মাৰে ৷ দুৰ্ঘটনাটোত মূৰত প্ৰচণ্ড আঘাত পোৱা যুৱকজনক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷ শিমলাগুৰী আৰক্ষীয়ে যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, তীব্ৰ বেগৰে স্কুটী চলোৱাৰ বাবেই এই দুৰ্ঘটনা হ’বলৈ পালে বুলি প্ৰকাশ কৰে পত্যক্ষদৰ্শীয়ে ৷

লগতে পঢ়কঃ কেনে অৱস্থাত আছে মহানগৰীৰ নৈ সমূহ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.