ETV Bharat / state

পাঠ্যপুথি যুগুটাবলৈ অসমৰ্থ বড়োলেণ্ড বিশ্ববিদ্যালঃ প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

author img

By

Published : Jun 22, 2019, 6:11 PM IST

etv bharat

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বাক্সাৰ তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ। স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্ধাৰিত সময়ত পাঠ্যপুথি যুগুত কৰিব নোৱাৰাৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ ।

বাক্সা,২২ জুন: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে শনিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বাক্সাৰ তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। বি টি এডিত থকা সমূহ মহাবিদ্যালয়ক বড়োলেণ্ড বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত কৰাৰ পাচত শিক্ষাৰ্থীসকল প্ৰয়োজনীয় সা-সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ লগতে নিৰ্ধাৰিত সময়ত পাঠ্যপুথি যুগুত কৰিব নোৱাৰাৰ অভিযোগ তুলি শিক্ষাৰ্থীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তামুলপুৰ মহকুমা আছু,তামুলপুৰ আঞ্চলিক আছুৰ সহযোগত প্ৰতিবাদকাৰী সকলে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰা মটঙাচকলৈ ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰে এক প্ৰতিবাদী সমদল উলিয়াই।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

অতি শীঘ্ৰে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি যুগুটাব নোৱাৰিলে বড়োলেণ্ড বিশ্ববিদ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ প্ৰদান প্ৰতিবাদকাৰীসকলৰ ।

Intro:বাক্সাৰ তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে প্ৰতিবাদ ।


Body:বিটিএডিত থকা মহাবিদ্যালয় সমূহক বিগত সময় চোৱাত বড়োলেণ্ড বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত কৰি স্নাতক মহলৰ ছাত্র ছাত্রীসমূহক পাঠ্যপুথি যোগান ধৰিব নোৱাৰাৰ বিৰুদ্ধে শনিবাৰে ১১:৩০ বজাত তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰী আৰু তামুলপুৰ মহকুমা আছু, তামুলপুৰ আঞ্চলিক আছুৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদীকাৰী সকলে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰা মটঙাচকলৈ ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰে এক প্ৰতিবাদী সমদল উলিয়াই ।


Conclusion:প্ৰতিবাদী ছাত্র ছাত্ৰী সকলে আমাক কিতাপ লাগে কিতাপ দিয়ক,অসম চৰকাৰ হায় হায় , শিক্ষা মন্ত্ৰী হায় হায় ,হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, খাম্ফা বৰ্গীয়াৰী মুৰ্দাবাদ, ইমানুৱেল মুছাহাৰী মুৰ্দাবাদ,বড়োলেণ্ড বিশ্ব বিদ্যালয় মুৰ্দাবাদ আদি বিভিন্ন শ্লো গানেৰে ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ উত্তাল কৰি তোলে । পিছত ছাত্ৰ ছাত্ৰী সকলে ৰঙিয়া ভূটান ঘাইপথৰ মটঙাচকৰ মাজত বহি প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে ছাত্র ছাত্ৰী সকলে যদি পাঠ্যপুথি যোগানৰ ব্যৱস্থা অতিশিঘ্ৰে সমাধান নকৰে তেতিয়া হলে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ঘেৰাওৰ দৰে কাৰ্য্যসূচী হাতত লোৱা হব বুলি জানিবলৈ দিয়ে।


ভাষ্য : ১/২

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.