ETV Bharat / sports

Tokyo Olympics 2020 : ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী তাৰকাসকল

author img

By

Published : Aug 8, 2021, 9:28 PM IST

Tokyo Olympics 2020: The stars of India's best ever Olympic performance
Tokyo Olympics 2020: অলিম্পিকত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ তাৰকাসকল

শনিবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰে টকিঅ’ অলিম্পিক 2020 (Tokyo Olympics 2020) ৷ টকিঅ’ত দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনা খেলুৱৈসকলৰ উপৰিও কিছুদূৰ বাটৰ বাবে পডিয়ামৰ সপ্নৰ সাৰ্থক কৰিবলৈ সক্ষম নোহোৱা যোদ্ধাসকলৰ বিষয়ে আহক জানো কিছু কথা...

স্পৰ্টছ ডেস্ক, 8 আগষ্ট : নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে টকিঅ’ত অলিম্পিক (Tokyo Olympics 2020) যাত্ৰাৰ সামৰণি পেলালে ভাৰতে ৷ টকিঅ’ অলিম্পিকত 7 টা পদক জয়ৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অলিম্পিয়ান সকলৰ উপৰিও মাত্ৰ কিছুদূৰ বাটৰ বাবে পডিয়ামৰ সপ্নৰ সাৰ্থক কৰিবলৈ সক্ষম নোহোৱা যোদ্ধাসকলৰ বিষয়ে আহক জানো কিছু কথা

নীৰজ চোপ্ৰা : স্বৰ্ণ

সকলোৱে কয় ‘শ্ৰেষ্ঠটো শেষলৈ ৰাখি থ’ব লাগে’ ৷ অলিম্পিকত ভাৰতৰ বাবে এই কথাটোৱে যেন সত্য প্ৰমাণিত কৰিছে 23 বৰ্ষীয় জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই ৷ ভাৰতৰ হৈ এথলেটিকছত অলিম্পিকৰ প্ৰথমটো পদক লাভ কৰাৰ লগতে একক শাখাত স্বৰ্ণ জয় কৰা দ্বিতীয় গৰাকী ভাৰতীয় নীৰজ চোপ্ৰা ৷

কেইবা দশক ধৰি ভৰতে ‘নিচেই কাষত’ ৰ কাহিনী শুনাৰ পাচত শনিবাৰে অৱশেষত এই স্বৰ্ণীল মুহুৰ্তৰ সাক্ষী হ’বলৈ সুযোগ লাভ কৰে ৷ জেভলিনত নীৰজ চোপ্ৰাই 87.58 মিটাৰৰ থ্ৰ’ৰে ভাৰতক টকিঅ’ত প্ৰথমটো স্বৰ্ণ জয়ৰ সোৱাদ দিয়ে ৷

এটি সাধাৰণৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা নীৰজে প্ৰথমাৱস্থাত ওজন কমাবলৈ এথলেটিকছত প্ৰৱেশ কৰিছিল ৷

Tokyo Olympics 2020: The stars of India's best ever Olympic performance
নীৰজ চোপ্ৰা

এদিনাখন তেওঁক খুৰাকে দৌৰিবলৈ পানীপথৰ শিবাজী ষ্টেডিয়ামলৈ লৈ যায় ৷ কিন্তু চোপ্ৰা দৌৰৰ প্ৰতি আগ্ৰহী নাছিল ৷ ইয়াৰ বিপৰীতে জেভলিন থ্ৰ’ৱে তেওঁক আকৰ্ষিত কৰিছিল ৷

ভাৰতীয় সেনাৰ ৰাজপুতানা ৰাইফলৰ চুবেদাৰ নীৰজ চোপ্ৰাই 2016 চনৰ junior world championshipsত স্বৰ্ণ জয় কৰাৰ লগতে 86.48 মিটাৰ থ্ৰ’ৰে Under-20ৰ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় যি এতিয়াও বাহাল আছে ৷

ইয়াৰ উপৰিও চোপ্ৰাই 2018 চনৰ কমনৱেল্থ গেমছ, এছিয়ান গেমছ আৰু 2017 চনৰ এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷

মীৰবাঈ চানু: ৰূপ

26 বৰ্ষীয় মণিপুৰৰ ভাৰোত্তোলকগৰাকীয়ে সমগ্ৰ দেশৰে আশা পুনৰ জাগ্ৰত কৰি তোলে যেতিয়া প্ৰায় 21 বছৰৰ অন্তত ভাৰোত্তোলনত তেওঁ দেশক অলিম্পিক পদক প্ৰদান কৰিবলৈ সক্ষম হয় ৷ 24 জুলাইত অলিম্পিকৰ প্ৰথমটো দিনতে ভাৰোত্তোলনৰ মহিলাৰ 49 কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰে মীৰাবাঈ চানুৱে ৷

খেলৰ সময়ত মাতৃয়ে তেওঁক উপহাৰ হিচাপে প্ৰদান কৰা অলিম্পিক ৰিঙৰ সৈতে সাদৃশ্য থকা কাণফুলি পৰিধান কৰিছিল মীৰহাঈ চানুৱে ৷ চানুৱে মুঠ 202 কিলোগ্ৰাম ভাৰ উত্তোলন কৰিছিল (87 কিলোগ্ৰাম+115 কিলোগ্ৰাম) ৷

Tokyo Olympics 2020: The stars of India's best ever Olympic performance
মীৰাবাঈ চানু

মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় 20 কিলোমিটাৰ আঁতৰৰ নাংপোক কাকছিং গাঁৱৰ জন্মলাভ কৰা চানুৱে সৰুতে কাষৰ হাবিৰ পৰা কাঠ কাটি ঘৰলৈ কঢ়িয়াই আনিছিল ৷ ইয়াৰ উপৰিও পানীৰ বাবে কাষৰ পুখুৰীৰ পৰা পানী কঢ়িয়াবলগীয়া হৈছিল চানুৱে ৷

2017ৰ world champion গৰাকী প্ৰথমাৱস্থাত ধনুৰ্বিদ হ’ব বিচাৰিছিল ৷ কিন্তু নিয়তিয়ে তেওঁৰ বাবে অন্য পৰিকল্পনাহে প্ৰস্তুত কৰি ৰাখিছিল ৷ মণিপুৰৰ কিংবদন্তি ভাৰোত্তোলক এন. কুঞ্জৰাণী দেৱীৰ বিষয়ে পঢ়ি ভাৰোত্তোলক হিচাপে নিজকে প্ৰস্তুত কৰে মীৰাবাঈ চানুৱে ৷

ৰবি দহিয়া: ৰূপ

হাৰিয়ানাৰ সোণপটৰ 23 বৰ্ষীয় পালোৱান গৰাকীয়ে অলিম্পিকৰ পুৰুষৰ 57 কেজি ফ্ৰিষ্টাইল শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ তেওঁৰ অপৰিসীম শক্তি, মনোবল আৰু টেকনিকেল পাৱাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা দহিয়া দিল্লীৰ ছত্ৰশাল ষ্টেডিয়ামৰ প্ৰশিক্ষাৰ্থী ৷ ইয়াৰ পৰাই দেশে সুশীল কুমাৰ আৰু যোগেশ্বৰ দত্তৰ দৰে অলিম্পিয়ান লাভ কৰিবলৈ সক্ষম হৈছে ৷

Tokyo Olympics 2020: The stars of India's best ever Olympic performance
ৰবি দহিয়া

2019 চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল জয়েৰে দহিয়াই টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল ৷ ইয়াৰ উপৰিও তেওঁ 2020 চনত Asian Championshipতো জয়লাভ কৰাৰ লগে লগেই তেওঁৰ অন্য শিখৰত উপনীত হয় ৷

তেওঁৰ পিতৃয়ে অনুশীলনৰ সময়ছোৱাত প্ৰতিদিনে 60 কিলোমিটাৰ বাট অতিক্ৰম কৰি তেওঁক গাখীৰ আৰু মাখন দিবলৈ আহিছিল যাতে পুত্ৰই সঠিক পুষ্টি লাভ কৰে ৷

পি ভি সিন্ধু: ব্ৰঞ্জ

ভাৰতীয় অলিম্পিক দলটোৰ এগৰাকী শক্তিশালী খেলুৱৈ আছিল পি ভি সিন্ধু আৰু এই কথাকেই সত্য প্ৰমাণিত কৰিলে সিন্ধুৱে ৷ 26 বৰ্ষীয় খেলুৱৈগৰাকীয়ে বেডমিন্টনত ভাৰতক ব্ৰঞ্জৰ পদক প্ৰদান কৰিবলৈ সক্ষম হয় ৷ ৰিঅ’ত ৰূপ দখলৰ পিছতে দ্বিতীয়বাৰৰ বাবে অলিম্পিক পদক লাভ কৰিবলৈ সক্ষম হৈছে সিন্ধুৱে ৷

Tokyo Olympics 2020: The stars of India's best ever Olympic performance
পি ভি সিন্ধু

হায়দৰাবাদৰ খেলুৱৈগৰাকীয়ে 2018 চনত ৱৰ্ল্ড চেম্পিয়নশ্বিপ (world championship), এছিয়ান গেমছ, কমনৱেল্থ গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জ দখলেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

ভাৰতীয় পুৰুষ হকী দল: ব্ৰঞ্জ

চাৰি দশকজোৰা কষ্ট আৰু হতাশাৰ অৱশেষত অন্ত পৰে যেতিয়া টকিঅ’ত ভাৰতীয় পুৰুষ হকী দলটোৱে ব্ৰঞ্জ আজুৰি আনিবলৈ সক্ষম হয় ৷ প্ৰায় 41 বছৰৰ অন্তত হকীত পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় পুৰষ দলটোৱে ৷

দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই 1-7ত পৰাজিত কৰা দলটোৱে মনপ্ৰীত সিঙৰ নেতৃত্বত পুনৰুত্থান কৰিবলৈ সক্ষম হয় ৷ যদিও ছেমি ফাইনেলত শক্তিশালী বেলজিয়ামৰ হাতত পৰাস্ত হয় দলটো কিন্তু ব্ৰঞ্জৰ যুঁজত শেষ বাৰৰ বাবে অৱতীৰ্ণ হৈ দেশক এক গৌৰৱৰ মুহূৰ্ত উপহাৰ দিয়ে দলটোৱে ৷

Tokyo Olympics 2020: The stars of India's best ever Olympic performance
ভাৰতীয় পুৰুষ হকী দল

মনপ্ৰীতে নিজৰ নেতৃত্বৰে দলটোক উৎসাহিত কৰাৰ লগতে, গ’লৰক্ষক পি আৰ শ্ৰীজেশ শৃংখলাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হয় ৷

দলটোৰ খেল দেখি এনে লাগিছিল যেন দলটোৱে জয়ৰ লক্ষ্যত উপনীত হ’ম বুলিয়েই টকিঅ’ত পদাৰ্পন কৰিছে ৷ আনহাতে, ব্ৰঞ্জৰ বাবে হোৱা খেলখনত সুন্দৰ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সীমৰণজিৎ সিঙে ৷

প্ৰথমাৱস্থাত মুখ্য দলৰ অংশ নাছিল সীমৰণজিৎ ৷ কিন্তু ক’ভিড মহামাৰীৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ (International Olympic Committee) অতিৰিক্ত খেলুৱৈ ৰখাৰ সিদ্ধান্তৰ পিছতহে তেওঁক দলত অন্তৰ্ভুক্ত কৰা হয় ৷

লাভলীনা বৰগোঁহাই: ব্ৰঞ্জ

অলিম্পিকত অভিষেক কৰিয়ে দেশৰ বাবে ব্ৰঞ্জ দখল কৰিবলৈ সক্ষম হৈছে লাভলীনাই ৷ অসমৰ গোলাঘাট জিলাৰ বাৰমুখীয়া গাঁৱত জন্মগ্ৰহণ কৰা 23 বৰ্ষীয় বক্সাৰগৰাকীয়ে বক্সিঙলৈ অহাৰ পূৰ্বে তেওঁৰ দুয়োগৰাকী বায়েকৰ দৰে কিক বক্সাৰহে হ’ব বিচাৰিছিল ৷

Tokyo Olympics 2020: The stars of India's best ever Olympic performance
লাভলীনা বৰগোঁহাই

অলিম্পিকলৈ যাবলগীয়া বক্সিং দলটোৱে বিশেষ প্ৰশিক্ষণৰ বাবে ইউৰোপলৈ যোৱাৰ এদিন পূৰ্বেই ক’ভিডত আক্ৰান্ত হৈছিল লাভলীনা ৷ কিন্তু মহামাৰীয়েও তেওঁক নিজৰ লক্ষ্যত উপনীত হোৱাত বাধা প্ৰদান কৰিব নোৱাৰিলে ৷ কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেৰ নিয়েন চীন চেনক হৰুৱাই ব্ৰঞ্জ দখল কৰিবলৈ সক্ষম হয় লাভলীনাই ৷

বিজেন্দৰ সিং, মেৰী কমৰ পিছতে দেশৰ হৈ বক্সিঙত অলিম্পিকত পদক লাভ কৰা তৃতীয়গৰাকী বক্সাৰ লাভলীনা ৷

বজৰংগ পুনীয়া: ব্ৰঞ্জ

যদিও বজৰং পুনীয়াই অলিম্পিকত স্বৰ্ণ জয়েৰে দেশৰ প্ৰথমগৰাকী মল্লযোদ্ধা হোৱাৰ সপোন সাৰ্থক কৰিব নোৱাৰিলে কিন্তু তেওঁ টকিঅ’ত ভাৰতৰ হৈ লাভ কৰিলে ব্ৰঞ্জৰ পদক ৷ সৰুৰে পৰা মল্লযুদ্ধৰ প্ৰতি আকৰ্ষিত আছিল বজৰংগ পুনীয়া ৷ আৰু নহবওনো কিয় মল্লযুদ্ধ তেওঁৰ তেজত আছে ৷ তেওঁৰ পিতৃ আৰু ডাঙৰ ককায়েকো মল্লযুঁজাৰু ৷

Tokyo Olympics 2020: The stars of India's best ever Olympic performance
বজৰংগ পুনীয়া

সৰুৰে পৰাই বজৰংগে যি বিচাৰিছিল সেয়া কেৱল আছিল ‘মল্লযুদ্ধ’ ৷ এবাৰ তেওঁ দংগলত নামিছিল ৷ সেই সময়ত তেওঁৰ ওজন আছিল 38 কেজি আৰু প্ৰতিযোগিতাখনি আছিল 60 কেজি শাখাৰ ৷

কিন্তু এই খেলখনতে নিজৰ বিৰোধীক ধৰাশায়ী কৰি নিজৰ লক্ষ্যৰ প্ৰমাণ দিছিল পুনীয়াই ৷

সেইসকল যাৰ বাবে টকিঅ’ত পদক লাভৰ সপোন কাষলৈ আহিও আঁতৰতে থাকি ৰ’ল:

ভাৰতীয় মহিলা হকী দল

2016ত ৰিঅ’ অলিম্পিকত শেষৰ স্থানত থকা ভাৰতীয় মহিলা হকী দলটোৱে টকিঅ’ত চতুৰ্থ স্থান দখলেৰে সুন্দৰ প্ৰত্যাৱৰ্তন কৰে ৷ যদিও দলটোৰ বাবে অলিম্পিকত প্ৰথমটো স্বৰ্ণ জয়ৰ সপোন আধৰুৱা হৈ ৰয় কিন্তু মহিলা হকী দলোটৱে পুনৰ এক নতুন আশাৰ সঞ্চাৰ কৰে দেশৰ ক্ৰীড়াপ্ৰেমীসকলৰ মনত ৷

Tokyo Olympics 2020: The stars of India's best ever Olympic performance
ভাৰতীয় মহিলা হকী দল

ধাৰাবাহিকভাৱে তিনিখনকৈ মেছত পৰাজিত হোৱা দলটোক সকলোৱে দুৰ্বল হিচাপে ধৰি লৈছিল ৷ কিন্তু আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা খেলখনত ৰাণী ৰামপাল আৰু নৱনিত কৌৰৰ প্ৰদৰ্শনে ভাৰতীয় মহিলা হকী দলটোৰ কোৱাৰ্টাৰ ফাইনেলৰ সপোনটো পুনৰ জাগ্ৰত কৰে ৷

দক্ষিণ আফ্ৰিকাক হৰুৱাই দলটোৱে কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান চূড়ান্ত কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছতে কোৱাৰ্টাৰ ফাইনেলত শক্তিশালী অষ্ট্ৰেলিয়াক পৰাজিত কৰি সকলোকে নিজৰ অস্তিত্ব উচ্চস্বৰে প্ৰকাশ কৰে দলটোৱে ৷

ছেমি ফাইনেলত পৰাজিত হ’লেও টকিঅ’ৰ প্ৰদৰ্শনেৰে দলোটোৱে ইতিহাসত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হ’ল ৷

দীপক পুনীয়া

ছেমি ফাইনেলৰ যুদ্ধত মাত্ৰ 10 ছেকেণ্ডৰ ব্যৱধানত পদকৰ লাভৰ সপোন সাৰ্থক কৰিবলৈ সক্ষম নহ’ল দীপক পুনীয়াই ৷ কিন্তু অলিম্পিকত অভিষেক কৰিয়ে ফ্ৰী-ষ্টাইলৰ 86 কেজি শাখাৰ ব্ৰঞ্জৰ প্লে-এফ (Play-Off) খেলখনত নিজৰ প্ৰতিভাৰ চমক দাঙি ধৰিবলৈ সক্ষম হয় 22 বৰ্ষীয় খেলুৱৈগৰাকীয়ে ৷

মল্লযুদ্ধ দীপকৰ বাবে পৰিয়াল পোহপাল দিয়া আৰু পৰিয়ালৰ সদস্যৰ বাবে আহাৰ যোগানৰ এটি পথহে আছিল ৷ কাৰণ এই খেলৰ দ্বাৰাই তেওঁ এটি চাকৰি যোগাৰ কৰিবলৈ সক্ষম হ’ব ৷ 2016 চনত তেওঁক ভাৰতীয় সেনাত চিপাহীৰ চাকৰি প্ৰদান কৰা হয় যদিও তেওঁক অলপতে সন্তুষ্ট নহৈ ডাঙৰ সপোন দেখিবলৈ উৎসাহিত কৰা হয় ৷

Tokyo Olympics 2020: The stars of India's best ever Olympic performance
দীপক পুনীয়া

পুনীয়াই দুবাৰৰ অলিম্পিক মেডেলিষ্ট সুশীল কুমাৰৰ উপদেশ গ্ৰহণ কৰে আৰু এই মল্লযুঁজত নিজকে আগুৱাই নিয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰে ৷

তেওঁ 2016 চনত World Cadet championৰ খিতাপ দখল কৰে আৰু 2019 চনত junior World খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ এই খিতাপ দখল কৰা চতুৰ্থগৰাকী ভাৰতীয় হ’ল দীপক পুনীয়া ৷

আদিতী অশোক

আদিতী অশোকে সমগ্ৰ দেশৰে কল্পনা দখল কৰে যেতিয়া ক্ৰীড়াপ্ৰেমী সকলে গ’ল্ফ চাবলৈ বাবে নিজ নিজ টিভি ৰিমোট হাতত তুলি লয় আৰু খেলবিধক অনুধাৱনৰ চেষ্টা কৰে ৷

Tokyo Olympics 2020: The stars of India's best ever Olympic performance
আদিতী অশোক

সমগ্ৰ বিশ্বৰ গ’ল্ফ খেলুৱৈসকলৰ তালিকাত 200 নম্বৰ স্থানত থকা বেংগালুৰুৰ খেলুৱৈগৰাকীয়ে অলিম্পিকত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈসকলক প্ৰত্যাহ্বান জনায় ৷ ইমান দূৰ আগবঢ়ি আহিও অলিম্পকত পদক জয়ৰ সপোন আধাতে সমাপ্ত হয় 23 বৰ্ষীয় খেলুৱৈগৰাকীৰ যেতিয়া তেওঁ চতুৰ্থ স্থানত এই যাত্ৰা সমাপ্ত কৰিবলগীয়া হয় ৷

5 বছৰ বয়সৰ পৰাই গ’ল্ফ খেলিবলৈ আৰম্ভ কৰিছিল আদিতীয়ে ৷ 2016ৰ ৰিঅ’ অলিম্পিকত 41 নম্বৰ স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছিল আদিতী ৷ ৰিঅ’ত সকলোতকৈ সৰু গ’ল্ফ খেলুৱৈ আছিল আদিতী ৷

ৰিঅ’ত তেওঁৰ কেডী (caddie) হিচাপে তেওঁৰ পিতৃ আছিল ইয়াৰ বিপৰীতে টকিঅ’ত আছিল তেওঁৰ মাতৃ ৷

লগতে পঢ়ক: Tokyo 2021: প্ৰথমটো স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.