ETV Bharat / state

বিৰোধীৰে মিত্ৰতাত থকা আপক অসমত লাগে পাঁচখন লোকসভা আসন

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 5:53 PM IST

Lokabha Election 2024: বৰপেটাত আম আদমি পাৰ্টীৰ সংবাদমেল । সাংগঠনিক ভেটি সবল কৰি তোলাৰ বাবে গ্ৰহণ কৰা তৎপৰতা সন্দৰ্ভত তথ্য প্ৰকাশ সংবাদমেলত । ‘‘গাঁৱে গাঁৱে যাত্ৰা’’ শীৰ্ষক কাৰ্যসূচী ঘোষণা কৰি সংবাদমেলত আপৰ ৰাজ্যিক উপসভাপতি জিতুল ডেকাই লোকসভা নিৰ্বাচনত ৰাজ্যৰ ৫ সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে ।

AAP to strengthen the organizational base
লোকসভা AAP য়ে আৰম্ভ কৰিব গাঁৱে গাঁৱে যাত্ৰা

লোকসভা AAP য়ে আৰম্ভ কৰিব গাঁৱে গাঁৱে যাত্ৰা

বৰপেটা, ২৩ ডিচেম্বৰ: লোকসভা নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল । আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰৰ প্ৰাৰম্ভিক কাম-কাজ । ভোটাৰৰ মন জয় কৰাৰ উদ্দেশ্যৰে হাতত লৈছে বিভিন্ন কাৰ্যসূচী । অন্যান্য ৰাজনৈতিক দলসমূহৰ দৰে আম আদমি পাৰ্টীয়েও সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে । লোকসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টীয়ে ৰাজ্যত সাংগঠনিক ভেটি সবল কৰি তোলাৰ বাবে আৰম্ভ কৰিছে তৎপৰতা ৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে গাঁৱৰ সৰ্বসাধাৰণ ৰাইজক সংগঠিত কৰাৰ বাবে আপে আৰম্ভ কৰিব 'গাঁৱে গাঁৱে যাত্ৰা' শীৰ্ষক কাৰ্যসূচী ৷ শনিবাৰে বৰপেটা প্ৰেছক্লাৱত এখন সংবাদমেল সম্বোধন কৰি আপৰ ৰাজ্যিক উপসভাপতি জিতুল ডেকাই দলৰ এই কাৰ্যসূচীৰ কথা ঘোষণা কৰে ৷ ইপিনে আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ ৫ সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলিও দাবী আম আদমি পাৰ্টীৰ নেতাগৰাকীৰ ৷

বিশেষকৈ আপে বৰপেটা, ধুবুৰী, গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়কে ধৰি ৫ সমষ্টিত আগবঢ়াব প্ৰতিদ্বন্দিতাবলৈ ইচ্ছা কৰিছে ৷ ইতিমধ্যে ৫ সমষ্টিৰ বাবে দিল্লীলৈ প্ৰাৰ্থীৰ তালিকাও প্ৰেৰণ কৰিছে ৰাজ্যৰ আম আদমি পাৰ্টীয়ে ৷ সেইমৰ্মে, ডিব্ৰুগড়ত মনোজ ধানোৱাৰ, বৰপেটাত অৰূপ কুমাৰ বায়ন আৰু ধুবুৰী সমষ্টিত জছিম খানে সমষ্টিকেইটাত শক্তিশালীভাৱে সাংগঠনিক ভেটি গঢ়ি তোলাৰো দাবী দলটোৰ ৷

দলটোৰ সাংগঠনিক সম্পাদক ব্ৰজেন সন্দিকৈ আৰু বৰপেটা জিলা সমিতিৰ সভাপতি হাদিউল ইছলামৰ উপস্থিতিত আপ নেতা জিতুল ডেকাই লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচনতো প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে ৷ ইপিনে শনিবাৰে কেন্দ্ৰীয় সমিতিৰ নেতৃত্বৰ উপস্থিতিত আম আদমি পাৰ্টীৰ বৰপেটা জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভাও অনুষ্ঠিত কৰা হয় ৷

লগতে পঢ়ক: বাল্যবিবাহ, বহুবিবাহৰ পৰা আৰম্ভ কৰি বিশ্ব ৰেকৰ্ডলৈকে; ২০২৩ বৰ্ষত চৰ্চাৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.