ETV Bharat / state

Picnic at Manas National park: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলী উখল-মাখল

author img

By

Published : Nov 29, 2022, 4:41 PM IST

Picnic at Manas National park
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত উখল -মাখল পৰিবেশ

মানাহৰ বাঁহবাৰী ৰেঞ্জৰ নাৰায়ণগুৰিৰ বনভোজস্থলী এতিয়া পৰ্যটক আৰু বনভোজকাৰী দলেৰে উখল-মাখল (picnic at Manas National Park) ৷ শীতৰ আগমনৰ লগে লগে মানাহলৈ সোঁত বৈছে বনভোজকাৰী দলৰ ৷

বাক্সা, ২৯ নৱেম্বৰ: শীতৰ আগমনৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে বনভোজৰ বতৰ ৷ যান্ত্ৰিকতাৰ পৰা কিছু অৱসাদ পোৱাৰ উদ্দেশ্যে প্ৰকৃতিৰ কোলাত ৰঙে ৰহইচে খেলি এসাঁজ তৃপ্তিৰে খাবলৈ ঢাপলি মেলিছে বহুজনে ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানতো বনভোজকাৰীয়ে ভিৰ কৰিছে (Manas National Park) ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত উখল-মাখল পৰিবেশ

মানাহৰ বাঁহবাৰী ৰেঞ্জৰ নাৰায়ণগুৰিৰ বনভোজস্থলী এতিয়া পৰ্যটক আৰু বনভোজকাৰী দলেৰে উখল-মাখল (picnic at Manas National Park) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানাহলৈ সোঁত বৈছে এইসকল বনভোজকাৰী দলৰ ৷ মানাহৰ প্ৰাকৃতিক সৌন্দৰ্যই যেন হাত বাউলি মাতিছে পৰ্যটকৰ লগতে বনভোজকাৰী দলক ৷ কোনোৱে যদি পৰিয়ালৰ লগত, কোনোৱে আকৌ বন্ধুৰ লগত আহি বনভোজৰ আনন্দ লৈছে ৷ সংগীতৰ তালে তালে নাচিছে বহুতে ৷

ইয়াত আছে হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগতে বেঁকী নৈৰ কুলু কুলু শব্দৰ শীতল পানীত ৰাফটিং ৷ উল্লেখ্য যে বিভাগীয়ভাবে মানাহৰ বনভোজস্থলী ২০২২-২০২৩ বৰ্ষৰ বাবে অদ্যাপি মুকলি কৰা হোৱা নাই যদিও তাৰ পূৰ্বেই বনভোজকাৰী দলে যি এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে তাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ।

মানাহ ৰাষ্ট্ৰীয় উদ্যান (Manas National Park) অসমৰ এক অন্যতম ৰাষ্ট্ৰীয় উদ্যান । এয়া হৈছে ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান (World Heritage site), ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল (Project Tiger Reserve), হস্তী সংৰক্ষিত বনাঞ্চল (Elephant Reserve) তথা বায়'ছফিয়েৰ ৰিজাৰ্ভ (Biosphere Reserve)। গুৱাহাটীৰ পৰা ১৭৬ কিলোমিটাৰ নিলগত বাক্সা জিলাৰ উত্তৰাঞ্চলত ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত । উত্তৰে মানাহ নদী তথা ভূটান ৰাজ্য, দক্ষিণে বাঁহবাৰী, পালসিগুৰি আৰু কাটাঝাৰ গাঁও । আনহাতে, পশ্চিমে সোণকোষ নদীৰ পৰা পূৱে ধনশিৰি নদীলৈকে এই ৰাষ্ট্ৰীয় উদ্যানখন বিস্তৃত হৈ আছে ।

লগতে পঢ়ক:Dibrugarh ragging case: আনন্দ শৰ্মাৰ এখন পত্ৰই উদঙালে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰকৃত ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.