ETV Bharat / sports

French Open 2022: নাডালৰ হাতত পৰাস্ত বিশ্বৰ ১ নম্বৰ খেলুৱৈ নোভাক জকোভিচ

author img

By

Published : Jun 1, 2022, 10:17 AM IST

Updated : Jun 1, 2022, 11:32 AM IST

১৩ বাৰৰ চেম্পিয়ন ৰাফেল নাডালে পৰাস্ত কৰিলে নোভাক জকোভিচক (Rafael Nadal beats Novak Djokovic at French Open)। ইয়াৰ লগে লগে ফ্ৰেঞ্চ অপেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে খেলুৱৈগৰাকী । গ্ৰেণ্ড শ্লেমৰ সংখ্যা বৃদ্ধি কৰাৰ আশা ভংগ জকোভিচৰ ।

French Open
নাডালৰ হাতত পৰাস্ত বিশ্বৰ ১ নম্বৰ খেলুৱৈ নোভাক জকোভিচ

স্পৰ্টছ ডেস্ক,১ জুন : ফ্ৰেঞ্চ অপেনৰ ছেমিফাইনলত প্ৰৱেশ কৰিলে ১৩ বাৰৰ চেম্পিয়ন ৰাফেল নাডালে । মঙলবাৰে এক শ্বাসৰূদ্ধকৰ খেলত বিশ্বৰ ১ নম্বৰ টেনিছ তাৰকা নোভাক জকোভিচক ৬-২, ৪-৬, ৬-২, ৭-৬ পইণ্টত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে নাডালে (Rafael Nadal defeats Novak Djokovic at French Open)। শুকুৰবাৰে ছেমি ফাইনেলত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভৰ মুখামুখি হ'ব নাডাল (Nadal enters French open semi finals)।

নাডালৰ এই বিজয়ৰ লগে লগে এতিয়া তেওঁৰ অনুৰাগীসকলৰ মাজত ব্যাপত উৎসাহ দেখিবলৈ পোৱা গৈছে । খেলখনত দুয়োগৰাকী তাৰকাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দী হোৱা দেখা গৈছিল । প্ৰথম ৰাউণ্ডত নাডালে খেলখন নিজৰ নামত ৰাখিছিল যদিও দ্বিতীয় ৰাউণ্ডত জকোভিচে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় । অৱশ্যে পৰৱৰ্তী দুটা ৰাউণ্ডত পুনৰ শক্তিশালী ৰূপত দেখা যায় নাডালক ।

ইফালে জকোভিচে তেওঁৰ গ্ৰেণ্ড শ্লেমৰ সংখ্যা ২১ লৈ বৃদ্ধি কৰিব বিচাৰিছিল (Total grand slam of Novak Djokovic)। কিন্তু সেয়া সফল নহ'ল । তেওঁৰ বৰ্তমান গ্ৰেণ্ড শ্লেমৰ সংখ্যা ২০ । নাডালে ইতিমধ্যে ২১ টা গ্ৰেণ্ড শ্লেম নিজৰ দখলত ৰাখিছে ।

জকোভিচে যোৱা বছৰ নাডালক পৰাস্ত কৰি ফ্ৰেঞ্চ অপেনৰ চেম্পিয়ন হৈছিল । ইফালে নাডালক কিং অৱ ক্লে বুলি জনা যায় কিয়নো তেওঁ ফ্ৰেঞ্চ অপেন সৰ্বাধিক বাৰ জয়ী হৈছে আৰু কেৱল তিনিবাৰ হে নিজৰ হাতৰ পৰা গৈছে এই প্ৰতিযোগিতা । লক্ষণীয়ভাৱে সেই তিনিবাৰৰ দুবাৰতে জয়ী হৈছিল জকোভিচ ।

নাডালে বিগত বছৰ ছেমি ফাইনেলত জকোভিচৰ হাতত চাৰিওটা ছেটতে পৰাজিত হৈছিল । যদিহে জকোভিচে ফ্ৰেঞ্চ অপেন ২০২২ত জয়ী হ'লহেঁতেন, তেওঁ নিজৰে অভিলেখ ভংগ কৰি ৩ টা কেৰিয়াৰ গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰা অপেন যুগৰ প্ৰথমজন ব্যক্তি হ'লহেঁতেন । অৱশ্যে নাডালে তেওঁৰ আশাত চেঁচা পানী ঢালিলে ।

ইফালে নাডালক এইবছৰ সম্পূৰ্ণ ফৰ্মত দেখা গৈছে । এইবছৰ তেওঁ অষ্ট্ৰেলিয়ান অপেনো নিজৰ নামত কৰিছে (Nadal won the Australian Open 2022)। অনুৰাগীৰ মতে ফ্ৰেঞ্চ অপেনো নিজৰ নামত কৰিবলৈ সক্ষম হ'ব নাডাল ।

লগতে পঢ়ক :IPL 2022 final : আত্মপ্ৰকাশ কৰিয়ে বিজয়ৰ মুকুট পিন্ধিলে গুজৰাট টাইটানছে

Last Updated : Jun 1, 2022, 11:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.