ETV Bharat / state

আংশিক লক ডাউনে প্ৰভাৱ পেলাইছে ই-ৰিক্সা চালকৰ জীৱনত

author img

By

Published : May 20, 2021, 1:06 PM IST

যাত্ৰীৰ বাবে পথৰ দাঁতিত বোন্দাপৰ ই-ৰিক্সা চালকৰ
যাত্ৰীৰ বাবে পথৰ দাঁতিত বোন্দাপৰ ই-ৰিক্সা চালকৰ

আংশিক লক ডাউনৰ বাবে বিপাঙত পৰিছে ই-ৰিক্সা চালকসকল ৷ যাত্ৰীৰ বাবে পথৰ দাঁতিত বোন্দাপৰ দিবলগীয়া হৈছে ই-ৰিক্সা চালকসকলে ৷

বাক্সা,20 মে’: এফালে ক’ভিড আৰু আনফালে লক ডাউন ৷ বিপাঙত পৰিছে এতিয়া পেটে ভাতে খাই থকা লোকসকল ৷ ক’ভিডৰ ভয়াৱহ বৃদ্ধিয়ে জনজীৱন বিপদাপন্ন কৰাৰ লগতে দৈনিক মজুৰি কৰা অথবা ই-ৰিক্সা চালকসকলৰ পৰিয়ালৰ দুৰৱস্থাই কুলাই পাচিয়ে নধৰা অৱস্থা হৈছে ৷

বিশেষকৈ ই-ৰিক্সা চালকসকলে পুৱা ঘৰৰ পৰা ওলাই অহাৰ পিছত যাত্ৰীৰ বাবে বোন্দাপৰ দিবলগীয়া হয় ৷ পুৱাৰ ভাগত কিছু যাত্ৰী থাকে যদিও আবেলি সম্পূৰ্ণ লক ডাউন হোৱাৰ ফলত তেওঁলোকে ঘৰলৈ যাবলৈ বাধ্য হয় ৷ যাৰ ফলত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগা হৈছে ই-ৰিক্সাৰ চালকসকল ৷

যাত্ৰীৰ বাবে পথৰ দাঁতিত বোন্দাপৰ ই-ৰিক্সা চালকৰ

এনেদৰে যদি আৰু এক-দুমাহ চলি থাকে, তেন্তে পৰিয়াল চলোৱাত বহু কষ্ট হ’ব বুলিও মন্তব্য কৰে ই-ৰিক্সা চালকসকলে ৷ কাল কৰ’ণাৰ ফলত হোৱা লক ডাউনত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ই-ৰিক্সাৰ চালকসকলৰ পৰিয়ালত ৷

লগতে পঢ়ক: মৃত ক'ভিড ৰোগীক চিকিৎসা কৰি চিকিৎসক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.