বৰপেটাত অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

author img

By

Published : Oct 14, 2021, 5:24 PM IST

37 th Foundation Day of Assam Gana Parishad

অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে বৰপেটাতো পালন কৰা হয় ৷ এই উপলক্ষে বৰপেটা চহৰৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অগপৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, মুকলি সভা আদি অনুষ্ঠিত হয় ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে বৰপেটাৰ অগপৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস ৷

বৰপেটা, ১৪ অক্টোবৰ : অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে বৰপেটাতো পালন কৰা হয় ৷ এই উপলক্ষে বৰপেটা চহৰৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অগপৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, মুকলি সভা আদি অনুষ্ঠিত হয় ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে বৰপেটাৰ অগপৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস ৷

বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত পালন কৰা হ'ল অগপৰ প্ৰতিষ্ঠা দিৱস

সভাৰ পাচতে প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে কয়, ৰাজ্যত অনুষ্ঠিত হোৱা ৫ টা সমষ্টিৰ ভিতৰত পূৰ্বে অগপৰ দখলত থকা ভৱানীপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ বিপুল ভোটত জয়ী হ'ব ৷ আনকি ভৱানীপুৰত ফণীধৰ তালুকদাৰক সৰ্বাধিক সংখ্যক ভোটত জয়ী কৰাৰ লক্ষ্যৰে বৰপেটা জিলা অগপৰ প্ৰতিখন-আঞ্চলিকৰ নেতা কৰ্মীয়ে সহযোগিতা আগবঢ়াব বুলি কয় প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷

উল্লেখ্য যে, উক্ত কাৰ্যসূচীত গুণীন্দ্ৰ নাথ দাসৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ অগপ কৰ্মী উপস্থিত থাকে ৷ তদুপৰি অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজিত উক্ত কাৰ্যসূচীত শতাধিক অগপ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : ১১১ বছৰীয়া লাহোৱাল পূজা মন্দিৰত পুৱাৰে পৰা আৰম্ভ হৈছে নৱমী পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.