ETV Bharat / sports

ছুপাৰ অ'ভাৰৰ জৰিয়তে ভাৰতৰ টি-20 শৃংখলা দখল

author img

By

Published : Jan 29, 2020, 5:27 PM IST

নিউজিলেণ্ডৰ মাটিত টি-20 শৃংখলা দখল ভাৰতীয় দলৰ ৷ ছুপাৰ অ'ভাৰৰ জৰিয়তে নিউজিলেণ্ডক পৰাস্ত কৰিলে ভাৰতে ৷

ভাৰত বনাম নিউজিলেণ্ড
ছুপাৰ অ'ভাৰত জয়ী ভাৰত

স্পৰ্টছ ডেস্ক, 29 জানুৱাৰী : নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় টি-20 মেচত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিলে ভাৰতীয় দলে ৷ ছুপাৰ অ'ভাৰৰ জৰিয়তে নিউজিলেণ্ডক পৰাজিত কৰি টি-20 শৃংখলা দখল কৰিলে ভাৰতীয় দলে ৷ ইয়াৰ জৰিয়তে পাঁচখনীয়া শৃংখলাত 3-0 ব্যৱধানতো অগ্ৰগতি লাভ কৰে দলটোৱে ৷

নিউজিলেণ্ড
অধিনায়ক কেন উইলিয়ামছন

প্ৰথমে বেটিং কৰি ভাৰতীয় দলে 5 টা উইকেট হেৰুৱাই 179 ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মাই সৰ্বাধিক 64 ৰাণ সংগ্ৰহ কৰাৰ লগতে বিৰাট কোহলীয়ে সংগ্ৰহ কৰে 38 ৰাণ ৷ আনহাতে, কে. এল. ৰাহুলে সংগ্ৰহ কৰে 27 ৰাণ ৷

ইয়াৰ পাচতে নিউজিলেণ্ডৰ হৈ বেটিং কৰিবলৈ নামি অধিনায়ক কেন উইলিয়ামছনে কেৱল 48 টা বলতে 95 ৰাণৰ ইনিংছ গঢ়ে ৷ তেওঁৰ উপৰি মাৰ্টিন গুপটিলে সংগ্ৰহ কৰে 31 ৰাণ ৷ কিন্তু দলটোৱে জয়ৰ বাবে প্ৰয়োজনীয় 180 ৰাণৰ লক্ষ্য অনুসৰণ কৰি 6 উইকেটৰ বিনিময়ত 179 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাত মেচখন ড্ৰ'ত সমাপ্ত হয় আৰু ছুপাৰ অ'ভাৰ ঘোষণা কৰা হয় ৷

টি-20 শৃংখলা
ভাৰতৰ হাতত পৰাস্ত নিউজিলেণ্ড

আনহাতে, ভাৰতৰ বলাৰ মহম্মদ ছামী আৰু শাৰদুল ঠাকুৰে 2 টাকৈ উইকেট দখল কৰাৰ পৰিৱৰ্তে নিউজিলেণ্ডৰ হৈ হামিছ বেনেটে 3 টা উইকেট দখল কৰে ৷

ছুপাৰ অ'ভাৰত প্ৰথমে বেটিং কৰি নিউজিলেণ্ড দলে 17 ৰাণ সংগ্ৰহ কৰে৷ নিউজিলেণ্ডৰ হৈ কেন উইলিয়ামছন আৰু গুপটিলে ছুপাৰ অ'ভাৰত বেটিং কৰে ৷ জয়ৰ বাবে প্ৰয়োজনীয় 18 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰোহিত শৰ্মাই অন্তিম বলত এটা ছয় কোবাই দলক জয় প্ৰদান কৰে ৷ ছুপাৰ অ'ভাৰত ৰোহিত শৰ্মাৰ সৈতে কে. এল. ৰাহুলে বেটিঙত নামে ৷

মেচৰ অন্তত ৰোহিত শৰ্মাক 'মেন অৱ দা মেচ'ৰ সন্মান প্ৰদান কৰা হয় ৷

আৰু পঢ়ক : তৃতীয় এদিনীয়া : টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত নিউজিলেণ্ডৰ

Intro:Body:Conclusion:

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.