ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Jan 3, 2023, 11:05 AM IST

TOP 10 AT 11 AM
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Rajnath Sing to Visit Arunachal: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচলৰ পৰা উদ্বোধন কৰিব 28 খন দলং

মঙলবাৰে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ৷ ৰাজ্যখনত দুখনকৈ দলং উন্মোচন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Rajnath singh to inaugurate bridge in Arunachal) ৷ সীমান্ত পথ সংস্থাই দুটা মাহৰ ভিতৰত সম্পূৰ্ণ কৰে উদ্বোধন কৰিবলগীয়া দলং দুখন ৷

Statue of Zubeen Garg: ডিগবৈত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন কৰিলে শিল্পী জুবিন গাৰ্গে

ডিগবৈত উন্মোচন জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি (Statue of Zubeen Garg unveiled in Digboi) ৷ সোমবাৰে নিজৰ প্ৰতিমূৰ্তি নিজ হাতেৰেই উন্মোচন কৰিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ৷ নাজিৰাটিং তামুলী পর্যটন উৎসৱৰ লগত সংগতি ৰাখি ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ তৎপৰতাত নিৰ্মাণ কৰি উলিৱাইছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো ৷

Initiative step by AAU: প্ৰাকৃতিক কৃষিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাসী পদক্ষেপ

প্ৰাকৃতিক কৃষিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাসী পদক্ষেপ (Assam Agricultural University)। ১ কোটি টকা ব্যয় সাপেক্ষে বিশেষ পৰিকল্পনা ৷

Constituency Delimitation in Assam: দুটা দশক নহয়, চিৰদিনৰ বাবে সুৰক্ষিত হ’ব লাগিব অসমৰ খিলঞ্জীয়া : এজেপি

সমষ্টি পুনৰ নিৰ্ধাৰণে আগন্তুক দুটা দশকৰ বাবে অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি নৱবৰ্ষৰ প্ৰথমটো দিনতেই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on constituency delimitation)৷ ড৹ শৰ্মাৰ এই মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে ৷ অসমৰ খিলঞ্জীয়া মানুহ চিৰদিনৰ বাবেই সুৰক্ষিত হ’ব লাগিব বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই ৷

Electricity Department negligence : অসমৰ ভূমিত অৰুণাচল বিদ্যুৎ বিভাগৰ মৰণ ফান্দ

অসম-অৰুণাচল সীমান্তৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা । অৰুণাচল বিদ্যু বিভাগৰ কেইবাটাও বিদ্যুতৰ খুঁটা বিপদসংকুল অৱস্থাত আছে (Arunachal Electricity Department negligence)। খুঁটা কেইটা মেৰামতি বা নতুনকৈ স্থাপন নকৰাৰ ফলত মানুহ আৰু পবা বনাঞ্চলৰ জীৱ-জন্তুৰ প্ৰতি আহিছে ভাবুকি ।

Bomb found behind CM helipad: মুখ্যমন্ত্ৰীৰ হেলিপেডত উদ্ধাৰ বোমা

পঞ্জাৱ আৰু হৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ হেলিপেডত উদ্ধাৰ বোমা ৷ হেলিপেডৰ পিছফালে থকা আমৰ বাগিচাৰ ভিতৰত উদ্ধাৰ বোমাটো ৷ পঞ্জাৱ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰে দুয়োখন ৰাজ্যৰ সীমান্তত অৱস্থিত এই হেলিপেডটো (Bomb found behind CM helipad in Chandigarh) ৷

Guwahati CP on Crime Report: বিদায়ী বৰ্ষত মহানগৰীত ১০২৩৪ টা গোচৰ ৰুজু

2022 বৰ্ষত গুৱাহাটী মহানগৰীত সংঘটিত অপৰাধজনিত ঘটনাৰ সন্দৰ্ভত সোমবাৰে সংবাদমেল সম্বোধন কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (Guwahati Commissioner of Police) ৷ আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে জনায় যে, ৰঞ্জিত বৰা হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল ৷

Badarpur exclusion from Karimganj: বদৰপুৰক কৰিমগঞ্জৰ পৰা আঁতৰাই কাছাৰত অন্তৰ্ভুক্তিৰ বিৰোধিতা

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰপুৰক কৰিমগঞ্জ জিলাৰ পৰা কৰ্তন কৰি কাছাৰত অন্তৰ্ভুক্তি কৰাৰ কথা ঘোষণাৰ পিছতেই বদৰপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (React on exclusion of Badarpur from Karimganj) ৷ সোমবাৰে এই সন্দৰ্ভত বদৰপুৰবাসীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

Body Recovered at Bilasipara: পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ আঞ্জু দাসৰ মৃতদেহ

বিলাসীপাৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । ৭ দিন পূৰ্বে সন্ধানহীন হোৱা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ (Body Recovered from pond at Bilasipara) । পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে আঞ্জু দাস নামৰ এজন ব্যক্তিৰ মৃতদেহ (Body Recovered at Bilasipara) ৷

Raghav Movie Shooting : ৰামোজী ফিল্ম চিটিত দৃশ্যগ্ৰহণ সম্পন্ন যতীন বৰাৰ নতুন ছবি ৰাঘৱৰ

প্ৰথমবাৰৰ বাবে এছিয়াৰ সৰ্ববৃহৎ ফিল্ম চিটি ৰামোজী ফিল্ম চিটিত অসমীয়া ছবিৰ দৃশ্যগ্ৰহণ (Jatin Bora upcoming movie Raghav)৷ যতীন বৰাৰ আহিবলগীয়া ছবি ৰাঘৱৰ দৃশ্যগ্ৰহণ সম্পন্ন হ’ল হায়দৰাবাদস্থিত ফিল্ম চিটিখনত (Ramoji Film City)৷ অভিনেতা যতীন বৰা, প্ৰযোজিকা নৱনীতা শৰ্মাসহ এটা 16 জনীয়া দল উপস্থিত হয় ফিল্মচিটিখনত ৷ ৰামোজী ফিল্ম চিটিত দুদিনীয়া দৃশ্যগ্ৰহণ সম্পন্ন কৰে টীম ৰাঘৱে (Raghav shooting at Ramoji Film City)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.