ETV Bharat / state

বৰপেটাৰ ৰাজপথত চলিল অপৰাধীৰে ভৰা এখন বাছ

author img

By

Published : Jan 11, 2022, 7:25 PM IST

বৰপেটাৰোডৰ ৰাজপথত যাত্ৰা কৰিছে এখন বাছে ৷ বাছখন পিচে সাধাৰণ বাছ নহয় ৷ বাছখনত ভৰি আছে অপৰাধী ৷ কিন্তু এইদৰে ক’লৈ গৈছে এইসমূহ অপৰাধী, কৰ’বাত কিবা অঘটন ঘটিব নেকি ? সবিশেষ পঢ়ক...

Barpeta Police
আদালতমুখী অপৰাধীৰে ভৰা এখন বাছ

বৰপেটাৰোড, 11 জানুৱাৰী : একেদিনাই একেলগে ২৫ জনকৈ অপৰাধীক বৰপেটা আদালতত হাজিৰ কৰে বৰপেটাৰোড আৰক্ষীয়ে (Barpetaroad police appeares 25 criminals in Court) ৷ এখন বাছ ভাৰা কৰি এইসকল অপৰাধীক মঙলবাৰে লৈ যোৱা হয় বৰপেটা আদালতলৈ ৷ তীৰ লটাৰী, জুৱা, ড্ৰাগছ সৰবৰাহ, চুৰি-ডকাইতি আদিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগত জড়িত অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সহযোগত বৰপেটাৰোড আৰক্ষীয়ে চলোৱা অভিযানত আটক কৰা হৈছিল অপৰাধীকেইজনক ৷

বৰপেটাৰোড আৰক্ষী থানাৰ(Barpeta Road Police Station) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত চলোৱা অভিযানত আটক কৰা অপৰাধী কেইটাক থানাৰ লক আপৰ ভিতৰে-বাহিৰে সামাজিক দূৰত্ব বৰ্তাই আবদ্ধ কৰি ৰখা হৈছিল ৷ চৰকাৰে বৰপেটাৰোড আৰক্ষীক যি দুখন সৰু বাহন যোগান ধৰিছে সেই দুখন বাহনেৰে ২৫ জন অপৰাধীক একেলগে আদালতলৈ প্ৰেৰণ কৰা সম্ভৱ নহয় কাৰণে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাই বাছ ভাড়াত কৰি আদালতলৈ প্ৰেৰণ কৰিবলগীয়া হয় অপৰাধী কেইজনক ৷

বৰপেটাৰ ৰাজপথত চলিল অপৰাধীৰে ভৰা এখন বাছ

বৰপেটাৰোড আৰক্ষী থানাৰ আৰক্ষী বিষয়া বিপুল কলিতাই বৰপেটাৰোড আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত সংঘটিত যিকোনো অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অপৰাধমুক্ত বৰপেটাৰোড হিচাপে গঢ় দিবলৈ চেষ্টা অব্যাহত ৰখা কাৰ্যক বৰপেটাৰোডৰ সচেতন মহলে শলাগ লৈছে ৷

লগতে পঢ়ক: অসম-মণিপুৰ সীমান্তত দুৰ্বৃত্তৰ গুলী চালনা : আহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.