ETV Bharat / sports

Border Gavaskar Trophy : পেট কামিন্সে অধিনাকত্ব ত্যাগ কৰাটো বিচাৰে ইয়ান হিলিয়ে

author img

By

Published : Feb 24, 2023, 8:47 PM IST

ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী চলি থকাৰ মাজতে অষ্ট্ৰেলিয়া দলৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে (Question over Pat Cummins captaincy)। পেট কামিন্সে অধিনায়কত্ব ত্যাগ কৰাটো বিচাৰিছে প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ইয়ান হিলিয়ে । বিশেষ অসুবিধাৰ বাবে পেট কামিন্সে ভাৰতৰ বিৰুদ্ধে তৃতীয়খন টেষ্ট খেলিব নোৱাৰিব ।

Border Gavaskar Trophy
পেট কামিন্সে অধিনাকত্ব ত্যাগ কৰাটো বিচাৰে ইয়ান হিলিয়ে

স্পৰ্টছ ডেস্ক,২৪ ফেব্ৰুৱাৰী : ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ দুৰ্বল প্ৰদৰ্শনে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Border Gavaskar trophy)। ইফালে ট্ৰফীৰ প্ৰথম দুখন টেষ্টত অষ্ট্ৰেলিয়া পৰাজয়ৰ পাচতে দলৰ অধিনায়ক পেট কামিন্সৰ যোগ্যতাক লৈও প্ৰশ্ন উঠিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেটকীপাৰ ইয়ান হিলিয়ে (Question over Pat Cummins captaincy)।

প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ইয়ান হিলিয়ে পেট কামিন্সক অধিনায়কত্বৰ বোজা পৰিহাৰ কৰি কেৱল তেওঁৰ দ্ৰুত বলিঙৰ দক্ষতাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে । টেষ্ট অধিনায়কৰ দায়িত্ব ত্যাগ কৰিবলৈ তেওঁ পেট কামিন্সক আহ্বান জনাইছে (Ian Healy wants Pat Cummins to leave captaincy)। ২০২১ চনৰ নৱেম্বৰত কামিন্সক অষ্ট্ৰেলিয়াৰ টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল আৰু যোৱা বছৰৰ শেষৰ ফালে এৰন ফিঞ্চে অৱসৰ লোৱাৰ সময়ত তেওঁক এদিনীয়াৰ অধিনায়কৰো দায়িত্ব দিয়া হৈছিল ।

উল্লেখ্য যে, পেট কামিন্স টেষ্ট ফৰ্মেটৰ সৰ্বশ্ৰেষ্ঠ বলাৰো আছিল । অৱশ্যে শেহতীয়াকৈ ইংলেণ্ডৰ জেমছ এণ্ডাৰছনে তেওঁক অতিক্ৰম কৰে (Test cricket best bowler)।

পাৰিবাৰিক সমস্যাৰ বাবে ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত ভাৰতৰ বিৰুদ্ধে তৃতীয় ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট তেওঁ খেলিব নোৱাৰিব । প্ৰাক্তন ক্ৰিকেটাৰ ইয়ান হিলিয়ে কয় যে, তেওঁ ইমান দীঘলীয়া সময়ৰ বাবে অধিনায়কত্বৰ বোজা বহন কৰাটো তেওঁ নিবিচাৰে । সেয়ে তেওঁ এই দায়িত্ব ত্যাগ কৰিব লাগে (Ian Healy on Pat Cummins captaincy)।

শুকুৰবাৰে ৰেডিঅ' অনুষ্ঠানত হিলিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এতিয়ালৈকে, বলিঙৰ কেৰিয়াৰত কামিন্স গড় ২১.৫০ৰ সৈতে টেষ্ট ক্ৰিকেটত ২০০ ৰো অধিক উইকেট লোৱা সৰ্বশ্ৰেষ্ঠ অষ্ট্ৰেলিয়ান বলাৰ (Pat Cummins record)। একেদৰে তেওঁৰ ষ্ট্ৰাইক ৰেট ৪৭.২ । অৱশ্যে কামিন্সৰ পাচত দলৰ কোন অধিনায়ক হ'ব লাগে বুলি সোধাত হিলিয়ে কয় যে বাওঁহাতীয়া বেটছমেন ট্ৰেভিছ হেড এগৰাকী উপযুক্ত খেলুৱৈ ।

হিলিয়ে ভাবে যে ট্ৰেভিছ হেড ইয়াৰ বাবে সক্ষম হ'ব । ২১ বছৰীয়া হেডে দক্ষিণ অষ্ট্ৰেলিয়াক নেতৃত্ব দি আহিছে । যথেষ্ট অভিজ্ঞতাও আছে । সেয়ে হিলিৰ মতে হেড উপযুক্ত হ'ব । তেওঁ লগতে কয় পৰৱৰ্তী পচন্দ গ্লেন মেক্সৱেলো হ'ব পাৰে । কিন্তু ট্ৰেভিছ হেডৰ বাহিৰে দীঘলীয়া ফৰ্মেটৰ বাবে আন কোনো খেলুৱৈ তেওঁ ভাবিব নোৱাৰে ।

লগতে পঢ়ক :Border Gavaskar trophy 2023 : অপ্ৰতিৰোধ্য ৰোহিত বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.