ETV Bharat / state

Viral Audio : সুৰা বিক্ৰীৰ অনুমতি প্ৰদানৰ বিনিময়ত ধন দাবী

author img

By

Published : Oct 24, 2021, 11:56 AM IST

employee-of-baksa-excise-department-has-demanded-money-in-exchange-for-illegal-liquor-sale
অবৈধ সুৰা বিক্ৰীৰ বিনিময়ত ধন দাবী বিভাগীয় কৰ্মচাৰীৰ

বাক্সাত অবৈধ সুৰা(Illegal Liquor) বিক্ৰীৰ নামত ধন দাবী আবকাৰী বিভাগ(Excise Department)ৰ কৰ্মচাৰীৰ । অবৈধ সুৰা বিক্ৰী কৰাৰ বিনিময়ত ধন দাবী কৰা এটা ভাইৰেল হোৱা অডিঅ’ই তোলপাৰ লগাইছে সমগ্ৰ বাক্সা জিলা ৷ অভিযুক্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিৰ দাবী বাক্সা আঞ্চলিক ছাত্ৰ সন্থা(Baksa AASU)ৰ ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

বাক্সা, 24 অক্টোবৰ : যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ নিৰ্দেশমৰ্মে ৰাজ্যত ড্ৰাগছ মাফিয়া, অবৈধ সুৰা ব্যৱসায়ী আদিৰ বিৰুদ্ধে অসম আৰক্ষী(Assam Police)য়ে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে, তেনে সময়তে বাক্সা জিলাৰ আবকাৰী বিভাগ(Excise Department)ত সংঘটিত হৈছে এক লজ্জাজনক কাণ্ড ৷ এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত ৷

জিলাখনৰ মুছলপুৰস্থিত বিভাগটোৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰীয়ে অবৈধ সুৰা(Illegal Liquor) বিক্ৰী কৰাৰ বিনিময়ত ধন দাবী কৰা এটা অডিঅ’ ভাইৰেল হোৱাত বিভাগটোৰ ভিতৰচ’ৰাৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিভাগটোৰ চৌধুৰী উপাধিৰ কৰ্মচাৰী এজনে জিলাখনৰ আবকাৰী পৰিদৰ্শকগৰাকীৰ নিৰ্দেশ অনুসৰি শালবাৰী মহকুমাৰ অন্তৰ্গত বাঁহবাৰীৰ এজন ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীক অবৈধভাৱে সুৰা বিক্ৰীৰ অনুমতি দিছিল ৷ যাৰ বিনিময়ত ব্যৱসায়ীজনৰ পৰা 15 হাজাৰ টকা ফোনযোগে দাবী কৰিছিল কৰ্মচাৰীজনে ৷

ভাইৰেল হোৱা অডিঅ’

আনকি আবকাৰী বিভাগৰ কৰ্মচাৰীজনে ব্যৱসায়ীজনক অবৈধভাৱে সুৰা বিক্ৰী কৰি থকাৰ অভিযোগ তুলি দণ্ডাধীশৰ জৰিয়তে দোকান ছীল কৰাৰো ভীতি প্ৰদৰ্শন কৰে ৷ অবৈধ সুৰা ব্যৱসায় বন্ধ কৰাৰ সলনি উৎকোচ লৈ এইদৰে ওলোটাই বিক্ৰী কৰাৰহে অনুমতি প্ৰদান কৰিছে কৰ্মচাৰীজনে ৷

জানিব পৰা মতে, ধন দাবীৰ এই সমস্ত কাণ্ডৰ লগত বিভাগটোৰ মুছলপুৰস্থিত কাৰ্যালয়ৰ জনৈক নাৰ্জাৰী নামৰ আবকাৰী পৰিদৰ্শকগৰাকী জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে ৷ ইয়াকে লৈ এতিয়া সচেতন ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে ৷ ইফালে জিলাখনত চলি থকা আবকাৰী বিভাগৰ এনে দুৰ্নীতি-অনিয়ম শীঘ্ৰেই বন্ধ কৰিবলৈ সকীয়নি দিছে বাক্সা আঞ্চলিক ছাত্ৰ সন্থা(Baksa AASU)ই ৷

বাক্সা আছুৰ প্ৰতিক্ৰিয়া

তদুপৰি বিভাগটোৰ কমিছনভোগী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰক দাবী উত্থাপন কৰিছে বাক্সা আছুৰ সাধাৰণ সম্পাদক হৰেকৃষ্ণ পাঠকে ৷ এতিয়া এইক্ষেত্ৰত জিলাখনত কিছুদিন পূৰ্বে যোগদান কৰা নৱ-নিযুক্ত আবকাৰী অধীক্ষকগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : আপোনাৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড লৈ কেনেকৈ দুষ্টচক্ৰই প্ৰবঞ্চনা কৰিব পাৰে আপোনাক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.