ETV Bharat / state

Land dispute: কলগাছিয়াত দুৰ্বৃত্তই কাটি তহিলং কৰিলে গছ; ভূমিৰ গৰাকীক হত্যাৰ ভাবুকি

author img

By

Published : Aug 10, 2023, 8:27 AM IST

কলগাছিয়াৰ বাঘবৰ ৰাজহ চক্ৰৰ ছনপুৰা গাঁৱত ভূমি কেন্দ্ৰীক সংঘাত ৷ দুৰ্বৃত্তই কাটি তহিলং কৰিছে গছ-গছনি ৷ বেদখলকাৰীয়ে হত্যাৰ ভাবুকি দিলে আনোৱাৰ হুছেইনৰ পৰিয়ালক ৷

Kalgachia Police
কলগাছিয়াত গছ কাটি তহিলং 8 দুৰ্বৃত্তৰ

কলগাছিয়াত গছ কাটি তহিলং 8 দুৰ্বৃত্তৰ

জনিয়া, 10 আগষ্ট: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তথা বাঘবৰ ৰাজহ চক্ৰৰ ছনপুৰা গাঁৱত ভূমি কেন্দ্ৰিক সংঘাত । দুৰ্বৃত্তই কাটি তহিলং কৰিলে গছ ৷ উল্লেখ্য যে জনিয়া মৌজাৰ ছনপুৰা গাঁৱৰ ম্যাদী পাট্টা নং ১৫৯ আৰু দাগ নং ৩৯০ ৰ পৰা ১ বিঘা ২ কাঠা ১৪ লেছা মাটি আশান উল্লাহৰ নামত পঞ্জীয়ন হৈ আছিল ৷ কিন্তু বৰ্তমান আশান উল্লাৰ পুত্ৰ আনোৱাৰ হুছেইনে ভোগ দখল কৰি আছে ।

আনহাতে উক্ত ভূমিখিনি কিছু দুৰ্বৃত্তই দখলৰ চেষ্টা কৰি আছে ৷ ৰেজ্জাক আলী, আক্কাছ আলী, হানিফ আলী, কুদ্দুছ আলী, ইয়াকুব আলী, মোনছেৰ আলী, আবুল হুছেইন আৰু আবুল কালামে বেদখল কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷

বুধবাৰে আনোৱাৰ হুছেইনৰ পৰিয়ালৰ ঘৰত মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই দলটোৱে হাতে হাতে দা, কুঠাৰ আদিৰে উক্ত মাটিত থকা গছ গছনি কাটি তহিলং কৰে ৷ তদুপৰি বাঁহৰ বেৰ ভাঙি মাটিখিনি বেদখল কৰে দুৰ্বৃত্তই ৷ ইয়াৰ পূৰ্বেও দুৰ্বৃত্তৰ দলটোৱে আনোৱাৰ হুছেইনৰ পৰিয়ালটোক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে ৷

উল্লেখ্য যে, পূৰ্বেও উক্ত মাটিখিনি বেদখল কৰিছিল 8 জনীয়া দুৰ্বৃত্তৰ দলে ৷ তেতিয়াই ৰাজহুৱা সভাৰ জৰিয়তে মীমাংসা কৰা হৈছিল ৷ কিন্তু ৰাজহুৱা সভাত মীমাংসা কৰাৰ পাচতো দুৰ্বৃত্তৰ দলটোৱে বুধবাৰে পুনৰ বেদখলৰ চেষ্টা কৰে ৷ সেয়ে ভুক্তভোগীয়ে ন্যায় বিচাৰি কলগাছিয়া আৰক্ষী থানাত দুৰ্বৃত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ সমগ্ৰ ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইফালে ভুক্তভোগীয়ে শীঘ্ৰে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে ৷

লগতে পঢ়ক: Jania Road: জল জীৱনে দুৰ্গম কৰিলে জন জীৱন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.