ETV Bharat / state

আপোনাৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড লৈ কেনেকৈ দুষ্টচক্ৰই প্ৰবঞ্চনা কৰিব পাৰে আপোনাক ?

author img

By

Published : Oct 23, 2021, 10:55 PM IST

আপোনাৰ পান কাৰ্ড, ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আপোনাক প্ৰতাৰণা কৰিব পাৰে এচামে ৷ আপুনি নজনাকৈয়ে আপোনাৰ মূৰত পৰিব পাৰে ঋণৰ বোজা ৷ কেনেকৈ সবিশেষ জানো আঁহক ৷

fraudulent-activity-of-a-racket-using-photo-identity
আপোনাৰ ভোটাৰ কাৰ্ড , আধাৰ কাৰ্ড লৈ কেনেকৈ দুষ্টচক্ৰই প্ৰবঞ্চনা কৰিব পাৰে আপোনাক ?

চামগুৰি, 23 অক্টোবৰ : আপোনাৰ পান কাৰ্ড, ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড নিশ্চয় আছে । যদি আছে, আপোনাৰ অজ্ঞাতেই মূৰত পৰিব পাৰে ঋণৰ বোজা । এনে এক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ধিঙৰ জাৰামাৰী লাঙ্গীয়া গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ডত । জাৰামাৰী লাঙ্গীয়াৰ গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডত এটা দুষ্ট চক্ৰই প্ৰায় ১০০ ৰো অধিক এইসকল লোকৰ নামত সৰকাইছে লক্ষাধিক টকা ।

অভিযোগ অনুসৰি, ছাইফুল ইছলাম আৰু ৰাহুল আমিন ভূঞা নামৰ দুই যুৱকে, চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা দিয়াৰ প্ৰলোভনেৰে প্ৰায় শতাধিক ৰাইজৰ পৰা দুষ্টচক্ৰটোৱে সংগ্ৰহ কৰিছিল ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু আধাৰ কাৰ্ড । ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ডৰ জৰিয়তে ৰাইজৰ নামত ঋণ সংগ্ৰহ দুষ্টচক্ৰটোৰ । দহৰ হাজাৰৰ পৰা লক্ষাধীক টকা পৰ্য্যন্ত একোজন ব্যক্তিৰ নামত সৰকালে ঋণ ।

দুষ্টচক্ৰৰ মূল নায়ক জাৰামাৰী লাঙ্গীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২নং ৱাৰ্ডৰ মেম্বাৰ ছাবিনা খাতুনৰ স্বামী ছাইফুল ইছলাম আৰু ৰাহুল আমিন ভূঞা । ইতিমধ্যে ভুক্তভোগী লোকসকলে এই দুই জনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । এই দুই অভিযুক্তৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰিব সেয়া পৰবৰ্তী সময়তহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : অৱশেষত উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অজাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.