ETV Bharat / state

তামুলপুৰত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

author img

By

Published : Sep 30, 2020, 2:32 PM IST

তামুলপুৰত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ
তামুলপুৰত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

তামুলপুৰৰ কুমাৰীকাটা-নাগ্ৰিজুলী সংযোগী পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ ৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ ৷

বাক্সা, 30 চেপ্তেম্বৰ: তামুলপুৰৰ কুমাৰীকাটা-নাগ্ৰিজুলী সংযোগী পথ নিৰ্মাণত উত্থাপন হৈছে ব্যাপক অনিয়মৰ অভিযোগ ৷ নিৰ্মাণৰ কেইটামান দিন পাচতে জহি-খহি গৈছে পথটো ৷ হাতেৰে চুলেই চপৰা-চপৰে উঠি আহে পকী পথৰ অংশ ৷ এনে অনিয়মৰ বাবে ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

পথটো নিৰ্মাণৰ নামত আৱণ্টন দিয়া হৈছিল ২৯০.৮০ লাখ টকা
পথটো নিৰ্মাণৰ নামত আৱণ্টন দিয়া হৈছিল ২৯০.৮০ লাখ টকা

উল্লেখ্য যে, পথটো নিৰ্মাণৰ নামত আৱণ্টন দিয়া হৈছিল ২৯০.৮০ লাখ টকা ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ ৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধে সম্প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি, সদা ব্যস্ত গড়কাপ্তানি পথটোৰ মাজ-মজিয়াৰ বহু ঠাইত উপযুক্ত শিলৰ স্তৰ নিদিয়াকৈয়ে ঠিকাদাৰে পকী কৰিছে পথটো ৷ যাৰ বাবে সম্প্ৰতি সম্পূৰ্ণ ভাঙি যোৱাৰ উপক্ৰম হৈছে পথটো ৷ ইয়াৰোপৰি পথ নিৰ্মাণত ব্যৱহাৰ হোৱা ভঙা শিলৰ সৈতে কেৱল মাটি মিহলোৱাৰো অভিযোগ কৰিছে স্থানীয় লোকে ৷ পথটোৰে দৈনিক বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ীকে ধৰি বহু লোকৰ আহ-যাহ চলাৰ পাচতো পথটো নিৰ্মাণকালত উপযুক্ত সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা ঠিকদাৰৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ লগতে, অতি শীঘ্ৰেই পথটো উন্নতমানৰ কৰি তুলিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: বিলাসীপাৰাত কাঠ ফলা কলৰ লগতে জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.