ETV Bharat / state

BPF ক অস্ত যোৱা সূৰ্য আখ্যা বিটিচি প্ৰধান প্ৰমোদ বড়োৰ

author img

By

Published : Sep 9, 2022, 8:22 PM IST

BTR chief Pramod Boro
BPF অস্ত যোৱা সূৰ্য, UPPL উদিত সূৰ্য: প্ৰমোদ বড়ো

বি পি এফ দল এটা অস্ত যোৱা সূৰ্য বুলি মন্তব্য বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ (BTR chief Pramod Boro) ৷ বি পি এফৰ প্ৰতি ৰাইজে আস্থা হেৰুওৱা বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে ৷

বাক্সা, ৯ চেপ্তেম্বৰ: ‘‘বি পি এফ দল এটা অস্ত যোৱা সূৰ্য । সোতৰ বছৰে বি পি এফে যি ভুল কৰিছে তাৰ পাছতো যদি তেওঁলোকে কিবা আশা পুহি ৰাখিছে তাৰ কোনো বাস্তৱ ফল নাপাব’’। শুকুৰবাৰে বাক্সাৰ অদালবাৰীত এখন দলীয় সভাত অংশগ্ৰহণ কৰি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে এইদৰে মন্তব্য কৰে (BTR chief Pramod Boro)।

বড়োৱে বি পি এফৰ প্ৰতি ৰাইজে আস্থা হেৰুৱা বুলি উল্লেখ কৰি ইউ পি পি এল দলক উদিত সূৰ্য বুলি অভিহিত কৰে । একাংশ বি পি এফে নেতাই ইউ পি পি এল দলৰ শাসন কালত বি টি চিত কমিছনৰাজ চলা বুলি কৰা অভিযোগ খণ্ডন কৰি বিগত সোতৰ বছৰত বি পি এফে কোটি কোটি টকা লুণ্ঠন কৰা বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে (Pramod Boro alleged BPF of corruption)।

BPF অস্ত যোৱা সূৰ্য, UPPL উদিত সূৰ্য: প্ৰমোদ বড়ো

বি পি এফৰ দিনত আৱণ্টন দিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ(Pradhan Mantri Awas Yojana) ঘৰসমূহ আজিও অৰ্ধনিৰ্মিত হৈ থকা বুলি উল্লেখ কৰি বৰ্তমান সময়ত উক্ত গৃহ নিৰ্মাণৰ নামত কিবা অভিযোগ পালে তেনে ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে ।

আনহাতে, অনুষ্ঠানত অংশগ্ৰহণ কৰি বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই(BTR EM Rakesh Brahma) কয় যে বৰ্তমান বি পি এফ দল শূন্য কৰাৰ অভিযান চলি আছে আৰু অতি কম দিনৰ ভিতৰত বিটিচিত বি পি এফ শূন্য হ’ব । আনহাতে, কম দিনৰ ভিতৰত বিপিএফ দল বিভাজন হ’ব বুলি কৈ বি পি এফৰ ধ্বংস অনিবাৰ্য বুলি কয় কাৰ্যবাহী সদস্যগৰাকীয়ে ।

আজিৰ এই দলীয় সভাত বি পি এফ দলৰ তিনি হাজাৰ নেতা কৰ্মীয়ে ইউ পি পি এল দলত যোগদান কৰে (UPPL joining meeting in Baksa)।

লগতে পঢ়ক: হায়দৰাবাদত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত অথন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.