ETV Bharat / sports

Thomas cup 2022 : থমাছ কাপৰ ফাইনেলত প্ৰথমবাৰৰ বাবে ভাৰত

author img

By

Published : May 14, 2022, 12:50 PM IST

Updated : May 14, 2022, 1:02 PM IST

Thomas cup 2022
পোন প্ৰথমবাৰৰ বাবে থমাছ কাপৰ ফাইনেলত ভাৰত

ভাৰতীয় ক্ৰীড়া ইতিহাসত প্ৰথমবাৰৰ বাবে থমাছ কাপৰ ফাইনেল খেলিব ভাৰতে (India in Thomas Cup final for the first time)। প্ৰতিযোগিতাৰ ছেমিফাইনেলত ডেনমাৰ্কৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয় । ১৯৭৯ চনৰ পাছত ছেমিফাইনেল অতিক্ৰম কৰিব পৰা নাছিল ভাৰতীয় বেডমিণ্টন দলে । ভাৰতীয় দলটোৰ এই বিজয়ত আনন্দিত দেশবাসী ।

স্পৰ্টছ ডেস্ক,১৪ মে' : ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ । প্ৰথমবাৰৰ বাবে থমাছ কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে (India in Thomas Cup final)। ভাৰতীয় পুৰুষৰ বেডমিণ্টন দলে এই ইতিহাস ৰচনা কৰিলে । থমাছ কাপৰ ছেমিফাইনেলত নিৰ্ণায়ক পঞ্চম খেলত ভাৰতৰ এইচ এছ প্ৰণয়ৰ সুন্দৰ প্ৰদৰ্শনৰ লগে লগে ডেনমাৰ্কৰ বিৰুদ্ধে ৩-২ পইণ্টত জয়ী হয় ভাৰত (HS Prannoy wins in Thomas cup)।

ভাৰতীয় খেলুৱৈৰ এনে প্ৰদৰ্শনত মন্ত্ৰমুগ্ধ ক্ৰীড়াপ্ৰেমী । ১৯৭৯ চনৰ পিছত কেতিয়াও ছেমিফাইনেল অতিক্ৰম কৰিব নোৱাৰা ভাৰতীয় দলটোৱে যুঁজাৰু মনোভাৱেৰে প্ৰদৰ্শন কৰি আহিছিল আৰু অৱশেষত ২০১৬ চনৰ থমাছ কাপ বিজয়ী দল ডেনমাৰ্কক পৰাস্ত কৰি এই ইতিহাস ৰচনা কৰিলে (India beat Denmark in Thomas Cup semifinal)। যদিও প্ৰতিযোগিতাখনত বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী কিদাম্বি শ্ৰীকান্ত আৰু বিশ্বৰ ৮ নম্বৰ ডাবলছ যুটি সতৱিকচাইৰাজ ৰঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে ভাৰতক অগ্ৰগতি দিছিল । কিন্তু ২-২ পইণ্টত টাই হোৱাৰ লগে লগে ৰণক্ষেত্ৰত অৱতৰণ কৰিছিল এইচ এছ প্ৰণয় ।

বিশ্বৰ ১৩ নম্বৰ ৰাচমুছ জেমকেৰ বিৰুদ্ধে প্ৰণয়ৰ খেলখন অতি উত্তেজনাপূৰ্ণ আছিল । কিয়নো খেলি থকাৰ মাজতে সন্মুখৰ কোৰ্টত পিছলি পৰাৰ পাছত গোৰোহাত আঘাত পাইছিল প্ৰণয়ে । কিন্তু সাধাৰণ চিকিৎসাৰ পাছত তেওঁ খেল অব্যাহত ৰাখিছিল ।

তেওঁ গোৰোহাৰ বিষত ভুগি থকা দেখা গৈছিল আৰু ক'ৰ্টত কিছু অসুবিধা পোৱা যেন অনুভৱ হৈছিল । কিন্তু সকলো প্ৰতিকূলতা নেওচি তেওঁ ইতিহাসত ভাৰতৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় । খেলখনত তেওঁ ১৩-২১, ২১-৯ ২১-১২ পইণ্টত জয়ী হয় ।

এইবাৰ ভাৰতে বিশ্বৰ অতি শক্তিশালী দল তথা ১৪ বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব । ইণ্ডোনেছিয়াই ছেমিফাইনেলত জাপানক ৩-২ পইণ্টত পৰাস্ত কৰিছে । ইফালে ভাৰতে ১৯৭৯ চনতে শেষবাৰৰ বাবে থমাছ কাপৰ ছেমিফাইনেললৈ অৱতীৰ্ণ হৈছিল ।

উল্লেখ্য যে ছেমিফাইনেলখন ভাৰতৰ বাবে সহজ নাছিল । তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে ভাৰতে ছেমিফাইনেলখনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । প্ৰথমে বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী লক্ষ্য সেন অৱতীৰ্ণ হয় যদিও ডেনমাৰ্কৰ খেলুৱৈ হাতত পৰাস্ত হ'বলগীয়া হয় ।

ইয়াৰ পাছত ৰেঙ্কিৰেড্ডী আৰু চেট্টীয়ে ভাৰতক জয়ৰ মুখ দেখুৱাবলৈ সক্ষম হয় । ইয়াৰ পৰৱৰ্তী খেলখনত বিশ্বৰ ১১ নম্বৰৰ শ্ৰীকান্ত আৰু বিশ্বৰ ৩ নম্বৰ এণ্ডাৰ্ছ এণ্টনছেনে দ্বিতীয় ছিংগলছত অৱতীৰ্ণ হয় আৰু ভাৰতীয় খেলুৱৈগৰাকীয়ে ২১-১৮ ১২-২১ ২১-১৫ পইণ্টত ভাৰতক ২-১ ৰ অগ্ৰগতি লাভ কৰে । ইয়াৰ পাছতে ভাৰতৰ কৃষ্ণ প্ৰসাদ গাৰাগা আৰু বিষ্ণুবৰ্ধন গৌড় পাঞ্জালাৰ দ্বিতীয়টো দ্বৈত সংমিশ্ৰণ ডেনমাৰ্কৰ এণ্ডাৰ্ছ স্কাৰুপ ৰাচমুছেন আৰু ফ্ৰেডৰিক চ'গাৰ্ডৰ সৈতে মুখামুখি হয় । এই খেলখনত ভাৰতীয় খেলুৱৈ পৰাস্ত হয় ।

ফলত ছেমিফাইনেল ২-২ পইণ্টত টাই হয় । এইবাৰ ভাৰতৰ উদ্ধাৰ কৰাৰ দায়িত্ব আহিল অভিজ্ঞ প্ৰণয়ৰ ওপৰত । প্ৰণয়ে ভাৰতীয়সকলৰ বিশ্বাস ৰাখিবলৈ সক্ষম হয় আৰু ডেনমাৰ্কৰ খেলুৱৈগৰাকীক পৰাস্ত কৰি ইতিহাস ৰচনা কৰে ।

লগতে পঢ়ক :Uber Cup 2022 : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় শ্বাৰ্টলাৰ পি ভি সিন্ধু বাহিনীৰ

Last Updated :May 14, 2022, 1:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.