ETV Bharat / sports

অহা অলিম্পিকৰ বাবে ভিনেশ ফোগটক সাজু কৰিব দ্ৰোণাচাৰ্য মহাবীৰ সিং ফোগটে

author img

By

Published : Aug 5, 2021, 9:56 PM IST

বিদেশী প্ৰশিক্ষকৰ প্ৰশিক্ষণত তেওঁৰ আৰু বিশ্বাস নাই সেয়ে ব্যক্তিগতভাৱে ভিনেশক আগন্তুক অলিম্পিকত সোণৰ পদক জিকিবলৈ প্ৰশিক্ষণ দিব ভিনেশৰ খুৰাক তথা দ্ৰোণাচাৰ্য বঁটা লাভ কৰা মহাবীৰ সিং ফোগটে ।

Vinesh for next Olympic
অহা অলিম্পিকৰ বাবে ভিনেশ ফোগাটক সাজু কৰিব দ্ৰোণাচাৰ্য মহাবীৰ সিং ফোগাটে

স্পৰ্টছ ডেস্ক, ৫ আগষ্ট : ২০২০ ৰ টকিঅ' অলিম্পিকত (Tokyo Olympic) প্ৰথমখন খেলত জয়ী হোৱাৰ পাছতে কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছিল ভাৰতৰ মল্লযোদ্ধা ভিনেশ ফোগট (Vinesh Phogat) । কিন্তু দ্বিতীয়খন খেলত বেলাৰুছৰ ভানেছা কালাডজিনস্কায়াৰ (Vanesa Kaladzinskaya) হাতত পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় খেলুৱৈগৰাকী । লগে লগে অলিম্পিকত ভাৰতৰ হৈ সোণৰ পদক জয় কৰাৰ সপোন ভংগ হয় ভিনেশ ফোগটৰ ।

অৱশ্যে ব্ৰঞ্জৰ পদক লাভ কৰাৰ সুযোগ এতিয়াও আছে ফোগটৰ । কিন্তু এই পৰাজয়কলৈ অত্যন্ত দুখিত বিশ্বৰ এক নম্বৰ মল্লযোদ্ধা ফোগটৰ পৰিয়াল । ইটিভি ভাৰতৰ সৈতে এক বিশেষ বাৰ্তালাপত ভিনেশৰ পৰিয়ালে কয় যে, তেওঁলোক সোণৰ পদকৰ আশাত আছিল সেয়ে এতিয়া তেওঁ ব্ৰঞ্জ জিকিলেও সেয়া বেছি গুৰুত্বপূৰ্ণ নহ'ব ।

আনহাতে ভিনেশৰ খুৰাক তথা দ্ৰোণাচাৰ্য বঁটা লাভ কৰা মহাবীৰ সিং ফোগটে (Dronacharya awardee Mahavir Phogat) কয় যে বিদেশী প্ৰশিক্ষকৰ প্ৰশিক্ষণত তেওঁৰ আৰু বিশ্বাস নাই । সেয়ে ব্যক্তিগতভাৱে ভিনেশক আগন্তুক অলিম্পিকত সোণৰ পদক জিকিবলৈ প্ৰশিক্ষণ দিব মহাবীৰ সিঙ ফোগটে ।

লগতে পঢ়ক :Tokyo Olympics : জাৰ্মানীক হৰুৱাই ব্ৰঞ্জ দখল ভাৰতীয় পুৰুষ হকী দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.