ETV Bharat / state

বিলাসীপাৰাত কাঠ ফলা কলৰ লগতে জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

author img

By

Published : Sep 30, 2020, 12:49 PM IST

মঙলবাৰে নিশা বিলাসীপাৰাৰ চৰুৱা বাখৰাত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে শালকোচা আঞ্চলিক বন কাৰ্যালয়ৰ বিষয়া কৰ্মী আৰু আৰক্ষীৰ যৌথ অভিযান চলায় ৷ অভিযানত কাঠফলা কলসহ বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰা হয় ৷

Illegal timber seized at Bilasipara
বিলাসীপাৰাত কাঠ ফলা কলৰ লগতে জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

বিলাসীপাৰা, 30 ছেপ্তেম্বৰঃ বিলাসীপাৰাত অব্যাহত আছে চোৰাং কাঠৰ ব্যৱসায় ৷ মঙলবাৰে নিশা বিলাসীপাৰাৰ চৰুৱা বাখৰাত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে শালকোচা আঞ্চলিক বন কাৰ্যালয়ৰ বিষয়া কৰ্মী আৰু আৰক্ষীয়ে যৌথ অভিযান চলায় ৷

Illegal timber seized at Bilasipara
বিলাসীপাৰাত জব্দ চোৰাং কাঠ

এই অভিযানত এটা কাঠফলা ভ্ৰাম্যমান কলৰ লগতে বৃহৎ পৰিমাণৰ ফলা কাঠ আৰু কুণ্ডা জব্দ কৰে অভিযানকাৰী দলটোৱে ৷ পৰৱৰ্তী সময়ত সামগ্ৰীখিনি শালকোচা বনাঞ্চলিক কাৰ্যালয়ৈ লৈ যোৱা হয় ৷

লগতে পঢ়ক-আজি প্ৰদান কৰা হ’ব ডাঃ দেবেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.