ETV Bharat / sports

Tokyo Paralympics:ফাইনেলত কেনোইষ্ট প্ৰাচী যাদৱ

author img

By

Published : Sep 3, 2021, 10:54 AM IST

Tokyo Paralympics
ফাইনেলত কেনোইষ্ট প্ৰাচী যাদৱ

পেৰালিম্পিকত ভাৰতৰ পদকৰ তালিকাত সম্ভৱত আন এটা পদক যোগ হ'ব । তৃতীয় স্থান লাভ কৰি এগৰাকী ভাৰতীয়ই প্ৰৱেশ কৰিছে ফাইনেলত । কোন সেইগৰাকী খেলুৱৈ ?

স্পৰ্টছ ডেস্ক,৩ ছেপ্তেম্বৰ : টকিঅ' পেৰালিম্পিকত (Tokyo Paralympics) ভাৰতীয় খেলুৱৈয়ে পূৰ্বতকৈ বহু উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে । এতিয়ালৈ ১০ টাকৈ পদক লাভ কৰিছে ভাৰতীয় খেলুৱৈয়ে । পদকৰ সংখ্যা বৃদ্ধি কৰিবলৈও চেষ্টা অব্যাহত ৰাখিছে খেলুৱৈসকলে । এইবাৰ আন এটা পদক লাভৰ দিশে আগবাঢ়িছে ভাৰতীয় কেনোইষ্ট প্ৰাচী যাদৱ (canoeist Prachi Yadav) ।

শুকুৰবাৰে ছেমিফাইনেলত মহিলাৰ একক ২০০ মিটাৰ ভিএল২ ত তৃতীয় স্থান লাভ কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে ভাৰতীয় খেলুৱৈ প্ৰাচীয়ে । মধ্য প্ৰদেশৰ ভূপালৰ ২৬ বছৰীয়া প্ৰাচীৰ কঁকালৰ তলৰ অংশ অক্ষম । যাৰ বাবে শৰীৰৰ ওপৰ অংশ ব্যৱহাৰ কৰি নাও স্থানান্তৰ কৰে খেলুৱৈগৰাকীয়ে । প্ৰাচীয়ে ১ মিনিট ০৭.৩৯৭ ছেকেণ্ডত সমাপ্ত কৰি তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ।

গ্ৰেট ব্ৰিটেইনৰ জেনেট চিপিংটন (Jeanette Chippington) আৰু কানাডাৰ ব্ৰিয়ানা হেনেচিৰ (Brianna Hennessy) পাছতে তেওঁ গন্তব্য স্থানত উপনীত হয় । পূৰ্বতকৈ বহু পৰিমাণে উন্নত প্ৰদৰ্শনেৰে প্ৰাচীয়ে ১:১১.০৯৮ মিনিটত শেষ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল । প্ৰাচীয়ে হিট ১ ত চতুৰ্থ স্থান লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল ।

উল্লেখ্য যে, ২০১৯ চনত হাংগেৰীৰ চেগ্ৰেদত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত প্ৰাচীয়ে দশম স্থান লাভ কৰিছিল আৰু সেই সময়ত তেওঁৰ ৰেকৰ্ড আছিল ১:১৮.৩১ মিনিট । লক্ষণীয়ভাৱে ২০১৮ চনৰ পূৰ্বে প্ৰাচী এগৰাকী পেৰা চুইমিঙৰ (Para Swimming) খেলুৱৈ আছিল । পাছত তেওঁ কেনোয়িঙৰ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰে ।

প্ৰথমাৱস্থাত প্ৰাচীয়ে প্ৰশিক্ষক মায়াংক ঠাকুৰে ডিজাইন কৰা এখন নাৱত খেলৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল । ভূপালৰ এটা হ্ৰদত তেওঁ প্ৰশিক্ষণ আৰম্ভ কৰিছিল । খেলুৱৈগৰাকীয়ে শুকুৰবাৰে বিয়লি ভাগত ফাইনেল খেলত অৱতীৰ্ণ হ'ব ।

লগতে পঢ়ক :Tokyo Paralympics : কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অৰুণা তানৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.