ETV Bharat / state

বাক্সাত ১৭ খন বিছনাযুক্ত আইচিইউ ইউনিট মুকলি প্ৰমোদ বড়োৰ

author img

By

Published : Aug 16, 2021, 10:50 PM IST

Dr Ravi Boro Civil Hospital
বাক্সাত ১৭ খন বিছনাযুক্ত আইচিইউ ইউনিট মুকলি প্ৰমোদ বড়োৰ

ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়(Dr. Ravi Boro Civil Hospital)ত সংযোজন কৰা হ'ল ১৭ খন বিছনাযুক্ত এটা আইচিইউ ইউনিট ৷ সোমবাৰে ইউনিটটো মুকলি কৰে প্ৰমোদ বড়োৱে ৷

বাক্সা,১৬ আগষ্ট : বাক্সা জিলাৰ সদৰ মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়(Dr. Ravi Boro Civil Hospital)ত সোমবাৰে ১৭ খন বিছনাযুক্ত এটা আইচিইউ ইউনিট(ICU Unit) আনুষ্ঠানিভাৱে মুকলি কৰা হয় । ইউনিট(ICU Unit)টো ৰঙা ফিটা কাটি মুকলি কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ এই উপলক্ষে ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয় চৌহদত এক সভাৰ আয়োজন কৰা হয় ৷

বাক্সাত ১৭ খন বিছনাযুক্ত আইচিইউ ইউনিট মুকলি প্ৰমোদ বড়োৰ

সভাত প্ৰমোদ বড়োৱে কয়, বিটিচিৰ ভিতৰতেই বাক্সা জিলাৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ১৩ কোটি ১৬ লাখ টকাৰ আঁচনিৰে নিৰ্মাণ কৰা এই আইচিইউ ইউনিট(ICU Unit)টো সংযোজন কৰা হ'ল । ক'ভিডৰ সময়ত এই আইচিইউ ইউনিট(ICU Unit)ৰ জৰিয়তে ৰোগীসকলৰ যথেষ্ট উপকাৰ হ'ব । আন চিকিৎসালয়লৈ স্থানান্তৰ নকৰাকৈয়ে যাতে ইয়াতেই চিকিৎসা প্ৰদান কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈও চিকিৎসক সকলক আহ্বান জনাই প্ৰমোদ বড়োৱে ৷

লগতে পঢ়ক : এতিয়াৰে পৰা বায়ুসেনা সহ বিশাল সামৰিক সম্পত্তিৰ অধিকাৰী হ’ব তালিবান

"বিচিটি অঞ্চলৰ চিকিৎসালয়সমূহৰ প্ৰধান সমস্যা হৈছে উপযুক্ত চিকিৎসকৰ অভাৱ ৷ এই সমস্যাটো সমাধান কৰিবলৈ ইতিমধ্যে অসমৰ চৰকাৰৰ লগত আলোচনা কৰা হৈছে ৷" সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷

ইফালে, ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, আগৰ পৰাই আইচিইউ ইউনিটৰ(ICU Unit)ৰ প্ৰয়োজন আছিল যদিও ক'ভিড পৰিস্থিতিৰ বাবে হাস্পতালখনত আইচিইউ ইউনিটৰ(ICU Unit)ৰ সংযোজন কৰাতো অতিকৈ প্ৰয়োজন হৈ পৰিছিল ৷ সেয়ে দুই মাহৰ ভিতৰত আইচিইউ ইউনিটটো নিৰ্মাণ কৰি উলিওৱা হ'ল । অনুষ্ঠানত বাক্সা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গকে আদি কৰি কেFবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: APSC কেলেংকাৰী : পুনৰ পাঁচগৰাকী বিষয়ালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.