ETV Bharat / state

ছাত্ৰনেতাৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ প্ৰেমিকাৰ

author img

By

Published : Sep 22, 2019, 6:59 AM IST

প্ৰেমিকাৰ পৰা টকা লৈ উধাও প্ৰেমিক ৷ প্ৰেমিক হৈছে চানতালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ-সভাপতি ৷ বাক্সা জিলাৰ তামুলপুৰত সংঘটিত হৈছে এই কাণ্ড ৷

অভিযুক্ত প্ৰাক্তন ছাত্ৰনেতা ৰাজেশ টুডু

তামুলপুৰ, 22 চেপ্তেম্বৰঃ এইবাৰ ছাত্ৰনেতাৰ প্ৰতাৰণাৰ বলি হ'ল এগৰাকী যুৱতী ৷ কোনো লাভ জেহাদ নহয়, এগৰাকী যুৱতীৰ উপাৰ্জনেৰে চলা এগৰাকী ছাত্ৰনেতাৰ কাহিনী এয়া ৷ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চানতালী ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি ৰাজেন টুডুৰ বিৰুদ্ধে ৷

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ সাহপুৰ গাঁৱৰ বাসিন্দা চামলাল চৰেনৰ জীয়ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ৰাজেশ টুডুৰ ৷ চিৰাং জিলাৰ চিডলী আৰক্ষী চকীৰ অন্তৰ্গত ঝাউলীয়াবাৰী গাঁৱৰ নিবাসী চোম টুডুৰ পুত্ৰ তথা প্ৰাক্তন ছাত্ৰনেতা হৈছে এইগৰাকী ৰাজেশ টুডু ৷ 2015চনৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ৷ প্ৰেমৰ সম্পৰ্ক ইমানেই গভীৰ হৈছিল যে, দুয়োৰে মাজত শাৰীৰিক সম্পৰ্কও স্থাপন হৈছিল ৷ কিন্তু এতিয়া সেইগৰাকী যুৱতীকে বিয়া নকৰোৱাৰ প্ৰস্তাৱ দিয়ে লম্পট ছাত্ৰনেতা ৰাজেশ টুডুৱে ৷

প্ৰাক্তন ছাত্ৰনেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

দৰাচলতে দুখীয়া ঘৰৰ সন্তান হোৱা বাবেই যুৱতীগৰাকীয়ে তামিলনাডুলৈ কাম কৰিবলৈ গৈছিল ৷ তামিলনাডুত কাম কৰি থকা অৱস্থাতে ছাত্ৰনেতাগৰাকীয়ে যুৱতীগৰাকীৰ পৰা বহু পৰিমানে টকা সংগ্ৰহ কৰিছিল ৷ একমাত্ৰ প্ৰেমৰ বাবেই ৰাজেশক নিজৰ কষ্টোপাৰ্জিত ধনৰ পৰাই অধিকাংশ টকা প্ৰদান কৰিছিল যুৱতীগৰাকীয়ে ৷ শেহতীয়াকৈ যুৱতীগৰাকী নিজৰ ঘৰলৈ অহাৰ পিচতে কথাৰ সুৰ সলনি কৰি যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক শেষ কৰাৰ কথা প্ৰকাশ কৰে নিৰ্লজ ৰাজেশ টুডুৱে ৷

ভুক্তভোগী অসহায় যুৱতীগৰাকী

ঘটনা সন্দৰ্ভত যুৱতীৰ পৰিয়ালে তামুলপুৰ আৰক্ষী চকীত এমাহ পূৰ্বেই এজাহাৰ দাখিল কৰে ৷ কিন্তু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, এমাহ পিচটো আৰক্ষীয়ে আজিলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ একমাত্ৰ দুখীয়া ঘৰৰ হোৱা বাবেই এইদৰে ন্যায়ৰ পৰা বঞ্চিত হৈ আছে এগৰাকী অসহায় যুৱতী ৷

Intro:এইবাৰ প্ৰাক্তন চানতালী ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ প্ৰেমিকাৰ ।
প্ৰেমিকাৰ পৰা টকা লৈ উধাও ।


Body:এইবাৰ লাভ জেহাত নহয় ? প্ৰাক্তন সদৌ অসম চানতালী ছাত্র সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি ৰাজেন টুডুৰ বিৰুদ্ধে প্ৰতাৰণা অভিযোগ ভুক্তভূগী যুৱতীৰ । আনকি বিয়া কৰোৱাৰ প্ৰতিচ্ছতি দি টকা লৈ উধাও হোৱাৰ ঘটনা পোহৰলৈ আহিছে প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ বিৰুদ্ধে । জানিব পৰা মতে ২০১৫ চনৰে একেটা আদিবাসী চানতালী জনগোষ্ঠীৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত সাহপুৰ গাঁৱৰ নিবাসী চামলাল চৰেনৰ জীয়ৰী ববিতা চৰেনৰ সৈতে চিৰাং জিলাৰ চিডলী আৰক্ষী চকীৰ অন্তৰ্গত ঝাউলীয়াবাৰী গাঁৱৰ নিবাসী চোম টুডুৰ পুত্ৰ লম্পদ প্ৰাক্তন ছাত্ৰ নেতা ৰাজেশ টুডুৰে গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । এই য়ে নহয় দুয়োৰে মাজত শাৰীৰিক সম্পৰ্কৰ লগতে প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ ঘৰ লয়ো গৈছিল যুৱতী গৰাকীয়ে। আনহাতে দুয়োৰে মাজত প্ৰেমে এনে ৰূপ পাইছিল যে প্ৰেমিকৰ বাবে প্ৰেমিকাই বহিৰাজ্যলৈ গৈ কাম কৰি প্ৰেমিকাৰ একাউণ্টত সোমোৱা দিছিল ৩৫ হাজাৰ কৈ টকা । কিন্তু এতিয়া লম্পদ ছাত্র নেতা গৰাকীয়ে ববিতা চৰেনক সৰ্বচান্ত কৰি অন্য যুৱতীক প্ৰেমৰ জালত পেলোৱা বুলি জানিব পৰা গৈছে ।


Conclusion:সেয়ে ভুক্তভূগী যুৱতী গৰাকীৰ পৰিয়ালে লম্পদ ছাত্ৰ নেতা গৰাকীৰ বিৰুদ্ধে যোৱা ২১ আগষ্ট তাৰিখে নাগ্ৰীজুলিৰ আৰক্ষী চকীত এখন এজাহাৰ দিয়া বুলি জানিবলৈ দিয়ে । পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি যাতে লম্পদ প্ৰাক্তন ছাত্ৰ নেতা গৰাকীযে অন্য যুৱতীক প্ৰতাৰণা কৰিব নোৱাৰে তাৰ বাবে অতিশিঘ্ৰেই কৰাযুক্ত কৰি উচিত শাস্তি দিবলৈ আহ্বান জনাইছে।

ভাষ্য :


বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.