ETV Bharat / state

বিজেপিৰ নিৰ্বাচনী তৎপৰতা: বৰমাত পৃষ্ঠা প্ৰমুখ সন্মিলন

author img

By

Published : Feb 7, 2021, 5:46 PM IST

বিজেপিৰ নিৰ্বাচনী তৎপৰতা: বৰমাত পৃষ্ঠা প্ৰমুখ সন্মিলন
বিজেপিৰ নিৰ্বাচনী তৎপৰতা: বৰমাত পৃষ্ঠা প্ৰমুখ সন্মিলন

৬২ নং বৰমা সমষ্টিৰ বৰজাৰত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আয়োজন কৰা হয় পৃষ্ঠা প্ৰমুখ সন্মিলনৰ । বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়োৰ তৎত্বাৱধানত অনুষ্ঠিত সন্মিলনত বিজেপিৰ ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা ,বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালসহ কেইবাগৰাকী শীৰ্ষ ৰাজ্য়িক নেতা উপস্থিত থাকে ।

বাক্সা, ৭ ফেব্ৰুৱাৰী: নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত অধিক তৎপৰতা বৃদ্ধি পাইছে । শাসকীয় দল বিজেপিয়ে ঠায়ে ঠায়ে আয়োজন কৰিছে পৃষ্ঠা প্ৰমুখ সন্মিলনৰ । দেওবাৰে ৬২ নং বৰমা সমষ্টিৰ বৰজাৰত দলটোৱে আয়োজন কৰে বিশাল পৃষ্ঠা প্ৰমুখ সন্মিলনৰ । বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়োৰ তৎত্বাৱধানত অনুষ্ঠিত সন্মিলনত বিজেপিৰ ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা ,বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালসহ কেইবাগৰাকী শীৰ্ষ ৰাজ্য়িক নেতা উপস্থিত থাকে । সমষ্টিটোৰ কেইবাশ লোকে অংশগ্ৰহণ কৰে বিজেপিৰ এই কাৰ্যসূচীত ।

শীৰ্ষ নেতৃত্বৰ আহ্বান মৰ্মে এই পৃষ্ঠা প্ৰমুখ সন্মিলনৰ আয়োজন কৰাৰ কথা উল্লেখ কৰে উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়োৱে । লগতে তেওঁ উল্লেখ কৰে যে কেৱল এই অনুষ্ঠানে নহয় তেওঁৰ নেতৃত্বত ঘৰে ঘৰে গৈ প্ৰতিটো পৰিয়ালৰ সৈতে দলৰ কৰ্মীসকলে কথা পাতিব বুলিও জনালে উপ-সভানেত্ৰীগৰাকীয়ে । ইফালে অহা নিৰ্বাচনত বিজেপি দলে পুনৰ চৰকাৰ গঠন কৰিব বুলি নিশ্চিত ৰেখাৰাণী দাস বড়ো ।

লগতে পঢ়ক:আলগাপুৰ সমষ্টিত বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.