ETV Bharat / sports

Asian Games 2023 : দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে আজি ৰিঙত নামিব অসমকন্যা লাভলীনা, আব্যাহত আশা-প্ৰত্যাশা

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 11:28 AM IST

Updated : Sep 30, 2023, 12:31 PM IST

Asian Games 2023
আজি ৰিঙত নামিব অসমকন্যা লাভলীনা

এছিয়ান গেমছ 2023 ত শনিবাৰে জয়ৰ লক্ষ্যৰে ৰিঙত নামিব অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাই আৰু মিৰাবাই চানুৱে ৷ ভাৰতে বৰ্তমান পৰ্যন্ত যথেষ্ট উন্নত প্ৰদৰ্শন দেখুৱাই থকা 19 সংখ্যক এছিয়ান গেমছৰ আজিৰ দিনটোক লৈ দেশবাসীৰ বাঢ়িছে আশা-প্ৰত্যাশা ৷

দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে আজি ৰিঙত নামিব অসমকন্যা লাভলীনা

সৰুপথাৰ, 30 ছেপ্টেম্বৰ: চীনত অনুষ্ঠিত এছিয়ান গেমছত পদক জয়ৰ লক্ষ্যৰে শনিবাৰে ৰিঙত নামিব অসমকন্যা লাভলীনা বৰগোহাঁই । কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ চুইয়ন চেয়ঙৰ বিৰুদ্ধে ভাৰতীয় সময় অনুসৰি দুপৰীয়া 12 বাজি 15 মিনিটত 75 কেজি শাখাত বক্সিং ৰিঙত নামিব গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়াৰী লাভলীনা বৰগোহাঁয়ে । উল্লেখযোগ্য যে এছিয়ান গেমছত পদক নিশ্চত হোৱাৰ লগে লগে অসমকন্যা গৰাকীয়ে যোগ্যতা অৰ্জন কৰিব 2024 ৰ পেৰিছ অলিম্পিকলৈ । আনহাতে লাভলিনাকলৈ আশাবাদী দেশবাসীৰ লগতে গৃহ চহৰ গোলাঘাটৰ বৰপথাৰবাসী ।

শনিবাৰে স্কোয়াছত স্বৰ্ণ পদক লাভ কৰাৰ বাবে ভাৰতীয় খেলুৱৈৰ পৰা সম্পূৰ্ণ আশা কৰা হৈছে । স্কোয়াছত পুৰুষৰ দলে পাকিস্তানৰ বিৰুদ্ধে খেলিব । শনিবাৰে মহিলাৰ 49 কেজি ওজন উত্তোলন মেচত অলিম্পিক পদক বিজয়ী মিৰাবাই চানুৰ উপৰিও মহিলাৰ 55 কেজি ওজন উত্তোলন মেচতো দেখা যাব বিন্দ্যাৰাণী দেৱীক ।

ইয়াৰ উপৰিও শনিবাৰে টেনিছ মিক্সড ডাবলছৰ ফাইনেলত ৰোহন বোপান্না আৰু ৰুতুজা ভোছালেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, আনহাতে ভাৰতীয় পুৰুষৰ হকী দলে পাকিস্তানৰ সৈতে গ্ৰুপ পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিব । ইফালে ভাৰতীয় পুৰুষৰ বেডমিণ্টন দলে ৰিপাব্লিক অৱ কোৰিয়াৰ বিৰুদ্ধে চূড়ান্ত খেল খেলিব । আজিও 400 মিটাৰ দৌৰৰ ফাইনেল দৌৰত অনুষ্ঠিত হ’ব ।

19 সংখ্যক গেমছৰ 7 ম দিনটোচ ভাৰতে 16 টা ইভেণ্টত অংশগ্ৰহণ কৰিছে, যিবোৰ হ’ল এথলেটিকছ, বেডমিণ্টন, বাস্কেটবল, বক্সিং, ব্ৰীজ, চেছ, চাইকেলিং, ই-স্প’ৰ্টছ, গ’ল্ফ, হেণ্ডবল, হকী, শ্বুটিং, স্কোয়াছ, ছুইমিং, টেবুল টেনিছ, আৰু টেনিছ ।

গৌৰৱৰ বিষয় যে, চীনৰ হাংঝুত চলি থকা এছিয়ান গেমছ 2023 ত ভাৰতীয় খেলুৱৈসকলে উজ্জ্বল প্ৰদৰ্শন অব্যাহত ৰাখিছে । 19 সংখ্যক এছিয়ান গেমছৰ ষষ্ঠ দিনৰ শেষলৈকে ভাৰতে 33 টা পদক লাভ কৰিছে । ভাৰতীয় খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰতে এতিয়ালৈকে 8 টা স্বৰ্ণ, 12 টা ৰূপ আৰু 13 টা ব্ৰঞ্জৰ পদক লাভ কৰিছে । 30 ছেপ্টেম্বৰৰ সপ্তম দিনটোতো বহুত পদক আহিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক: ASIAN GAMES 2023: 72 বছৰৰ পাচত শ্বট পুটত পদক জয় কৰি দেশলৈ সন্মান কঢ়িয়ালে কিৰণ বালিয়ানে

Last Updated :Sep 30, 2023, 12:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.