ETV Bharat / state

অজিত কুমাৰ ভূঞাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

author img

By

Published : Oct 19, 2020, 4:53 PM IST

AAGMDJP against MP Ajit kumar bhuyan's byte
বাংলাদেশী মূলৰ বোকোচাত উঠি সাংসদ হৈছে অজিত কুমাৰ ভূঞা

সাংসদগৰাকীৰ মন্তব্যক ধিক্কাৰ দি বাংলাদেশী মূলৰ বোকোচাত উঠি সাংসদ হোৱা অজিত কুমাৰ ভূঞাক অসমৰ ৰাইজে বুজি পোৱাত অসুবিধা হোৱা নাই বুলি উল্লেখ কৰে ৷ তদুপৰি অজিত কুমাৰ ভূঞাই নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবেহে CAA আন্দোলনৰ নেতৃত্ব দিছিল বুলি অভিযোগ কৰে সাধাৰণ সম্পাদক হাছিফুল ইছলামে ৷

বৰপেটা ৰোড, 19অক্টোবৰঃ শিৱসাগৰৰ এখন সভাত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই AIUDF প্ৰধান বদৰুদ্দিন আজমলক বৰেণ্য সাহিত্যিক তথা প্ৰাক্তন সভাপতিদ্বয় চৈয়দ আব্দুল মালিক আৰু ইমৰান শ্বাহৰ সৈতে তুলনা কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সোমবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক হাছিফুল ইছলামে ৷

সম্পাদকগৰাকীয়ে সাংসদগৰাকীৰ মন্তব্যক ধিক্কাৰ দি বাংলাদেশী মূলৰ বোকোচাত উঠি সাংসদ হোৱা অজিত কুমাৰ ভূঞাক অসমৰ ৰাইজে বুজি পোৱাত অসুবিধা হোৱা নাই বুলি উল্লেখ কৰে ৷ তদুপৰি অজিত কুমাৰ ভূঞাই নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবেহে CAA আন্দোলনৰ নেতৃত্ব দিছিল বুলি অভিযোগ কৰে সাধাৰণ সম্পাদক হাছিফুল ইছলামে ৷

বাংলাদেশী মূলৰ বোকোচাত উঠি সাংসদ হৈছে অজিত কুমাৰ ভূঞা

ইপিনে,বৰেণ্য সাহিত্যিক তথা প্ৰাক্তন সভাপতিদ্বয় চৈয়দ আব্দুল মালিক আৰু ইমৰান শ্বাহে নিজকে মুছলমান বুলি পৰিচয় দিয়াৰ পৰিৱৰ্তে নিজকে অসমীয়া বুলিহে পৰিচয় দিছিল বুলি কয় সাধাৰণ সম্পাদকগৰাকীয়ে ৷ আনহাতে, বিভিন্ন দেশৰ মুছলমান সকলৰ লগত গৰিয়া মৰিয়া দেশী সকলকো একে মুছলমান বুলি কৰা মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰি 24 ঘণ্টাৰ ভিতৰত এই মন্তব্য উঠাই নল'লে সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱাৰো হুংকাৰ দিয়ে সংগঠনটোৱে ৷

লগতে পঢ়কঃ পৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.