ETV Bharat / sports

ৰোহন বোপান্না আৰু স্মৃতি মন্ধানালৈ অৰ্জুন বঁটা

author img

By

Published : Jul 17, 2019, 1:46 PM IST

ৰোহন বোপান্না আৰু স্মৃতি মন্ধানালৈ অৰ্জুন বঁটা

বোপান্না আৰু স্মৃতি মন্ধানাক অৰ্জুন বঁটা প্ৰদান কৰে ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজুয়ে ৷ মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত দুয়োগৰাকী খেলুৱৈক এই বঁটা প্ৰদান কৰা হয় ৷

স্পৰ্টছ ডেস্ক, 17 জুলাই : মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত টেনিছ তাৰকা ৰোহন বোপান্না আৰু মহিলা ক্ৰিকেটাৰ স্মৃতি মন্ধানাক অৰ্জুন বঁটা প্ৰদান কৰে ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজুয়ে ৷ উল্লেখ্য যে, আন্তৰাষ্ট্ৰীয় টুৰ্ণামেন্টত অংশগ্ৰহণ কৰাৰ বাবে বিদেশত থাকিব লগা হোৱা খেলুৱৈ দুগৰাকীয়ে যোৱা বছৰৰ ছেপ্তেম্বৰ মাহৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল ৷

ETV BHARAT ASSAM
স্মৃতি মন্ধানা

এছিয়ান গেমছ, 2018 ত পুৰুষৰ ডাবলছ শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱাৰ বাবে বোপান্নাক অৰ্জুন সন্মানেৰে বিভূষিত কৰা হৈছিল ৷ অন্যহাতে, 2018 বৰ্ষৰ আইচিচি 'প্লেয়াৰ অৱ দা ইয়েৰ' সন্মান লাভ কৰা মন্ধানাই যোৱা বছৰত 12 খন এদিনীয়াত 669 ৰাণ সংগ্ৰহ কৰাৰ লগতে 25 খন টি - 20 মেচত 622 ৰাণ সংগ্ৰহ কৰিছিল ৷

ETV BHARAT ASSAM
ৰোহন বোপান্না

এই বঁটা প্ৰদানৰ পাছতে দুয়োগৰাকী খেলুৱৈয়ে ক্ৰীড়া তথা দেশৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে প্ৰশংসা আগবঢ়াই ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুয়ে ৷

HIMA DAS REQUESTS PEOPLE TO CONTRIBUTE IN ASSAM FLOOD RELIEF FUND

অসমলৈ বান সাহাৰ্য আগবঢ়াবলৈ আহ্বান হিমা দাসৰ 

SOURCE - ANI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.