Tokyo Olympics : জাৰ্মানীক হৰুৱাই ব্ৰঞ্জ দখল ভাৰতীয় পুৰুষ হকী দলৰ

author img

By

Published : Aug 5, 2021, 9:03 AM IST

Updated : Aug 5, 2021, 11:09 AM IST

indians mens hockey team get dream bronze medal

08:55 August 05

টকিঅ’ অলিম্পিক(Tokyo Olympics)ত বৃহস্পতিবাৰে ভাৰতীয় পুৰুষ হকী দল (Men's Hockey Team) লাভ কৰিলে ব্ৰঞ্জ (Bronze)ৰ পদক ৷ জাৰ্মানীক 5-4 গ’লৰ ব্যৱধানত হৰুৱাই জয়লাভ কৰে ভাৰতে ৷

স্প’ৰ্টছ ডেস্ক,5 আগষ্ট : 41 বছৰৰ মূৰত হকী (Hockey) খেলত ঐতিহাসিক জয়লাভ কৰিছে ভাৰতে ৷ চলিত টকিঅ’ অলিম্পিক (Tokyo Olympics)ত বৃহস্পতিবাৰে জাৰ্মানীক হৰুৱাই 5-4 গ’লৰ ব্যৱধানত বিজয়ী হৈ ব্ৰঞ্জ (Bronze)ৰ পদক লাভ ভাৰতীয় পুৰুষ হকী দল (Men's Hockey Team)য়ে ৷

খেলখনৰ দ্বিতীয় মিনিটত জাৰ্মান খেলুৱৈ তিমুৰ ওৰুজ (Timur Oruz)য়ে গ’ল (Goal) দি দলটোক 1-0 স্ক’ৰ (Score)ত ৰাখিবলৈ সক্ষম হৈছিল ৷ প্ৰথম কোৱাৰ্টাৰৰ অন্তত জাৰ্মানীয়ে অগ্ৰগতি লাভ কৰে যদিও দ্বিতীয় কোৱাৰ্টাৰৰ আৰম্ভণিতে ভাৰতীয় দলৰ চিমৰনজিৎ সিং (Simranjeet Singh)য়ে এটা সুন্দৰ গ’ল দিয়ে । এই লক্ষ্যৰ সৈতে ভাৰত আৰু জাৰ্মানীৰ স্ক’ৰ 1-1 হয় ৷ 

দ্বিতীয় কোৱাৰ্টাৰৰ 24 মিনিটত জাৰ্মানৰ বেনেডিক্টে গ’ল দি দলক 2-1 ব্যৱধানলৈ আগুৱাই লৈ যায় ৷ তাৰপাচত 25 মিনিটত আন এটা গ’ল দি জাৰ্মানীক 3-1 গ’লৰ অগ্ৰগতি প্ৰদান কৰে । একেটা কোৱাৰ্টাৰতে ভাৰতৰ হাৰ্ডিক সিং (Hardik Singh)য়ে গ’ল দি ভাৰতক 3-2 ব্যৱধানলৈ লৈ যায় ৷

ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰত্যাৱৰ্তন :

ভাৰত আৰু জাৰ্মানীৰ মাজত 3-3 ব্যৱধান থকাৰ সময়তে ভাৰতে এটা পেনাল্টি কৰ্ণাৰ এটা গ’ললৈ ৰূপান্তৰিত কৰে ৷ হৰমনপ্ৰীত সিং (Harman Preet Singh)য়ে পেনাল্টি কৰ্ণাৰটো এৰি দিয়া নাছিল । দ্বিতীয় কোৱাৰ্টাৰটো ভাৰতৰ নামত থাকে । দুয়োটা দল অৰ্ধ-সময়ত 3-3 গ’লৰ ব্যৱধানত টাই হয় ।

তৃতীয় কোৱাৰ্টাৰত ভাৰতে চতুৰ্থটো গ’ল দিয়ে ৷ ৰূপিন্দৰ পাল সিং (Rupinder Pal Singh)য়ে ভাৰতৰ হৈ গ’লটো দিয়ে । কোৱাৰাটাৰৰ 31 মিনিটত গ’লটো দিয়া হৈছিল । তাৰ পাচত চিমৰণজিৎ সিঙে 34 মিনিটত তেওঁৰ 5ম গ’লটো দি ভাৰতক ভাল স্থিতিত ৰাখে ৷

চতুৰ্থ কোৱাৰ্টাৰ :

ভাৰতে চতুৰ্থ কোৱাৰ্টাৰত 5-3 ব্যৱধানত প্ৰৱেশ কৰে ৷ ইয়াৰ মাজতে জাৰ্মানীয়ে এটা গ’ল কৰি জাৰ্মান দলটোৰ স্থিতি উন্নত কৰে৷ এই গ’লৰ সৈতে খেলখন ভাৰতৰ পক্ষত 5-4 ব্যৱধানত থাকে আৰু ভাৰতে জয়লাভ কৰে ৷ কিয়নো জাৰ্মানীয়ে ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 1-3 ব্যৱধানত পৰাজিত হৈছিল ৷  

লগতে পঢ়ক : টকিঅ' অলিম্পিক: প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতৰ Vinesh Phogat

Last Updated :Aug 5, 2021, 11:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.