ETV Bharat / state

ৰাজ্যজুৰি মধ্যাহ্ন ভোজন আঁচনিৰ কৰ্মচাৰীৰ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Oct 30, 2019, 10:50 PM IST

মধ্যাহ্ন ভোজনআঁচনিৰ কৰ্মচাৰীৰ বিক্ষোভ কাৰ্য্যসূচী

ৰাজ্যজুৰি অব্যাহত আছে মধ্যহ্ন ভোজন ৰান্ধনীৰ বিক্ষোভ কাৰ্য্যসূচী ৷ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধিৰ দাবীত বুধবাৰে নগাঁৱত চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ উদ্যোগত ৰান্ধনী কৰ্মীয়ে গ্ৰহণ কৰে এই বিক্ষোভ কাৰ্য্যসূচী ৷ সমান্তৰালভৱে বাক্সাৰ দ্বাৰকুছীতো সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বিক্ষোভ প্ৰদৰ্শন ৷

নিউজ ডেস্ক, 30 অক্টোবৰঃ নগাঁৱত মধ্যহ্ন ভোজন ৰান্ধনীৰ বিক্ষোভ কাৰ্যসূচী ৷ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধিৰ দাবীত বুধবাৰে নগাঁৱত চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ উদ্যোগত ৰান্ধনী কৰ্মীয়ে গ্ৰহণ কৰে এই বিক্ষোভ কাৰ্যসূচী ৷ চৰকাৰে ৰাজ্যৰ 1 লাখ ২৫ হাজাৰ মধ্যহ্ন ভোজনৰ ৰান্ধনীক দৈনিক মাত্ৰ ৩০ টকা মাননি প্ৰদান কৰি আহিছে ৷ আনহাতে, শেহতীয়াকৈ চৰকাৰে মধ্যহ্ন ভোজনৰ ৰান্ধনীক ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে কৰা পৰিকল্পনাৰ বিৰুদ্ধেও জাঙুৰ খাই উঠিছে চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন ৷ মধ্যহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা বৃদ্ধিৰ লগতে অন্যান্য সমস্যাসমূহ সমাধান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ইউনিয়নে ৷

নগাঁৱত মধ্যাহ্ন ভোজনআঁচনিৰ কৰ্মচাৰীৰ বিক্ষোভ

সমান্তৰালভৱে বাক্সাৰ দ্বাৰকুছীতো সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ যোৱা ২৪ ডিচেম্বৰ ২০১৮ চনত অসমৰ প্ৰাথমিক শিক্ষা আযুক্ত স্বাক্ষৰিত নিৰ্দেশনা মৰ্মে মধ্যাহ্ন ভোজনৰ আঁচনিখন ১৫ টা বেচৰকাৰী সংস্থাক হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যাৰ ফলত অসমৰ ১ লাখ ১৮ হাজাৰ অতি দৰিদ্ৰ ৰন্ধন কৰ্মীৰ ভৱিষ্যৎ অনিশ্চয়তাৰ দিশে অগ্ৰসৰ হৈছে ৷ সেয়েহে আজি দ্বাৰকুছী বজাৰৰ ১২৭ নং ডি ৰঙিয়া ভূটান পথত তামুলপুৰ জিলা সমিতিৰ উদ্যোগত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰায় 3 শতাধিক কৰ্মচাৰীয়ে বিভিন্ন শ্লোগানেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

বাক্সাত মধ্যাহ্ন ভোজনআঁচনিৰ কৰ্মচাৰীৰ বিক্ষোভ
Intro:নগাঁৱত মধ্যহ্ন ভোজন ৰান্ধনীৰ বিক্ষোভ কাৰ্য্যসূচী। ৰন্ধন কৰ্মীৰ দৰমহা বৃদ্ধিৰ দাবী। ভয়াৱহ জংগী আন্দোলনৰ হুংকাৰ চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ।


Body:বেটী বছাও শ্ল'গান দিয়া চৰকাৰৰ দিনতে মধ্যহ্ন ভোজনৰ মহিলা কৰ্মচাৰী অৱহেলিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মধ্যহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা বৃদ্ধিৰ দাবীত বুধবাৰে নগাঁৱত চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ উদ্যোগত ৰান্ধনী কৰ্মীয়ে গ্ৰহণ কৰে বিক্ষোভ কাৰ্য্যসূচী। চৰকাৰ বিৰোধী ধ্বনিৰে উলিয়াই প্ৰতিবাদী সমদল। চৰকাৰে ৰাজ্যৰ এক লাখ ২৫ হাজাৰ মধ্যহ্ন ভোজনৰ ৰান্ধনীক দৈনিক মাত্ৰ ৩০ টকা মাননি প্ৰদান কৰি আহিছে। শেহতীয়াকৈ চৰকাৰে মধ্যহ্ন ভোজনৰ ৰান্ধনীক ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে কৰা পৰিকল্পনাৰ বিৰুদ্ধেও জাঙুৰ খাই উঠিছে চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন। মধ্যহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা বৃদ্ধিৰ লগতে অন্যান্য সমস্যাসমূহো সমাধান নকৰিলে ভয়াৱহ জংগী আন্দোলনৰো হুংকাৰ প্ৰদান কৰে ইউনিয়নে।
bite,
------------------------------------------///----/-------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৩০-১০-১৯


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.