ETV Bharat / sports

নেপালী পৰ্বতাৰোহীৰ নৱ অভিলেখঃ 7 মাহত 14 টাকৈ শৃংগ আৰোহণ

author img

By

Published : Oct 29, 2019, 7:13 PM IST

বিশ্বৰ 14 টাকৈ উচ্চ পৰ্বত শৃংগ আৰোহণ কৰি অভিলেখ সৃষ্টি নেপালী পৰ্বতাৰোহী নিৰ্মল পুৰ্জাৰ ৷ অভিলেখ সংখ্যক সময়ত চীনৰ পৰ্বত শৃংগ মাউণ্ট ঝিঝাপাংগমা আৰোহণ কৰে পৰ্বতাৰোহী গৰাকীয়ে ৷

নেপালী পৰ্বতাৰোহীৰ নৱ অভিলেখঃ 7 মাহত 14 টাকৈ শৃংগ আৰোহণ

নিউজ ডেস্ক,29 অক্টোবৰঃ নেপালী পৰ্বতাৰোহী নিৰ্মল পুৰ্জা ওৰফে 'নিম্চ দাই'য়ে কেৱল 7 মাহৰ ব্যৱধানত 14 টাকৈ পৰ্বত শৃংগ আৰোহণ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷


মংগলবাৰে পুৱা পুৰ্জাই সফলতাৰে চীনৰ অন্যতম উচ্চ পৰ্বত শৃংগ মাউণ্ট ঝিঝাপাংগমা আৰোহণ কৰে ৷ উল্লেখ্য যে, বিগত 7 মাহ ধৰি পৰ্বতাৰোহীগৰাকীৰ আৰোহণ অভিযানৰ এইটোৱেই হৈছে অন্তিম আৰু 8000 মিটাৰ উৰ্ধৰ উচ্চতাৰ শৃংগ ৷


মংগলবাৰে পুৱা টুইটাৰযোগে নিজৰ সফলতাৰ কথা ব্যক্ত কৰে পৰ্বতাৰোহী গৰাকীয়ে ৷ এই সাফল্যক "MissionAchieved" বুলি অভিহিত কৰে পুৰ্জাই ৷


তেওঁ কৰা টুইট অনুসৰি পুৰ্জাই চীনৰ মাউণ্ট ঝিঝাপাংগমাৰ শিখৰত স্থানীয় সময়মতে পুৱা 8 বাজি 58 মিনিটত আৰোহণ কৰে ৷

অৱশ্যে পৰ্বতাৰোহীগৰাকীয়ে চীন চৰকাৰৰ পৰা ভিছা লাভ কৰাত কিছু পলম হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ নিৰ্ধাৰিত অভিযানৰ সময়সূচীৰ সালসলনি কৰিবলগীয়া হয় ৷

বৃটিছ নৌসেনা বাহিনীত গোৰ্খা বিশেষ বাহিনীৰ কমাণ্ডো অৱসৰপ্ৰাপ্ত নিৰ্মল পুৰ্জাই পৰ্বতাৰোহণৰ উক্ত অভিযান চলিত বৰ্ষৰ এপ্ৰিল মাহত আৰম্ভ কৰিছিল ৷


উল্লেখ্য যে, মাউণ্ট ঝিঝাপাংগমাৰ উপৰিও পুৰ্জাই নেপালতস্থিত মাউণ্ট এভাৰেষ্ট, কাঞ্চনজঙ্ঘা, লতচী, অন্নপূৰ্ণা, ঢাঔলাগিৰি, মানাচালু আৰু মাকালু এই বৰ্ষৰ এপ্ৰিলত আৰোহণ কৰাৰ লগতে পাকিস্তানত অৱস্থিত গডউইন অষ্টিন শৃংগও সফলতাৰে আৰোহণ কৰে ৷


বিশ্বৰ 14 টা উচ্চ পৰ্বত শৃংগ আৰোহণৰ ক্ষেত্ৰত পূৰ্বে এই অভিলেখৰ গৰাকী আছিল কোৰিয়াৰ পৰ্বতাৰোহী কিম-চেং-হু ৷ তেখেতেক এই অভিলেখ গঢ়িবৰ বাবে 8 বছৰৰ প্ৰয়োজন হৈছিল ৷

আৰু পঢ়ক 6 মাহৰ বাবে নিলম্বিত হ'ব পাৰে ছাকিব অল হাছান

Intro:Body:

নেপালী পৰ্বতাৰোহীৰ নৱ অভিলেখঃ 7 মাহত 14 টাকৈ শৃংগ আৰোহণ



বিশ্বৰ 14 টাকৈ উচ্চ পৰ্বত শৃংগ আৰোহণ কৰি অভিলেখ সৃষ্টি নেপালী পৰ্বতাৰোহী নিৰ্মল পুৰ্জাৰ ৷ অভিলেখ সংখ্যক সময়ত চীনৰ পৰ্বত শৃংগ মাউণ্ট ঝিঝাপাংগমা আৰোহণ কৰে পৰ্বতাৰোহী গৰাকীয়ে ৷ 



নিউজ ডেস্ক,29 অক্টোবৰঃ নেপালী পৰ্বতাৰোহী নিৰ্মল পুৰ্জা ওৰফে 'নিম্চ দাই'য়ে কেৱল 7 মাহৰ ব্যৱধানত 14 টাকৈ পৰ্বত শৃংগ আৰোহণ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ মংগলবাৰে পুৱা পুৰ্জাই সফলতাৰে চীনৰ অন্যতম উচ্চ পৰ্বত শৃংগ মাউণ্ট ঝিঝাপাংগমা আৰোহণ কৰে ৷ উল্লেখ্য যে বিগত 7 মাহ ধৰি পৰ্বতাৰোহীগৰাকীৰ আৰোহণ অভিযানৰ এইটোৱেই হৈছে অন্তিমটো শৃংগ আৰু 8000 মিটাৰ উচ্চতাৰ উৰ্ধৰ শৃংগ ৷



মংগলবাৰে পুৱা টুইটাৰযোগে নিজৰ সফলতাৰ কথা ব্যক্ত কৰে পৰ্বতাৰোহীগৰাকীয়ে ৷ এই সাফল্যক "MissionAchieved" বুলি অভিহিত কৰে পুৰ্জাই ৷ তেওঁ কৰা টুইটৰ অনুসৰি পুৰ্জাই চীনৰ মাউণ্ট ঝিঝাপাংগমাৰ শিখৰত স্থানীয় সময়মতে পুৱা 8 বাজি 58 মিনিটত আৰোহণ কৰে ৷ অৱশ্যে পৰ্বতাৰোহীগৰাকীয়ে চীন চৰকাৰৰ পৰা ভিছা লাভ কৰাত কিছু পলম হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ নিৰ্ধাৰিত অভিযানৰ সময়সূচীৰ সালসলনি কৰিবলগীয়া হয় ৷



বৃটিছ নৌসেনা বাহিনীৰ গোৰ্খা বিশেষ বাহিনীৰ অৱসৰপ্ৰাপ্ত কমাণ্ডো নিৰ্মল পু্ৰ্জাই পৰ্বতাৰোহণৰ উক্ত অভিযান চলিত বৰ্ষৰ এপ্ৰিল মাহত আৰম্ভ কৰিছিল ৷ উল্লেখ্য যে মাউণ্ট ঝিঝাপাংগমাৰ উপৰিও পুৰ্জাই নেপালতস্থিত মাউণ্ট এভাৰেষ্ট,কাঞ্চনজঙ্ঘা,লতচী,অন্নপূৰ্ণা,ঢাঔলাগিৰি,মানাচালু আৰু মাকালু এই বৰ্ষৰ এপ্ৰিলত আৰোহণ কৰাৰ লগতে পাকিস্তানত অৱস্থিত গডউইন অষ্টিন শৃংগও সফলতাৰে আৰোহণ কৰে ৷  বিশ্বৰ 14 টা উচ্চ পৰ্বত শৃংগ আৰোহণৰ ক্ষেত্ৰত পূৰ্বে এই অভিলেখৰ গৰাকী আছিল কোৰিয়াৰ পৰ্বতাৰোহী কিম-চেং-হু ৷ তেখেতেক এই অভিলেখ গঢ়িবৰ বাবে 8 বছৰৰ প্ৰয়োজন হৈছিল ৷


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.