ETV Bharat / sports

টকিঅ' অলিম্পিক:১২ জুলাইত জাপানলৈ যাব আইঅ'চিৰ সভাপতি

author img

By

Published : May 21, 2021, 2:23 PM IST

IOC President Bach
১২ জুলাইত জাপানলৈ যাব আইঅ'চিৰ সভাপতি

টকিঅ' অলিম্পিক গেমছ আৰম্ভ হোৱাৰ ১১ দিন আগতে ১২ জুলাইত জাপানত উপস্থিত হ'ব আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ'চি) সভাপতি থমাছ বাখ । ১৭ মে'ত জাপান ভ্ৰমণ কৰি হিৰোছিমাত অলিম্পিক টৰ্চ ৰিলেত বাখ উপস্থিত থকাৰ কথা আছিল, কিন্তু জাপানত কৰ'ণা পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ বাবে তেওঁৰ ভ্ৰমণ বাতিল কৰা হৈছিল ।

স্পৰ্টছ ডেস্ক, ২১ মে': টকিঅ' অলিম্পিককলৈ জল্পনা কল্পনা চলি থকাৰ মাজতে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ'চি) বিশেষ ঘোষণা । টকিঅ' অলিম্পিক গেমছ আৰম্ভ হোৱাৰ ১১ দিন আগতে ১২ জুলাইত জাপানত উপস্থিত হ'ব আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ'চি) সভাপতি থমাছ বাখ ।

ইফালে আইঅ'চিৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশিত এখন পত্ৰত টকিঅ' গেমছৰ বাবে আইঅ'চিৰ সমন্বয় আয়োগৰ মুৰব্বী আইঅ'চিৰ উপ-সভাপতি জন কোটছে কয় যে ১৫ জুনত তেওঁ টকিঅ'ত উপস্থিত হ'ব আৰু পূৰ্বৰ পৰা থকা বিশেষ দলটোত যোগদান কৰিব । লগতে ১২ জুলাইত সভাপতি থমাছ বাখ উপস্থিত হোৱাৰ পিছতে খেলৰ সময়সূচীৰ বিচাৰ কৰা হ'ব । পত্ৰখন খেলুৱৈ, পৃষ্ঠপোষক, আইঅ'চি সদস্য, ৰাষ্ট্ৰীয় অলিম্পিক সমিতি (এনঅ'চি) আৰু আন্তঃৰাষ্ট্ৰীয় ফেডাৰেচনসমূহলৈ সম্বোধন কৰা হৈছিল ।

কোটছে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ'চি) সভাপতি থমাছ বাখ , টকিঅ' ২০২০ আয়োজক সমিতিৰ সভাপতি চেইকো হাচিমোটো, টকিঅ'ৰ গভৰ্ণৰ য়ুৰিকো কইকে আৰু জাপানৰ অলিম্পিক মন্ত্ৰী তামায়ো মাৰুকাৱাৰ প্ৰতিশ্ৰুতি পুনৰ উল্লেখ কৰি কয় যে স্থগিত কৰা খেলসমূহ সুৰক্ষিত উপায়েৰে অনুসূচী অনুসৰি অনুষ্ঠিত কৰা হ'ব ।

ইফালে ১৭ মে'ত জাপান ভ্ৰমণ কৰি হিৰোছিমাত অলিম্পিক টৰ্চ ৰিলেত বাখ উপস্থিত থকাৰ কথা আছিল, কিন্তু জাপানত কৰ'ণা পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ বাবে তেওঁৰ ভ্ৰমণ বাতিল কৰা হৈছিল ।

কোটছে লগতে উল্লেখ কৰে যে গ্ৰীষ্মকালত বিশ্ববাসীৰ দৃষ্টি তেওঁলোকৰ ওপৰত আৰু জাপানৰ ওপৰত নিবদ্ধ থাকিব । তেওঁ লগতে কয় যে খেলবোৰ সুৰক্ষিতভাৱে আয়োজন কৰাৰ বাবে যথাসাধ্য চেষ্টা কৰাৰ বাবে অলিম্পিক আন্দোলন হিচাপে তেওঁলোকৰ বাধ্যবাধকতা আছে কিয়নো যাতে এই অলিম্পিক আৰু পেৰালিম্পিক গেমছবোৰে আন্ধাৰৰ মাজতো পোহৰ বিলাব পাৰে ।

লগতে পঢ়ক:পুণেৰ এএছআইত অলিম্পিকৰ প্ৰশিক্ষণ ল’ব মেৰীকমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.