ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Feb 20, 2021, 11:11 AM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাই শুকুৰবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী
মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী

চতিয়া, 20ফেব্ৰুৱাৰী: পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাই শুকুৰবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো সদৌ জামুগুৰি ছাত্ৰ সন্থাই জামুগুৰি ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সন্মুখতে বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আছুৰ সদস্য সকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰৰ হায় হায় আদি ধ্বনিৰে অঞ্চলটোৰ আকাশ বতাহ উত্তাল কৰি তোলে । বিক্ষোভ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজৰ সুখ দুখৰ প্ৰতি পিঠি দিয়াৰ বাবেই এইদৰেই ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা বুলি উল্লেখ কৰাৰ লগতে অতি সোনকালে অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে ৰাইজক লগত লৈ আৰু অধিক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈও বাধ্য হ'ব বুলি সকীয়ানি প্ৰদান কৰে ৷

বাক্সা: শুকুৰবাৰে বাক্সাৰ তামুলপুৰতো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধৰ দাবীত উত্তাল হয় কুমাৰীকাটা ৷ আছুৰ কৰ্মকৰ্তা সকলে হাতে হাতে বেনাৰ প’ষ্টাৰ লৈ অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী হুচিয়াৰ, অসম চৰকাৰ হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগানেৰে কুমাৰীকাটাৰ ৰাজপথ কঁপাই তোলে ।

তামুলপুৰৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ শৰণীয়া, সহ সম্পাদক ডুলুজিৎ দাস, কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণকৃষ্ণ দাসৰ লগতে শতাধিক আছুৰ কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়কঃ এখন বিশেষ বজাৰত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.