ETV Bharat / state

একে নামৰে দ্বিতীয় সংগঠন খোলাক লৈ ক্ষুব্ধ এবিএমছু

author img

By

Published : Nov 26, 2020, 1:02 PM IST

বাক্সাত এবিএমছুৰ নামত নতুন কেন্দ্ৰীয় সমিতি বন্ধ কৰাৰ দাবীত জৰুৰী বৈঠক ৷ পদবী লাভ কৰি একাংশ সংখ্যালঘু যুৱকে দলৰ ওপৰত দল খুলি বিভ্ৰান্তি সৃষ্টি কৰা কাৰ্যক গৰিহণা মুছলপুৰ জিলা এবিএমছুৰ ৷

Abmsu Conflict
Abmsu Conflict

বাক্সা, 26 নৱেম্বৰ : সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰসন্থা চমুকৈ এবিএমছু নামেৰে ছাত্ৰ সংগঠন এটা থকাৰ পাচত পুনৰ মঙলবাৰে বিজনিত কেন্দ্ৰীয় সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু) নামেৰে নতুন সংগঠন এটা জন্ম দিয়াক কেন্দ্ৰ কৰি সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থা আৰু সংখ্যালঘু ছাত্ৰ সন্থাৰ মাজত সৃষ্টি হয় সংঘাতৰ ৷ সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থাৰ অজ্ঞাতে বিজনিত কেইজনমান মুষ্টিমেয় ধৰ্মীয় সংখ্যালঘু যুৱকে কেন্দ্ৰীয় সংখ্যালঘু ছাত্ৰ সন্থা নামেৰে এটা নতুন সংগঠন জন্ম দিয়াত সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সংগঠনৰ মুছলপুৰ জিলা সমিতিয়ে জিলা সদৰ মুছলপুৰত এক সংবাদমেল আয়োজন কৰে ৷

সংবাদমেলত সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থাৰ নেতৃত্বই নৱগঠিত কেন্দ্ৰীয় সমিতিখন অবৈধ বুলি মন্তব্য কৰি নৱগঠিত কেন্দ্ৰীয় সমিতিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ আনকি সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থা নামৰ এটা সংগঠন থকাৰ পাচত নতুন সমিতি গঠন কৰা কাৰ্যক ধিক্কাৰ দি তেনে ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ সঁকিয়াই দিয়ে ৷

একে নামৰে দ্বিতীয় সংগঠন খোলাক লৈ ক্ষুব্ধ এবিএমছু

ইফালে বিটিচি পৰিষদীয় নিৰ্বাচনৰ আগত নতুন সমিতি গঠনেৰে ৰাজনৈতিক কোনো কোনো দলৰ লগত মিতিৰালি কৰি মুনাফা লোৱাৰ অপচেষ্টা লোৱাৰ সন্দেহ ব্যক্ত কৰে সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থাৰ মুছলপুৰ জিলা সমিতিয়ে ৷

লগতে পঢ়ক : চৰকাৰী বাসভৱনত শেষবাৰলৈ তৰুণ গগৈৰ নশ্বৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.