IPL 2022 final : আত্মপ্ৰকাশ কৰিয়ে বিজয়ৰ মুকুট পিন্ধিলে গুজৰাট টাইটানছে

IPL 2022 final : আত্মপ্ৰকাশ কৰিয়ে বিজয়ৰ মুকুট পিন্ধিলে গুজৰাট টাইটানছে
হাৰ্ডিক পাণ্ডিয়া নেতৃত্বাধীন টীম গুজৰাট টাইটানছে চলিত ছিজনৰ আইপিএল মেচত আত্মপ্ৰকাশ কৰিয়েই বিজয়ৰ মুকুট পৰিধান(Gujarat Titans complete dream debut with IPL title) কৰিবলৈ সক্ষম হয় ৷ গুজৰাটৰ শক্তিশালী বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৰাজস্থান ৰয়েলছৰ বেটিং বিপৰ্যয় ঘটে, যাৰ ফলত পৰাজয়ৰ সন্মুখীন হয় ৷ দলটোৱে 9 টা উইকেটত মাত্ৰ 130 ৰাণ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ গুজৰাটৰ হৈ শুভমন গিল আৰু ডেভিড মিলাৰে ক্ৰমান্বয়ে 45 আৰু 32 ৰাণৰ ইনিংছ খেলি অপৰাজিত হৈ দলক জয়ৰ সোৱাদ দিয়ে ৷
স্প’ৰ্টছ ডেস্ক, 30 মে’ : চলিত শৃংখলাৰ আইপিএল(IPL 2022 final) ৰ দেওবাৰে অনুষ্ঠিত ফাইনেল মেচত বিজয়ীৰ হাঁহি মাৰে হাৰ্ডিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট টাইটানছে ৷ চলিত ছিজনত আত্মপ্ৰকাশ কৰিয়েই দলটোৱে এই খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ বিপক্ষৰ টীম ৰাজস্থান ৰয়েলছৰ হৈ দলটোৱে সাত উইকেটৰ বিনিময়ত জয় লাভ কৰিবলৈ সক্ষম হয় ৷
-
.@gujarat_titans - The #TATAIPL 2022 Champions! 👏 👏 🏆 👍
— IndianPremierLeague (@IPL) May 29, 2022
The @hardikpandya7-led unit, in their maiden IPL season, clinch the title on their home ground - the Narendra Modi Stadium, Ahmedabad. 🙌🙌 @GCAMotera
A round of applause for the spirited @rajasthanroyals! 👏 👏 #GTvRR pic.twitter.com/LfIpmP4m2f
অধিনায়ক হাৰ্ডিক পাণ্ডিয়াৰ (3/17) নেতৃত্বাধীন গুজৰাট টাইটানছৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপৰ্যয় ঘটে ৰাজস্থানৰ ৷ দলটোৱে 9 টা উইকেটৰ বিনিময়ত মাত্ৰ 130 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, গুজৰাটৰ হৈ শুভমন গিল আৰু ডেভিদ মিলাৰে ক্ৰমে 45 আৰু 32 ৰাণ সংগ্ৰহেৰে অপৰাজিত হৈ দলক জয়ৰ সোৱাদ দিয়ে ৷
প্ৰথমে বেটিং কৰি ৰাজস্থানে দলটোক এটা সুন্দৰ আৰম্ভণি প্ৰদান কৰি আকৰ্ষণীয় কৰি তুলিছিল খেলখন ৷ প্ৰত্যুত্তৰত গুজৰাটে 18.1 অভাৰতে নিজৰ লক্ষ্যত উপনীত হয় ৷ গুজৰাট টাইটানছত কোনো তাৰকা খেলুৱৈ নথকা স্বত্বেও দলটোৱে নিজৰ সৰ্বোচ্চ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰে ৷
-
💬 💬 "It is the biggest achievement of your career."
— IndianPremierLeague (@IPL) May 29, 2022
Hear what winning the IPL title means for the @gujarat_titans' vice-captain @rashidkhan_19. 👍 👍#TATAIPL | #GTvRR pic.twitter.com/WwPY9fXTQ8
মিলাৰ আৰু ৰাহুল তেৱাটিয়াৰ উন্নত প্ৰদৰ্শনে দলটোক বিজয়ৰ দিশে আগবঢ়াই নিয়াত সহায় কৰে ৷ পাৱাৰপ্লে’ ত গুজৰাটে দুটা উইকেট হেৰুৱাই মাত্ৰ 31 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ দলটোৰ হৈ ঋদ্ধিমান সাহা (5) আৰু মেথিউ ৱেডে (8) ৰাণ সংগ্ৰহ কৰে ৷
লগতে চাওক: Champions League 2022 : ৰিয়েল মাদ্ৰিদে পুনৰ আঁজুৰি আনিলে চেম্পিয়নছ লীগৰ খিতাপ
