ETV Bharat / state

কিশোৰীৰ ৰহস্যজনক মৃত্যু : মৃতকৰ বাসগৃহত বিধায়ক ফনীধৰ তালুকদাৰ

author img

By

Published : Jul 25, 2021, 10:44 PM IST

শালবাৰীৰ আঁওহাটাত ৰহস্যজনকভাৱে মৃত্যু হোৱা চুমি নাথ (Sumi Nath)ৰ বিধায়ক ফনীধৰ তালুকদাৰ (Phanidhar Talukdar) ৷ পৰিয়ালটোৰ কাষত বহি ঘটনাৰ সবিশেষ বুজ লয় বিধায়কগৰাকীয়ে ৷ অচিৰেই ঘটনাৰ সৈতে জড়িত অভিযুক্তই কঠোৰ শাস্তি পাব বুলি আশ্বাস বিধায়ক তালুকদাৰৰ ৷

mla-phanidhar-talukdar-visited-to-late-sumi-nath-home-at-salbari
শালবাৰীৰ মৃত কিশোৰীৰ বাসগৃহত বিধায়ক ফনীধৰ তালুকদাৰ

বাক্সা, 25 জুলাই : বাক্সা (Baksa) জিলাৰ শালবাৰীৰ আঁওহাটাত ৰহস্যজনকভাৱে মৃত্যু হোৱা চুমি নাথ (Sumi Nath) নামৰ কিশোৰীগৰাকীৰ বাসগৃহত দেওবাৰে উপস্থিত হয় ভৱানীপুৰ সমষ্টিৰ AIUDF বিধায়ক ফনীধৰ তালুকদাৰ (Phanidhar Talukdar) ৷ কিশোৰীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷ যদি এয়া এক হত্যাকাণ্ড, তেন্তে অচিৰেই ঘটনাৰ লগত জড়িত দোষীক শাস্তি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় বিধায়ক ফনীধৰ তালুকদাৰে ৷

বিধায়কগৰাকীয়ে পৰিয়ালটোৰ কাষত বহি ঘটনাৰ সবিশেষ বুজ লয় । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, চুমি নাথৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত হ’ব লাগে । এই ঘটনাটোক প্ৰশাসনে সাধাৰণভাৱে লোৱা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । তেওঁ কয় যে, ৰাজ্যত ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে যদিও এই ঘটনাটোক লৈ ওপৰ মহলাই হেমাহি কৰিছে ৷

অতি কম দিনৰ ভিতৰতে এই ঘটনাৰ সৈতে জড়িত অভিযুক্তই কঠোৰ শাস্তি পাব বুলি আশ্বাস দিয়ে বিধায়কগৰাকীয়ে ৷

শালবাৰীৰ মৃত কিশোৰীৰ বাসগৃহত বিধায়ক ফনীধৰ তালুকদাৰ

উল্লেখ্য যে, বিগত 18 জুলাইৰ সন্ধিয়াৰ ভাগৰ পৰা সন্ধানহীন হৈ আছিল চুমি ৷ সন্ধানহীন হোৱাৰ পূৰ্বৰে পৰাই চুমিৰ ঘৰত নাছিল কোনো লোক । সেই সময়ত পিতৃহাৰা চুমিৰ মাতৃ আৰু ভনীয়েক মোমায়েকৰ ঘৰত আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ আবেলি ভাগত মোমায়েকৰ ঘৰৰ পৰা উভতি আহি মাক আৰু ভনীয়েকে ঘৰত দেখা পোৱা নাছিল কিশোৰীগৰাকীক ৷

সন্ধিয়ালৈ চুমি ঘৰলৈ উভতি নহাত সন্দেহ হৈছিল মাক-ভনীয়েকৰ ৷ চুমিক বিচাৰি গৈছিল যদিও কোনো সন্ধান লাভ কৰা নাছিল ৷ অৱশেষত 19 জুলাইত আঁওহাটাৰ এটি বোঁৱতী নৈৰ সুঁতিত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ ৷

লগতে পঢ়ক : শালবাৰীত কিশোৰীৰ মৃতদেহ উদ্ধাৰ : সন্দেহযুক্ত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.