ETV Bharat / sports

FIFA The Best Football Awards 2022: মেছিলৈ ফিফাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ বঁটা

author img

By

Published : Feb 28, 2023, 5:23 PM IST

FIFA The Best Football Awards 2022
মেছিলৈ ফিফাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ বঁটা

এইবাৰৰ শ্ৰেষ্ঠ ফিফা ফুটবল বঁটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ল লিঅ'নেল মেছিৰ (Messi won FIFA best player award)। শ্ৰেষ্ঠ পুৰুষ ফুটবলাৰৰ বঁটা লাভ কৰিলে মেছিয়ে । স্পেইনৰ এলেক্সিয়া পুটেলাছে লাভ কৰে শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ বঁটা । আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ'নেল স্কেলোনি আৰু চাৰিনা ৱিগমেনে লাভ কৰে শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা । শ্ৰেষ্ঠ গ'লকীপাৰ ইংলেণ্ডৰ মেৰী ইয়াৰ্পছ আৰু আৰ্জেণ্টিনাৰ এমিলিয়ানো মাৰ্টিনেজ ।

স্পৰ্টছ ডেস্ক,২৮ ফেব্ৰুৱাৰী : বিশ্বকাপ চেম্পিয়ন লিঅ'নেল মেছিয়ে পুনৰ এবাৰ কেলিয়ান এমবাপেক পিছ পেলাই ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটা লাভ কৰিবলৈ সক্ষম হ'ল (FIFA best man player awards to Messi)। আনহাতে শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ বঁটা একেৰাগে দ্বিতীয়বাৰৰ বাবে লাভ কৰে স্পেইনৰ এলেক্সিয়া পুটেলাছে (FIFA women best player to Alexia Putellas)।

বিগত বছৰ কাটাৰত এমবাপেৰ ফ্ৰান্সৰ বিৰুদ্ধে এখন ঐতিহাসিক ফাইনেলত আৰ্জেণ্টিনাই বিশ্বকাপৰ খিতাপ অৰ্জন কৰাৰ পাছতে শ্ৰেষ্ঠ খেলুৱৈৰ খিতানত মেছিয়ে এমবাপে আৰু কৰিম বেঞ্জেমাৰত কৈও অধিক ভোট লাভ কৰি ১৪ বছৰত সপ্তমবাৰৰ বাবে ফিফাৰ এই বিশেষ বঁটা লাভ কৰে ।

শ্ৰেষ্ঠ পুৰুষ ফুটবলাৰৰ বঁটা লাভ কৰাৰ পাচতে মেছিয়ে (Lionel Messi) কয় যে, এই বছৰটো তেওঁৰ বাবে এক উন্মাদেৰে ভৰা বছৰ আছিল । ইমান দিন ধৰি যুঁজ দিয়াৰ পাছত তেওঁ বিশ্বকাপ জয়ৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে আৰু এইবাৰ এই বঁটা লাভ কৰিলে । তেওঁৰ কেৰিয়াৰৰ এইটো আটাইতকৈ ধুনীয়া বস্তু বুলিও কয় মেছিয়ে । এয়া প্ৰতিগৰাকী খেলুৱৈৰ সপোন, কিন্তু খুব কম লোকেই ইয়াক লাভ কৰিবলৈ সক্ষম হয় । সেয়েহে তেওঁ ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে (Messi reacts after won best player award)।

ৰাষ্ট্ৰীয় দলৰ অধিনায়ক আৰু প্ৰশিক্ষকৰ এক পেনেলৰ দ্বাৰা ভোটদানত ৩ জন খেলুৱৈৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰা হয় । ইফালে ফিফাৰ ২১১ খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিখনৰ নিৰ্বাচিত সাংবাদিক লগতে অনলাইনযোগে অনুৰাগীসকলেও ভোটদান কৰে ।

যোৱা বিশ্বকাপত গোল্ডেন বুট লাভ কৰা এমবাপেকো (Kylian Mbappe) পৰাস্ত কৰি ৩৫ বছৰীয়া মেছিয়ে ফিফাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে । ফিফা বঁটা ভোটত মেছিয়ে লাভ কৰিছে ৫২ পইণ্ট, এমবাপে ৪৪ আৰু বেঞ্জেমাই ৩৪ পইণ্ট লাভ কৰিছে । ইফালে বিশ্ব মঞ্চত মেছিৰ উত্তৰাধিকাৰী হিচাপে বিবেচিত ২৪ বছৰীয়া এমবাপেয়ে প্ৰথমবাৰৰ বাবে তিনিজনীয়া চূড়ান্ত তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । তেওঁ ২০২৮ চনত এই বঁটাৰ বাবে ভোটদানত চতুৰ্থ স্থানত আছিল ।

আনহাতে, ৰিয়েল মাদ্ৰিদৰ তাৰকা বেঞ্জেমাই বিশ্বকাপৰ পূৰ্বে অক্টোবৰত সন্মানীয় বেলন ডি'অৰ সন্মান লাভ কৰিছিল । আগষ্টত ঘোষণা কৰা বেলন ডি'অৰ প্ৰাৰ্থীৰ দীঘলীয়া তালিকাত মেছি নাছিল । উল্লেখ্য যে, ৰবাৰ্ট লেভানডস্কিয়ে যোৱা দুবছৰত ফিফা বঁটা লাভ কৰিছিল আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোক এই বছৰ প্ৰথমবাৰৰ বাবে এই বঁটাৰ বাবে ১৪ জনীয়া খেলুৱৈৰ তালিকাৰ পৰা বাদ দিয়া হৈছে ।

মেছিয়ে ১৬ বাৰৰ বাবে পুৰুষৰ বিশ্ব শ্ৰেষ্ঠ একাদশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আৰু ৰোনাল্ডোৰ অভিলেখ ভংগ কৰিছে । তালিকাত বেলজিয়ামৰ থিবাউট কৰ্টোইছ, মৰক্কোৰ আচৰাফ হাকিমি, পৰ্তুগালৰ জোৱাও কেঞ্চেলো, ডাচ্চমেন ভাৰ্জিল ভান ডিজক, বেলজিয়ামৰ কেভিন ডি ব্ৰুইন, ক্ৰোৱেছিয়াৰ লুকা মড্ৰিক, ব্ৰাজিলৰ কেচেমিৰো, নৰৱেৰ এৰলিং হালেণ্ড আৰু ফ্ৰান্সৰ এমবাপে আৰু বেঞ্জেমা অন্তৰ্ভুক্ত আছিল ।

ইফালে স্পেইনৰ পুটেলাছে (Alexia Putellas) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এলেক্স মৰ্গান আৰু বেথ মীডক পৰাস্ত কৰি শ্ৰেষ্ঠ মহিলা ফুটবলাৰৰ বঁটা লাভ কৰে । পুটেলাছে যোৱা ছিজনত আটাইকেইখন প্ৰতিযোগিতাতে ৩০ টাৰ অধিক গ'ল কৰিছিল । সমান্তৰালকৈ আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ'নেল স্কেলোনিয়ে লাভ কৰে ফিফাৰ বছৰটোৰ শ্ৰেষ্ঠ পুৰুষ প্ৰশিক্ষকৰ বঁটা (FIFA best man coach 2022)। মহিলা প্ৰশিক্ষকৰ বঁটা চাৰিনা ৱিগমেনে লাভ কৰে (Sarina Wiegman won best woman coach)।

পুৰুষ প্ৰশিক্ষকৰ চূড়ান্ত তালিকাত থকা আন প্ৰশিক্ষকসকল আছিল ৰিয়েল মাদ্ৰিদৰ কাৰ্লো আন্চেলোটি আৰু মানচেষ্টাৰ চিটিৰ পেপ গুয়াৰ্দিওলা । আনহাতে শ্ৰেষ্ঠ মহিলা গ'লকীপাৰৰ বঁটা লাভ কৰে ইংলেণ্ডৰ ইউৰো বিজয়ী মেৰী ইয়াৰ্পছে (Mary Earps)। শ্ৰেষ্ঠ পুৰুষ গ'লকীপাৰৰ বঁটা লাভ কৰে আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী এমিলিয়ানো মাৰ্টিনেজে (FIFA best goalkeeper award)।

লগতে পঢ়ক :Border Gavaskar Trophy : পেট কামিন্সে অধিনাকত্ব ত্যাগ কৰাটো বিচাৰে ইয়ান হিলিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.