ETV Bharat / state

Mob Lynching in Jorhat : জেলেঙীটোপৰ সুভাষ বৰাক ৫০ দিনৰ পাছত নিৰ্দোষী ঘোষণা

author img

By

Published : Jan 18, 2022, 7:03 PM IST

Updated : Jan 18, 2022, 9:34 PM IST

Mob Lynching in Jorhat
দোষমুক্ত হ’ল অনিমেষ হত্যাকাণ্ডৰ অভিযুক্ত সুভাষ বৰা

সোমবাৰে যোৰহাট আৰক্ষীয়ে দাখিল কৰা অনিমেষ হত্যাকাণ্ডৰ চাৰ্জশ্বীট (Charge sheet for Animesh Bhuyan murder case) ত অন্তৰ্ভূক্ত নহ’ল ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুভাষ বৰাৰ নাম ৷ ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে যুৱ ব্যৱসায়ী সুভাষ বৰাৰ পৰিয়ালৰ লগতে গাঁৱবাসী ৷

টীয়ক, 18 জানুৱাৰী : ৰাজ্য কঁপোৱা অনিমেষ হত্যাকাণ্ডৰ চাৰ্জশ্বীট সোমবাৰে দাখিল কৰে আৰক্ষীয়ে (Charge sheet for Animesh Bhuyan murder case) ৷ এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা টীয়কৰ জেলেঙীটোপৰ যুৱ ব্যৱসায়ী সুভাষ বৰাৰ নাম চাৰ্জশ্বীটত নথকাত অঞ্চলটোৰ ৰাইজৰ মাজত আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে, অনিমেষ ভূঞাক যোৰহাট নগৰৰ মাজমজিয়াত ক’লা ল’ৰাৰ নেতৃত্বত সংঘটিত এই ঘটনাৰ সময়ত সুভাষে ঘটনাস্থলীৰ কাষৰে এখন ব্যৱসায় প্ৰতিষ্ঠানত নিজৰ দোকানৰ বাবে সামগ্ৰী ক্ৰয় কৰি আছিল । উক্ত স্থানৰ পৰাই সুভাষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায় (Accused of Animesh Bhuyan murder case) ।

জেলেঙীটোপৰ সুভাষ বৰাক ৫০ দিনৰ পাছত নিৰ্দোষী ঘোষণা

ইয়াৰ পাছতে এই ঘটনাৰে সুভাষ বৰা কোনো কাৰণতে উক্ত জঘন্য কাণ্ডৰে জড়িত নহয় বুলি দাবী কৰি সুভাষৰ গাঁৱৰ ৰাইজে ভগামুখ আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষককো স্মাৰক পত্ৰ প্ৰদান কৰিছিল (Subhash Bora not involved in Mob lynching) । কিন্তু তদন্তৰ খাতিৰত আৰক্ষীয়ে যোৱা ৫০ টা দিনে সুভাষক মুকলি কৰি দিয়া নাছিল ।

সোমবাৰে যোৰহাট আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটত সুভাষৰ নাম নথকাত শীঘ্ৰে তেওঁ মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হোৱাত এতিয়া নিজ পিতৃ-মাতৃৰ লগতে গাঁৱবাসী উৎফুল্লিত হৈ পৰিছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে ধমক দিয়া ঘটনাৰ তদন্ত ঘোষণা নগাঁও জিলা উপায়ুক্তৰ

Last Updated :Jan 18, 2022, 9:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.