ETV Bharat / sports

হতাশাগ্ৰস্ত মল্লযোদ্ধাক সান্ত্বনা প্ৰিয়ংকা গান্ধীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 5:11 PM IST

Priyanka Gandhi met Sakshi Malik
হতাশাগ্ৰস্ত মল্লযোদ্ধাক সান্ত্বনা প্ৰিয়ংকা গান্ধীৰ

Priyanka Gandhi met Wrestlers: সঞ্জয় সিঙক ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি নিৰ্বাচিত কৰাৰ পাছতে সাক্ষী মালিকে অৱসৰ ঘোষণা কৰে । একেদৰে ক্ষোভিত বজৰং পুনিয়াইও পদ্মশ্ৰী বঁটা ঘূৰাই দিয়ে । সভাপতি নিৰ্বাচনক লৈ অসন্তুষ্ট মল্লযোদ্ধাৰ কাষত থিয় দিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী । মল্লযোদ্ধাসকলক প্ৰৱঞ্চনা কৰা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা গান্ধীৰ ।

স্পৰ্টছ ডেস্ক,২৩ ডিচেম্বৰ : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি হিচাপে ব্ৰীজভূষণ চৰণ সিঙৰ শিবিৰৰে সঞ্জয় সিং নিৰ্বাচিত হোৱাৰ পাছতে মল্লযোদ্ধাসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইতিমধ্যে একাংশ মল্লযোদ্ধাই ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে । ভাৰতীয় মল্লযোদ্ধা সাক্ষী মালিকে ইতিমধ্যে অৱসৰ ঘোষণা কৰিছে । সমান্তৰালকৈ মল্লযোদ্ধা বজৰং পুনিয়াই তেওঁৰ পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছে ।

ইয়াৰ মাজতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই অলিম্পিয়ান মল্লযোদ্ধা সাক্ষী মালিকক সাক্ষাৎ কৰে আৰু তেওঁৰ সৈতে একাত্মতা প্ৰকাশ কৰে । লগতে প্ৰিয়ংকা গান্ধীয়ে ন্যায়ৰ বাবে তেওঁৰ যুঁজত সকলো ধৰণৰ সমৰ্থন আগবঢ়োৱাৰো আশ্বাস দিয়ে । শুকুৰবাৰে প্ৰিয়ংকা গান্ধী সাক্ষী মালিকৰ বাসগৃহত উপস্থিত হয় আৰু তেওঁৰ লগতে আন মল্লযোদ্ধাসকলকো সাক্ষাৎ কৰে ।

মল্লযোদ্ধাসকলক সাক্ষাতৰ পাছতে প্ৰিয়ংকা গান্ধীয়ে কয় যে সমগ্ৰ বিশ্বতে গৌৰৱ কঢ়িয়াই অনা মহিলা খেলুৱৈসকলে বিজেপি সাংসদ তথা পূৰ্বে ডব্লিউএফআইৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । কিন্তু বিজেপি চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু ইয়াৰ বিপৰীতে ভুক্তভোগীসকলক বিভিন্ন ধৰণে অত্যাচাৰ কৰে । প্ৰিয়ংকা গান্ধীৰ মতে বিজেপি এতিয়াও অভিযুক্তৰ কাষত আছে আৰু তেওঁক সকলো ধৰণে সমৰ্থন কৰিছে । দেশৰ মহিলাসকলে এই অত্যাচাৰ দেখিছে বুলি প্ৰিয়ংকা গান্ধীয়ে উদ্বেগ প্ৰকাশ কৰে ।

প্ৰিয়ংকা গান্ধীৰ মতে বজৰং পুনিয়া আৰু সাক্ষী মালিকৰ দৰে খেলুৱৈৰ অপমান কেৱল তেওঁলোকৰ অপমান নহয়, সমগ্ৰ দেশৰ অপমান । বিশ্বত ভাৰতৰ সন্মান বৃদ্ধি কৰা খেলুৱৈসকলে তেওঁলোকৰ নিজৰ চৰকাৰৰ সন্মুখত অসহায় হৈ পৰাটো লজ্জাজনক বুলিও তেওঁ উল্লেখ কৰে । প্ৰিয়ংকা গান্ধীয়ে দাবী কৰা মতে প্ৰধানমন্ত্ৰীয়ে অন্ততঃ এই ক্ষেত্ৰত নিজৰ অহংকাৰ ত্যাগ কৰিব লাগিছিল আৰু দেশক গৌৰৱান্বিত কৰা খেলুৱৈসকলক ন্যায়ৰ আশ্বাস দিব লাগিছিল ।

উল্লেখ্য যে ব্ৰীজ ভূষণ শৰণ সিঙৰ শিবিৰৰ সঞ্জয় সিঙক ডব্লিউএফআইৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ পাছতে শুকুৰবাৰে সন্ধিয়া বজৰং পুনিয়াই পদ্মশ্ৰী বঁটা ঘূৰাই দিবলৈ প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ যায় । য'ত তেওঁক দিল্লী আৰক্ষীয়ে বাধা দিয়ে । পুনিয়াই প্ৰতিবাদস্বৰূপে পদ্মশ্ৰী বঁটা পদপথত ৰাখে আৰু তাৰ পৰা উভতি যায় ।

লগতে পঢ়ক :মল্লযোদ্ধা বজৰং পুনিয়াই ঘূৰাই দিলে পদ্মশ্ৰী বঁটা; প্ৰধানমন্ত্ৰীলৈ বেদনা গধুৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.