ETV Bharat / sports

অষ্ট্ৰেলিয়ান অ’পেনঃ আজি ছেমিফাইনেলত ফেডেৰৰ বনাম জ’ক’ভিজ

author img

By

Published : Jan 30, 2020, 8:49 AM IST

Updated : Jan 30, 2020, 9:34 AM IST

অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত আজি মুখামুখি হ’ব দুই টেনিছ তাৰকা ৰ’জাৰ ফেডেৰৰ আৰু ন’বাক জ’ক’ভিজ ৷

ফেডেৰৰ বনাম জ’ক’জিজ
ফেডেৰৰ বনাম জ’ক’জিজ

স্পৰ্টছ ডেস্ক, 30 জানুৱাৰীঃ অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত আজি মুখামুখি হ’ব ছুইটজাৰলেণ্ডৰ ৰ’জাৰ ফেডেৰৰ আৰু ছাৰ্বিয়াৰ ন’বাক জ’ক’ভিজ ৷ মঙলবাৰে এক শ্বাসৰুদ্ধকাৰী মেচত 7 টা মেচ পইণ্ট ৰক্ষা কৰি ছেমিফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয় ফেডেৰৰে ৷ ছয়বাৰৰ চেম্পিয়ন ফেডেৰৰে টেনিয়েছ চেণ্ডগ্ৰীনক 6-3, 2-6, 2-6, 7-6(10/8), 6-3 ছেটত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷ 15 বাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনৰ অন্তিম চাৰিত প্ৰেৱশ কৰিবলৈ সক্ষম হোৱা ফেডেৰৰে আজি মুখামুখি হ’ব ন’বাক জকভিজৰ ৷

ইপিনে কানাডাৰ মিলোছ ৰায়োনিচক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰেৱশ কৰিবলৈ সক্ষম হৈছিল জ’ক’ভিজে ৷ বিশ্বৰ দুই নম্বৰ খেলুৱৈগৰাকীয়ে ৰায়োনিচক 6-4, 6-3, 7-6 ত পৰাস্ত কৰি এই সফলতা অৰ্জন কৰে ৷

বৰ্তমানলৈকে ফেডেৰৰ আৰু জ’ক’ভিজ দুয়ো খেলুৱৈয়ে 49 খন মেচত অৱতীৰ্ণ হৈছে ৷ য’ত জ’ক’ভিজে 26 খন আৰু ফেডেৰৰে 23 খন মেচত জয় লাভ কৰিবলৈ সক্ষম হয় ৷

Intro:Body:

AUSTRALIA OPEN FEDERER VS DJOKOVIC


Conclusion:
Last Updated :Jan 30, 2020, 9:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.