BTR Chief at Thaikarakuchi : শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ ঘৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR Chief Pramod Bodo)

author img

By

Published : Nov 20, 2021, 4:54 PM IST

Updated : Nov 20, 2021, 5:08 PM IST

btr-cheif-pramod-bodo-at-thaikarakuchi-to-tribute-martyr-suman-swargiary
শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ ঘৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ()

শ্বহীদ সুমন স্বৰ্গীয়াৰী(Martyr Suman Swargiary)ৰ ঘৰত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR Chief Pramod Bodo) ৷ শ্বহীদগৰাকীৰ পৰিয়ালৰ অৱস্থাৰ বুজ ল’বলৈ শনিবাৰে থৈকাৰাকুছিত উপস্থিত হয় বিটিআৰ প্ৰধানগৰাকী ৷ বড়োক সংগ দিয়ে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে(Speaker of BTC Katiram Bodo at thaikarakuchi) ৷

বাক্সা, 20 নৱেম্বৰ : বাক্সা জিলাৰ বৰমাৰ থৈকাৰাকুছিস্থিত বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰী(Martyr Suman Swargiary)ৰ বাসগৃহত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR Chief Pramod Bodo) ৷ বিগত কিছুদিন পূৰ্বে মণিপুৰৰ চূড়ন্দৰপুৰ(Ambush in Manipur)ত সংঘটিত হৈছিল অসম ৰাইফলছৰ বাহনত উগ্ৰপন্থীৰ ভয়াৱহ আক্ৰমণ(Attack on Assam Rifles in manipur) ৷ উক্ত আক্ৰমণত নিহত হৈছিল অসম ৰাইফলছৰ এগৰাকী কমাণ্ডি অফিচাৰ, পত্নী-পুত্ৰকে ধৰি মুঠ আঠজনকৈ লোক ৷ এই আক্ৰমণতে নিহত হৈছিল বাক্সাৰ অসম ৰাইফলছত কৰ্মৰত জোৱান সুমন স্বৰ্গীয়াৰী ৷

লগতে চাওক: Ambush In Manipur : সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ বাক্সা

শ্বহীদগৰাকীৰ মৃত্যুৰ পিছতে তেওঁৰ বাসগৃহত ভিৰ কৰেহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Of Assam Dr Himanta Biswa Sarma), স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, কেবিনেট মন্ত্ৰী ৰণজিৎ দাসকে ধৰি অন্যান্য কেইবাগৰাকীও ৰাজনৈতিক দল-সংগঠনৰ নেতাসকলে ৷ শনিবাৰে শ্বহীদগৰাকীৰ ঘৰত উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR Cheif Pramod Bodo) ৷ বড়োৱে শ্বহীদগৰাকীৰ ফটোত মাল্যাৰ্পণ কৰে ৷

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ ঘৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

ইয়াৰ লগতে অসম ৰাইফলছৰ জোৱানৰ ওপৰত হোৱা উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বড়োৱে কয় যে, উগ্ৰপন্থীয়ে সাধাৰণ লোকসকলক হত্যা কৰিলেও চৰকাৰৰ পৰা একো সা-সুবিধা লাভ কৰিব নোৱাৰিব ৷ সশস্ত্ৰ উগ্ৰপন্থী সংগঠনসমূহক বড়োৱে হত্যা-হিংসাৰ পৰা আঁতৰত থাকিবলৈও আহ্বান জনায় ৷ তদুপৰি পৰৱৰ্তী সময়ত বিটিআৰ চৰকাৰে শ্বহীদগৰাকীৰ এটি প্ৰতিমূৰ্তি তেওঁৰ বাসগৃহত স্থাপন কৰাৰ লগতে এটা বোঁৱা-কটা কেন্দ্ৰ স্থাপনৰ আশ্বাস প্ৰদান কৰে ৷

ইফালে শ্বহীদ সুমন স্বৰ্গীয়াৰী(Martyr Suman Swargiary)ৰ পৰিয়ালৰ এগৰাকী সদস্যক চৰকাৰী চাকৰি দিয়াৰ চিন্তা-চৰ্চা অব্যাহত থকা বুলি প্ৰমোদ বড়োৱে প্ৰকাশ কৰে ৷ বৰমাৰ অন্তৰ্গত থেকেৰাকুছি গাঁৱখন দেশৰ স্বাধীনতাৰ 74 বছৰ অতিক্ৰম কৰাৰ পিছতো অনগ্ৰসৰ হৈ ৰৈছে ৷ তেনেক্ষেত্ৰত এগৰাকী শ্বহীদৰ গাঁও হিচাপে থেকেৰাকুছিৰ উন্নয়নৰ লগতে বিশুদ্ধ খোৱাপানীৰ সমস্যা দূৰ কৰা, বাট-পথৰ সমস্যা দূৰ কৰা আদিত চৰকাৰে সহায় আগবঢ়াব বুলিও কয় বড়োৱে ৷ উল্লেখ্য যে, শনিবাৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সৈতে উপস্থিত আছিল বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো(Speaker of BTC Katiram Bodo at thaikarakuchi) ৷

লগতে চাওক: Martyr Suman Swargiary : থেকেৰাকুছিত শ্বহীদৰ ঘৰত এবছুৰ সভাপতি দ্বীপেন বড়ো

Last Updated :Nov 20, 2021, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.