7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Jan 18, 2022, 7:26 PM IST

TOP 10 @ 7 PM

7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

Third Wave of Covid in Assam : ক’ভিডৰ তৃতীয় ঢৌৰ সৰ্বাধিক ভয়াৱহতা ৰাজ্যত

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ তৃতীয় ঢৌৱে ৷ স্বাস্থ্য বিভাগৰ খবৰ অনুসৰি প্ৰথম আৰু দ্বিতীয় ঢৌতকৈ অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ তৃতীয় ঢৌৱে (Third wave of Covid in Assam) ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কি ক’লে ABSU ৰ সভাপতিয়ে ?

ষষ্ঠ অনুসূচীত অন্তৰ্গত জনজাতিসমূহৰ কোনো অসুবিধা নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা দিলে আপত্তি নাই এবছুৰ (ABSU on ST status to six groups) ৷ চৰাইদেউত উপস্থিত হৈ এই মন্তব্য এবছুৰ সভাপতি দ্বীপেন বড়োৰ ৷

Assam Meghalaya border conflict : কইনাধৰাত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক

মেঘালয়ৰ সৈতে থকা ছটা বিবদমান এলেকা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এখন সৰ্বদলীয় বৈঠকত মিলিত হয় (All party meeting on Assam Meghalaya border conflict) । জানিব পৰা মতে, বিবদমান এলেকাৰ বহু ভূমি মেঘালয়ক এৰি দিব সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় । ভূমি এৰি দিয়াক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া । বিধানসভাত আলোচনা কৰাৰ পোষকতা বিৰোধী দলপতিৰ ।

Covid situation in Tinsukia : ক'ভিড পৰিস্থিতিৰ বাবে তিনিচুকীয়াত সকলো অনুষ্ঠান বাতিল

ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে । তিনিচুকীয়া জিলাতো দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা (Covid cases increased in Tinsukia) । যাৰ বাবে জিলাখনৰ সকলো ৰাজহুৱা অনুষ্ঠান বাতিল কৰা হৈছে ।

Illegal sand mining : কলগাছিয়াত বালি খননত ব্যৱহৃত ডাম্পাৰসহ কেইবাখনো বাহন জব্দ

কলগাছিয়াৰ বেকী নৈৰ বুকুত চলিছে বালিৰ অবৈধ খনন (Illegal sand mining in Barpeta) । একাংশ বালি মাফিয়াই ৰাজ্যিক ঘাইপথৰ কাষতে জেচিবি, পকলেনেৰে চলাইছে এই অবৈধ খনন । বালি খননৰ ফলত তীব্ৰ গৰাখহনীয়াৰ আশংকা কৰিছে ৰাইজে । চক্ৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ পকলেন, ট্ৰেক্টৰ আৰু ডাম্পাৰ জব্দ কৰে ।

লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেক উপ সেনাপ্ৰধান হিচাপে নিযুক্তি

কেন্দ্ৰীয় চৰকাৰে ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেক সেনাৰ পৰৱৰ্তী VCAS হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে (Gen Manoj Pandey will be next VCAS)। লেফটেনেণ্ট জেনেৰেল চিপি মোহান্তিৰ পাছতে জেনেৰেল পাণ্ডে হ'ব দেশৰ পৰৱৰ্তী VCAS ।

তেলেংগানাৰ মুলুগুত এনকাউণ্টাৰত ৪ মাওবাদী নিহত

তেলেংগানাৰ বিভিন্ন স্থানত আৰক্ষীৰ মাওবাদী বিৰোধী অভিযান অব্যাহত আছে । তেনে এক অভিযানৰ মাজতে আৰক্ষীৰ হাতত নিহত ৪ মাওবাদী (Four Maoists killed in encounter at Mulugu)। তিনিগৰাকী আৰক্ষী কনিষ্টবল আহত ।

চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা পাব নেকি ডাঃ ধনীৰাম বৰুৱাই ?

পুনৰ চৰ্চাত খ্যাতিমান চিকিৎসক ডাঃ ধনীৰাম বৰুৱা । মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ হৃদযন্ত্র অস্ত্রোপচাৰৰ সেই সাফল্যক পােনচাটেই নাকচ কৰি ডাঃ ধনীৰাম বৰুৱাই এতিয়া গাহৰিৰ হৃদপিণ্ড মানৱ দেহত সংৰোপন কৰাৰ ব্যৱস্থা তেনেই পুৰণি বুলি দাবী কৰিছে । নিজৰ নতুন আৱিস্কাৰ এক বেজীৰ বাবে অচিৰেই চিকিৎসা বিজ্ঞানৰ নােবেল লাভ কৰিব বুলি আশাবাদী ডাঃ বৰুৱা ( Surgeon Dhaniram Baruah is expecting nobel prize) ।

Mob Lynching in Jorhat : জেলেঙীটোপৰ সুভাষ বৰাক ৫০ দিনৰ পাছত নিৰ্দোষী ঘোষণা

সোমবাৰে যোৰহাট আৰক্ষীয়ে দাখিল কৰা অনিমেষ হত্যাকাণ্ডৰ চাৰ্জশ্বীট (Charge sheet for Animesh Bhuyan murder case) ত অন্তৰ্ভূক্ত নহ’ল ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুভাষ বৰাৰ নাম ৷ ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে যুৱ ব্যৱসায়ী সুভাষ বৰাৰ পৰিয়ালৰ লগতে গাঁৱবাসী ৷

Cabinet Meeting in Haflong : কেবিনেট বৈঠকৰ বাবে সাজু হাফলং

হাফলঙত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ কেবিনেট বৈঠকৰ প্ৰস্তুতি প্ৰায় সম্পন্ন ৷ কেবিনেট বৈঠকৰ বাবে 18 জানুৱাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু 19 জানুৱাৰীৰ 12 ঘণ্টীয়া ডিমা হাছাও বন্ধ কাৰ্যসূচী স্থগিত(12 hour Dima Hasao bandh suspended) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.