ETV Bharat / state

বৰপেটাত গ্ৰেপ্তাৰ এটা চাইকেল চোৰক

author img

By

Published : Jan 8, 2021, 3:45 PM IST

Updated : Jan 8, 2021, 4:14 PM IST

এখন চুৰি মটৰ চাইকেল সহ শুকুৰবাৰে এটা চোৰক আটক কৰে বৰপেটা আৰক্ষীয়ে ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই সদৰি কৰা মতে বৰপেটাৰ সমীপৰ জাহোৰপামৰ বাঁহমুৰাৰ পৰা কেইদিনমানৰ পূৰ্বে এখন চুপাৰ স্প্লেণ্ডাৰ মটৰ চাইকেল চুৰি হৈছিল ৷ ইয়াৰ পিচতে তদন্ত অব্যাহত ৰাখিছিল বৰপেটা আৰক্ষীয়ে ৷

a byke thief arrested by borpeta police
গোপন সুত্ৰ পম খেদি এটা চাইকেল চোৰক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ

বৰপেটা, ৮ জানুৱাৰী : বৰপেটাত এখন চুৰি মটৰ চাইকেল সহ শুকুৰবাৰে এটা চোৰক আটক কৰে বৰপেটা আৰক্ষীয়ে ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই সদৰি কৰা মতে বৰপেটাৰ সমীপৰ জাহোৰপামৰ বাঁহমুৰাৰ পৰা কেইদিনমানৰ পূৰ্বে এখন চুপাৰ স্প্লেণ্ডাৰ মটৰ চাইকেল চুৰি হৈছিল ৷

গোপন সুত্ৰৰ পম খেদি এটা চাইকেল চোৰক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ

ইয়াৰ পিচতে বৰপেটা আৰক্ষীয়ে মটৰ চাইকেল চুৰি সন্দৰ্ভত তদন্ত অব্যাহত ৰাখে ৷ অৱশেষত শুকুৰবাৰে এক গোপন সুত্ৰৰ পম খেদি বৰপেটা আৰক্ষীয়ে লাল মামুদ আলী নামৰ এটা চোৰক আটক কৰা লগতে উক্ত চুৰি মটৰ চাইকেলখন উদ্ধাৰ কৰে ৷

উল্লেখ্য যে,চোৰটোৱে মটৰ চাইকেলখন বিক্ৰী কৰিবৰ বাবে চেষ্টা চলাই থকা বুলি পোৱা খবৰ ভিত্তিত অভিযান চলাই চোৰটোক আটক কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিছে আৰক্ষীৰ অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়ক: 11 জানুৱাৰীত অসমত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

Last Updated : Jan 8, 2021, 4:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.