ETV Bharat / state

বৰপেটাত দুৰ্ঘটনাগ্ৰস্ত বাহন : আহত 15 জন লোক

author img

By

Published : Oct 1, 2019, 1:01 PM IST

বৰপেটাৰ নগাঁৱত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা ৷ এখন যাত্ৰীবাহী মেক্সিম' গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ ফলত 15 জনকৈ লোক আহত হৈছে ৷

বৰপেটাত দুৰ্ঘটনাগ্ৰস্ত বাহন

বৰপেটা, 1 অক্টোবৰ : বৰপেটাৰ নগাঁৱত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা ৷ নগাঁৱৰ ৰায়তপাৰাত এটা কেঁকুৰি পাৰ হ'বলৈ লওতেই এখন যাত্ৰীবাহী মেক্সিম' গাড়ী দুৰ্ঘটনাত পতিত হয় ৷ কামৰূপ জিলাৰ ক্ষেত্ৰীৰ পৰা কলগাছিয়ালৈ 15 জন লোকে ভাড়া কৰি লৈ যোৱা গাড়ীখন দুৰ্ঘটনাত পতিত হোৱাত আটাইকেইজন আৰোহী আহত হৈছে ৷ ইপিনে আহতসকলৰ ভিতৰত এটি শিশুকে ধৰি তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ সংকটজনক অৱস্থাত যুধিষ্ঠিৰ (34), মতিলাল দাস (45) ৰ লগতে দহ বছৰীয়া শিশুটিক GMCH লৈ প্ৰেৰণ কৰা হৈছে ৷

বৰপেটাত দুৰ্ঘটনাগ্ৰস্ত বাহন

দুৰ্ঘটনাটোত আহতসকলৰ ভিতৰত আছে 5 টাকৈ শিশু আৰু কিশোৰ-কিশোৰী ৷ আহতসকলক বৰপেটা মেডিকেল কলেজ হাস্পিতালত ভৰ্তি কৰোৱা হৈছে ৷ আহতসকল হৈছে আশা মণ্ডল (22), বাসন্তী ৰয় (60), ভৱানী মণ্ডল (13), দিলীপ দাস (26), কৃষ্ণ মণ্ডল (24), সংগীতা মণ্ডল (11), সবিতা মণ্ডল (26), ৰেখা মণ্ডল (50), হালানি মল্লিক (60), ৰতন মণ্ডল (35), সুজিৎ মণ্ডল (14) আৰু ভৱানী মণ্ডল (13) ৷ উল্লেখ্য যে, এই লোকসকলে ক্ষেত্ৰীৰ পৰা বৰপেটাৰ কলগাছিয়ালৈ কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে গৈছিল ৷ দুৰ্ঘটনাত পতিত মেক্সিম' খনৰ নম্বৰ AS 25 DC 4860 ৷

Intro:
বৰপেটা, ১ অক্টোবৰঃ বৰপেটাৰ নগাওত ভয়াৱহ পথ দূৰ্ঘটনা ৷ নগাওৰ ৰায়তপাৰাত পথৰ এটা কেঁকুৰি পাৰ হবলৈ ধৰোতেই দূৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী মেক্মিম'গাড়ী ৷ এখন ট্ৰাকত পিছফালৰ পৰা খুন্দা মৰাৰ ফলতে যাত্ৰীবাহী মেক্মিম'গাড়ীখনত থকা ১৫জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ Body:কামৰূপ জিলাৰ ক্ষেত্ৰীৰ পৰা কলগাছিয়ালৈ মেস্কিম' গাড়ীখন ভাড়া কৰি আহিছিল ১৫ জন লোক ৷ ইপিনে আহতসকলৰ ভিতৰত এটি শিশুকে ধৰি তিনিজনৰ অৱস্থা সংকটজনক ৷ সংকটজনক অৱস্থাত যুধিষ্ঠিৰ (৩৮), মতিলাল দাস(৪৫)ক GMCHলৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে এজনী দহ বছৰীয়া শিশুকো সংকটজনক অৱস্থাত প্ৰেৰন কৰা হৈছে GMCHলৈ ৷ দূৰ্ঘটনাটোত গুৰুতৰভাৱে আহত সকলৰ ভিতৰত আছে ৫ টা শিশু আৰু কিশোৰ কিশোৰী ৷ আহত সকলক বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰা হৈছে ৷ গুৰুতৰভাৱে আহতসকলৰ ভিতৰত আছে আশা মণ্ডল (২২), বাসন্তী ৰয় (৬০), ভৱানী মণ্ডল (১৩), দিলীপ দাস (২৬), কৃষ্ণ মণ্ডল (২৪), সংগীতা মণ্ডল (১১), সবিতা মণ্ডল (২৬), ৰেখা মণ্ডল (৫০), হালানি মল্লিক (৬০), ৰতন মণ্ডল (৩৫), সুজিৎ মণ্ডল (১৪) আৰু ভৱানী মণ্ডল (১৩) ৷ লোক কেইজনে ক্ষেত্ৰীৰ পৰা বৰপেটাৰ কলগাছিয়ালৈ কোনো ধৰ্মীয় অনুষ্ঠানত অংশ লবলৈ অাহি থকা অৱস্থাতে দূৰ্ঘটনাত পতিত হয় ৷ দূৰ্ঘটনাত পতিত মেক্মিম'খনৰ নম্বৰ AS 25 DC 4860.

Conclusion:বাইটঃ দূৰ্ঘটনটোত আহত যাত্ৰী ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.