ETV Bharat / sports

ডেভিচ কাপঃ ৫৫ বছৰৰ পাচত পাকিস্তান ভ্ৰমণ কৰিব ভাৰতে

author img

By

Published : Jul 28, 2019, 11:48 PM IST

ডেভিচ কাপঃ ৫৫ বছৰৰ পাকিস্তান ভ্ৰমণ কৰিব ভাৰতে

অহা ৫ আগষ্টৰ পৰা পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া ডেভিচ কাপৰ বাবে পাকিস্তান ভ্ৰমণলৈ যাব ভাৰতীয় ডেভিছ কাপৰ দল । অখিল ভাৰতীয় সন্থাই দেওবাৰে সদৰী কৰে এই কথা ।

স্পৰ্টছ ডেস্ক, ২৮ জুলাইঃ ৫৫ বছৰৰ পাচত ডেভিছ কাপৰ টাই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পাকিস্তান ভ্ৰমণলৈ যাব ভাৰতীয় ডেভিছ কাপৰ দল । এই প্ৰতিযোগিতা সন্দৰ্ভত এআইটিএৰ মহাসচিব হিৰণ্যময় চেটাৰ্জীয়ে উল্লেখ কৰে, এই প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰণ লাভ কৰিছো, এতিয়া ভিছাৰ কাম সম্পূৰ্ণ কৰাৰ পাচতেই পাকিস্তানলৈ ভ্ৰমণ কৰিব দলটোৱে । এই প্ৰতিযোগিতাৰ বাবে অহা পাঁচ আগষ্টৰ ভিতৰত দল ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিয়ে মহাসচিবগৰাকীয়ে ।

etv bharat
ডেভিচ কাপঃ ৫৫ বছৰৰ পাকিস্তান ভ্ৰমণ কৰিব ভাৰতে

ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে, ডেভিছ কাপ হৈছে টেনিছৰ বিশ্বকাপ সদৃশ । এই কাপত অংশগ্ৰহণ নকৰিলে হংকঙৰ দৰে জৰিমনাৰ সন্মুখীন হ'বলগীয়া হ'লহৈ বুলি উল্লেখ কৰে হিৰণ্যময় চেটাৰ্জীয়ে । অহা ১৪ আৰু ১৫ ছেপ্তেম্বৰত ইছলামাবাদত অনুষ্ঠিত হ'ব দুয়োখন দেশৰ মাজত মেচ ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯৬৪ চনত পাকিস্তানৰ ভ্ৰমণলৈ গৈছিল ভাৰতীয় দলটো । য'ত ৪-০ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় দলটোৱে ।


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.