ETV Bharat / sports

Tokyo Paralympics : আন এটি স্বৰ্ণ জয়ৰ স্বপ্ন আধৰুৱা অৱনী লেখাৰাৰ

author img

By

Published : Sep 1, 2021, 10:42 AM IST

Tokyo Paralympics: Avani fails to qualify for Mixed Air Rifle Prone final
Tokyo Paralympics: আন এটি স্বৰ্ণ জয়ৰ স্বপ্ন আধৰুৱা অৱনি লেখাৰাৰ

দ্বিতীয়টো স্বৰ্ণ পদক যোগ কৰাৰ সপোন আধৰুৱা হৈ ৰ’ল অৱনী লেখাৰাৰ ৷ Mixed 10m Air Rifle Prone SH1 ৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ অসমৰ্থ হ’ল খেলুৱৈগৰাকী ৷

স্প’ৰ্টছ ডেস্ক, 1 ছেপ্তেম্বৰ : পেৰালিম্পিকত স্বৰ্ণ পদকৰ তালিকাত দ্বিতীয়টো পদক যোগ কৰাৰ সপোন আধৰুৱা হৈ ৰ’ল অৱনী লেখাৰাৰ ৷ মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল SH1 ত স্বৰ্ণ জয়ৰ বিপৰীতে Mixed 10m Air Rifle Prone SH1 ৰ qualification মেছত 27 নম্বৰ স্থানতে স্তব্ধ হৈ ৰ’বলগীয়া হয় 19 বৰ্ষীয় খেলুৱৈগৰাকী ৷

অৱনীয়ে কোৱালিফায়িং ৰাউণ্ডত 629.7 পইণ্টত সীমাৱদ্ধ থাকে ৷ ইয়াৰ বিপৰীতে দক্ষিণ কোৰিয়াৰ পাৰ্ক জিন হোৱে 638.9 স্কোৰেৰে এক নতুন পেৰালিম্পিক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ৷ 635.4 পইণ্টৰে তৃতীয় স্থান অৰ্জন কৰে জাৰ্মানীৰ নাটাশা হিট্ৰ’পে ৷ এই প্ৰতিযোগিতাখনিত তিনিগৰাকী ভাৰতীয়ৰ ভিতৰতে শ্ৰেষ্ঠ স্থানত আছে অৱনী ৷ ইয়াৰ বিপৰীতে আন দুগৰাকী শ্বুটাৰ ক্ৰমে সিদ্ধাৰ্থ বাবু আৰু দীপকে 40 আৰু 43 নম্বৰ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় ৷

Mixed 10m Air Rifle Prone SH1 প্ৰতিযোগিতাখনি বিশেষ কঠিন নহয় ৷ গতিকে দেখা যায় যে, ভাৰতীয় শ্বুটাৰসকলে শীৰ্ষৰ শ্বুটাৰসকলৰ সৈতে সম প্ৰতিযোগিতা আগবঢ়াবলৈ এতিয়াও সক্ষম হৈ উঠা নাই ৷ প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ আঠগৰাকী শ্বুটাৰে ফাইনেলত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক : Asian Youth Championship : বক্সিঙত 6 টা স্বৰ্ণ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.