ETV Bharat / state

গৰু চুৰিত ব্যৱহৃত মাৰুতি ভেনসহ তিনিটা গৰু জব্দ

author img

By

Published : May 20, 2019, 6:59 PM IST

দেওবাৰে নিশা বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমলাপাৰত চোৰাং গৰুসহ মাৰুতি ভেন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ নিশা প্ৰায় 1 বজাত তামুলপুৰ আৰক্ষীৰ তহলদাৰী দল এটাই AS০১BY০৮৪১নম্বৰৰ মাৰুতি ভেন এখন তামুলপুৰ মটঙা চকত প্ৰত্যক্ষ কৰি গাড়ীখন ৰখাবলৈ দিয়াত আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলাবলৈ চেষ্টা কৰে । শেষত আৰক্ষীয়ে খেদি খেদি তামুলপুৰ ডিমলাপাৰ চকত গাড়ীখন ৰখাবলৈ সক্ষম হয় যদিও গৰু চোৰৰ দলটোৰ লগতে মাৰুতি ভেনখনৰ চালক জন পলাই যায় ।

বাক্সাৰ তামুলপুৰত গৰু চোৰত ব্যৱহাৰ কৰা মাৰুতি ভেনসহ তিনিটা গৰু জব্দ

বাক্সা,20 মে’: ৰাজ্যত গৰু চোৰৰ ঘটনা নতুন নহয়, সময়ে সময়ে আৰক্ষী প্ৰশাসনৰ নিদ্ৰা হৰণ কৰি আহিছে গৰু চোৰে ৷ প্ৰতিদিনে অসমৰ পৰা চোৰাং ভাবেই হওঁক অথবা গৰাকীৰ পৰা চোৰ কৰিয়েই হওঁক বাংলাদেশলৈ গৰু সৰবৰাহ কৰা ঘটনা এতিয়া নিতৌ নৈমিত্তিক কাৰ্যত পৰিণত হৈছে । দেওবাৰে নিশা বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমলাপাৰত চোৰাং গৰুসহ মাৰুতি ভেন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ নিশা প্ৰায় 1 বজাত তামুলপুৰ আৰক্ষীৰ তহলদাৰী দল এটাই AS০১BY০৮৪১নম্বৰৰ মাৰুতি ভেন এখন তামুলপুৰ মটঙা চকত প্ৰত্যক্ষ কৰি গাড়ীখন ৰখাবলৈ দিয়াত আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলাবলৈ চেষ্টা কৰে । শেষত আৰক্ষীয়ে খেদি খেদি তামুলপুৰ ডিমলাপাৰ চকত গাড়ীখন ৰখাবলৈ সক্ষম হয় যদিও গৰু চোৰৰ দলটোৰ লগতে মাৰুতি ভেনখনৰ চালক জন পলাই যায় । আৰক্ষীয়ে তালাচী কৰি গাড়ীখনৰ ভিতৰত ভৰিত বন্ধা অৱস্থাত তিনিটা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গাড়ীৰ নম্বৰৰ ওপৰত ভিত্তি কৰি গাড়ীখনৰ গৰাকী বিশ্বজিৎ বিশ্বাসক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ।

বাক্সাৰ তামুলপুৰত গৰু চোৰত ব্যৱহাৰ কৰা মাৰুতি ভেনসহ তিনিটা গৰু জব্দ

লগতে পঢ়ক: লখিমপুৰত উপায়ুক্তৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা সম্পৰ্কত সংবাদমেল

ইতিমধ্যে তামুলপুৰ আৰক্ষীয়ে গৰু চোৰ আৰু গাড়ী চালকক কৰায়ত্ত কৰাৰ বাবে আৰম্ভ কৰিছে অভিযান । বৰ্তমান তামুলপুৰ আৰক্ষী থানাত গৰু চোৰ হোৱা গৰাকী উপস্থিত হৈ চোৰাং গৰু কেইটা প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ নিজৰ হেৰুৱা গৰু কেইটা পোৱাৰ আশাত লোকসকলৰ এই ভিৰ দেখা গৈছে তামুলপুৰ আৰক্ষী থানাত ৷

Slug : as_bak_cowthief_used_car_rescu_7203823

বাক্সাৰ তামুলপুৰত গৰু চোৰত ব্যৱহাৰ কৰা মাৰুতি ভেনসহ তিনিটা গৰু জব্দ ।

visual through FTP

ৰাজ্যত এতিয়া গৰু চোৰ হোৱা ঘটনা নতুন নহয়  যাৰ ফলত আৰক্ষী প্ৰশাসনৰ নিদ্ৰা হৰণ হৈছে । প্ৰতিদিনে অসমৰ পৰা চোৰাং ভাৱে হওক অথবা গৰাকী পৰা গৰু চোৰ কৰি বাংলাদেশলৈ সৰবৰাহ কৰা ঘটনা এতিয়া নিতৌ নৈমিত্তিক ঘটনাত পৰিণত হৈছে । যোৱা নিশা
বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ  অন্তৰ্গত  ডিমলাপাৰত চোৰাং গৰুসহ  মাৰুতি ভেন জব্দ কৰিবলৈ সক্ষম হয় ।
নিশা প্ৰায় ১ বজাত তামুলপুৰ আৰক্ষীৰ তহলদাৰী দল এটাই এ এছ ০১ বি ওৱাই ০৮৪১নম্বৰৰ মাৰুতি ভেন এখন তামুলপুৰ মটঙা চকত প্ৰত্যক্ষ কৰি গাড়ীখন ৰখাবলৈ দিয়াত আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলাবলৈ চেষ্টা কৰে। শেষত আৰক্ষীয়ে খেদি খেদি তামুলপুৰ ডিমলাপাৰ চকত গাড়ীখন ৰখাবলৈ সক্ষম হয় যদিও গৰু চোৰৰ দলটোৰ লগতে মাৰুতি ভেনখনৰ চালক জন পলাই যায়।  আৰক্ষী য়ে তালাচি কৰি গাড়ীখনৰ ভিতৰত ভৰিত বন্ধা অৱস্থা তিনিটা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গাড়ী নম্বৰ ওপৰত ভিত্তি কৰি গাড়ীখনৰ গৰাকী বিশ্বজিৎ বিশ্বাসক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ইতিমধ্যে তামুলপুৰ আৰক্ষীয়ে  গৰু চোৰ আৰু গাড়ী চালকক কৰায়ত্ব কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। বৰ্তমান তামুলপুৰ আৰক্ষী থানাত পূৰ্বেতে  গৰু হেৰোৱা লোক উপস্থিত হৈ চোৰাং গৰু কেইটা প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰে নিজৰ হেৰুৱা গৰু কেইটা পোৱাৰ আশাহত ।

ভাষ্য : আৰক্ষী বিষয়া

বাক্সা পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.