ETV Bharat / state

বাক্সাত যিকোনো মুহুৰ্ততে বিদ্যুতৰ তাঁৰে আনিব পাৰে বিপদ

author img

By

Published : Jul 3, 2021, 7:35 PM IST

বিদ্যুতৰ তাঁৰে বিপদ আনিব পাৰে স্থানীয় ৰাইজলৈ
বিদ্যুতৰ তাঁৰে বিপদ আনিব পাৰে স্থানীয় ৰাইজলৈ

বাক্সা জিলাৰ ধমধমাত বিদ্যুতৰ তাঁৰ মানুহৰ মূৰৰ ওপৰেদি গৈছে ৷ যিকোনো মুহুৰ্ততে বিপদৰ আশংকা স্থানীয় ৰাইজৰ ৷ শক্তিমন্ত্ৰী বিমল বৰাৰ (Bimal Bora) প্ৰত্যক্ষ‍ সহযোগত এতিয়া অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি অহা গ্ৰাহকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে এ পি ডি চি এলে (APDCL) । বিভাগটোৱে শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাত এচাম অসৎ বিদ্যুৎ গ্ৰাহকৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে ৷

বাক্সা, 3 জুলাই : ৰাজ্যত ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta biswa sharma)ৰ নেতৃত্বাধীন নতুন চৰকাৰে কাৰ্য‍ভাৰ গ্ৰহণ কৰাৰ পাচতেই কেইবাটাও বিভাগ সক্ৰিয় হৈ পৰা দেখা গৈছে । আন আন ক্ষেত্ৰৰ দৰে পিছ পৰি ৰোৱা নাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এল (APDCL)। ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাৰ (Bimal Bora) প্ৰত্যক্ষ‍ সহযোগত এতিয়া অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি অহা গ্ৰাহকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে এ পি ডি চি এলে (APDCL) । বিভাগটোৱে শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাত এচাম অসৎ বিদ্যুৎ গ্ৰাহকৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে ৷

বিদ্যুতৰ তাঁৰে বিপদ আনিব পাৰে স্থানীয় ৰাইজলৈ
বিদ্যুতৰ তাঁৰে বিপদ আনিব পাৰে স্থানীয় ৰাইজলৈ

ধমধমাত সততে সমালোচনাৰ সন্মুখীন হৈ অহা কেতিয়াবা বিদ্যুতৰ পৰিবাহী তাঁৰ চিঙি মানুহৰ লগতে জীৱ-জন্তুৰ মৃত্যু ইত্যাদি প্ৰায়ে সংঘটিত হৈ আছে ৷ বিভাগটোৰ কৰ্মচাৰীসকল এই ক্ষেত্ৰত নীৰৱ ভুমিকা পালন কৰা দেখা যায় ৷ বাক্সা জিলাৰ ধমধমাৰ নিকটৱৰ্তী এখন গাওঁ ভেৰভেৰী, যত 11,000 ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰ ঘৰৰ ওপৰেদি লৈ গৈছে ৷

বিদ্যুতৰ তাঁৰে বিপদ আনিব পাৰে স্থানীয় ৰাইজলৈ
বিদ্যুতৰ তাঁৰে বিপদ আনিব পাৰে স্থানীয় ৰাইজলৈ

তাৰোপৰি গাঁৱখনৰ মাজেৰে লৈ যোৱা বিদ্যুত পৰিবাহী তাঁৰৰ খুটাবোৰ চাপৰ হোৱাৰ বাবে মানুহৰ মুৰৰ ওপৰেদি গৈছে ৷ যিকোনো মুহুৰ্ততে অনাকাংক্ষিত দুৰ্ঘটনা হোৱাটো নিশ্চিত হৈ পৰিছে ৷

বিদ্যুতৰ তাঁৰে বিপদ আনিব পাৰে স্থানীয় ৰাইজলৈ
বিদ্যুতৰ তাঁৰে বিপদ আনিব পাৰে স্থানীয় ৰাইজলৈ

গাঁৱখনৰ প্ৰতিঘৰ মানুহে হাঙোটা লগাই বিদ্যুত চুৰ কৰা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত ধমধমা সংমণ্ডলৰ বিদ্যুত বিভাগৰ কৰ্মচাৰী সকলে কোনো গুৰুত্ব লোৱা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ চৰকাৰী নিয়ম মতে ৰাইজে বিদ্যুত সংযোগ লৈছে তেনে স্থলত বিদ্যুত বিভাগে সময়ে সময়ে বিদ্যুতৰ তাৰ সমুহ নিৰিক্ষণ কৰাৰ বাবে আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক:চৰকাৰৰ দায়িত্বহীনতা: স্থানীয় লোকে মেৰামতি কৰিলে ভগ্ন মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.